গুৱাহাটী, 27 জানুৱাৰী : অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক বিপৰ্যয়ৰ মাজতো যেন কিছু উৎসাহ যোগায় গ‘ল ৷ এতিয়া লোকসভা নিৰ্বাচনত কংগ্ৰছ আৰু সহযোগী দলসমূহে অসমত কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব সেই লৈ ব্যাপক চৰ্চা চলি আছে ৷ তাৰ মাজতে এখন তালিকা বিশেষভাৱে চৰ্চালৈ আহিছে ৷ কংগ্ৰেছ বা বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ঘোষিত নহ’লেও যথেষ্ট গুৰুত্ব লভিছে এইখন তালিকাই ৷
এই তালিকা অনুসৰি- ডিব্ৰুগড় সমষ্টিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, যোৰহাটত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া, নৱগঠিত কাজিৰঙা সমষ্টিত কংগ্ৰেছৰ ৰ'জলীনা তিৰ্কী, নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ, গুৱাহাটীত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, দৰং-ওদালগুৰি সমষ্টিত কংগ্ৰেছৰ মাধৱ ৰাজবংশী, লখিমপুৰত শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা অথবা ৰাণী নৰহ, কোকৰাঝাৰত প্ৰবীণ বড়ো আৰু কাৰ্বি আংলঙত জয়ৰাম ইংলেঙৰ প্ৰাৰ্থিত্ব প্ৰায় ঠিৰাং হৈছে ৷
আনহাতে এইবাৰ নগাঁৱৰ পৰিৱৰ্তে বৰপেটা লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে ৷ বৰ্তমান বদৰুদ্দিন আজমল সাংসদৰূপে থকা ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনে লাভ কৰিব প্ৰাৰ্থিত্ব ৷ বৰাক উপত্যকাৰ কৰিমগঞ্জ লোকসভাত হাফিজ ৰছিদ আহমেদক প্ৰাৰ্থিত্ব দিব বুলি ঠিৰাং কৰা হৈছে ৷ আনহাতে তেজপুৰ আসনখনৰ বাবে তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰা নাইবা কংগ্ৰেছৰ পৱন সিং ঘটোৱাৰৰ নাম থিৰাং কৰিছে কংগ্ৰেছে ৷ বৰাকৰ শিলচৰ লোকসভা সমষ্টি তৃণমূল কংগ্ৰেছক দিবলৈ সহমতত উপনীত হৈছে বিৰোধী মিত্ৰজোঁট৷ বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ভিতৰুৱাভাৱে ক’ব খোজা হৈছে যে প্ৰায় নিশ্চিত এইখন তালিকা, কেৱল আনুষ্ঠানিকতাহে বাকী ৷ কিন্তু এইখন কোনো প্ৰকাশিত তালিকা নহয়, চৰ্চাৰ শীৰ্ষত থকা তালিকাহে ৷