অসম

assam

ETV Bharat / politics

গজদন্ত মিনাৰ চুইছেগৈ গৌৰৱৰ অহংকাৰে: হিয়া উজাৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে

বিৰোধী ঐক্য ভংগ- গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ দ্বন্দ্বৰ পৰিণাম । কংগ্ৰেছৰ বিহালীৰ প্ৰাৰ্থী জয়ন্ত বৰাক মাটিৰ দালাল আখ্যাৰে অখিলে সোঁৱৰালে কংগ্ৰেছৰ দিনৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ ।

ASSAM BYE ELECTION 2024
হিয়া উজাৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী : "কংগ্ৰেছে এক ঐতিহাসিক বিশ্বাসঘাতকতা কৰিছে ৷ এই বিশ্বাসঘাতকতা কেৱল বিৰোধীৰ ১৫ টা ৰাজনৈতিক দলৰ প্ৰতি বিশ্বাসঘাতকতা নহয় ৷ এয়া আদৰ্শ আৰু একতাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা ৷” কংগ্ৰেছৰ বিৰুদ্ধে এই সমালোচনা অখিল গগৈৰ ৷

কংগ্ৰেছে বিজেপি বিৰোধী উমৈহতীয়া মঞ্চক দৃষ্টিকটুভাৱে উপেক্ষা কৰি নিজাববীয়া প্ৰাৰ্থী বিহালীত প্ৰক্ষেপ কৰাৰ পিছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে হিয়া উজাৰি কংগ্ৰেছৰ প্ৰতি ক্ষোভ উজাৰিছে ।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (ETV Bharat Assam)

লগতে পঢ়ক:নাটকৰ যৱনিকা; বিহালীত কংগ্ৰেছে দিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব

গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ দ্বন্দ্বৰ পৰিণাম এয়া:

কংগ্ৰেছে বিহালীত প্ৰাৰ্থিত্ব দিয়া প্ৰসংগত বিৰোধী ঐক্যমঞ্চৰ পৰা কংগ্ৰেছ আঁতৰি যোৱা ঘটনা কংগ্ৰেছ আৰু আন মিত্ৰ দলৰ যে এয়া সংঘাত নহয সেই কথা স্পষ্ট কৰিলে অখিল গগৈয়ে । অখিল গগৈৰ মত, “বিৰোধীৰ একতাত ভাঙোন অহাৰ কাৰণ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ ক্ষমতাৰ যুঁজহে । অসমৰ ৰাইজে ভাবিছিল ২০২৬ত অসমত বিজেপি বিৰোধী, ফেঁচীবাদ বিৰোধী, সাম্প্ৰদায়িকতা বিৰোধী সকলো লগ লাগি চৰকাৰ গঠন কৰি বিজেপিক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব ৷ এই একতা স্থায়ী কৰা স্বাৰ্থত সকলোৱে মিলি উপ-নিৰ্বাচনত কংগ্ৰেছে ৪ খন আৰু আন মিত্ৰ দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিলো । কিন্তু দুৰ্ভাগ্যজনকভাৱে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ ক্ষমতাকেন্দ্ৰিক দ্বন্দ্বৰ বাবে উপ-নিৰ্বাচনত সেয়া নহ’লগৈ ।”

গজদন্ত মিনাৰ চুইছেগৈ গৌৰৱৰ অহংকাৰে:

অহংকাৰী আখ্যাৰে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে অখিল গগৈ । কংগ্ৰেছে বিৰোধীৰ ঐক্যমঞ্চক প্ৰত্যাখ্যান কৰাৰ পিছত গুৱাহাটীত অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আহ্বান কৰে এক জৰুৰী বৈঠক । এই বৈঠকত ভাগ লোৱাৰ পূৰ্বে অখিল গগৈয়ে মন্তব্য কৰে, “গৌৰৱ গগৈৰ অহংকাৰে গজদন্ত মিনাৰ চুইছেগৈ ৷ গৌৰৱ গগৈয়ে ভাবিলে- এই সময়তে তেওঁৰ প্ৰতিদ্বন্দ্বী ভূপেন বৰাক কোব শোধোৱাটো সম্ভৱ ৷ সেই কাৰণে কেৱল 'উইনিৱিনলিটি’ শব্দটো লৈ গৌৰৱ গগৈয়ে বিৰোধীৰ ঐক্যটো থানবান কৰি পেলালে ৷ সেই কাৰণে আমি কওঁ এয়া আমাৰ ঐক্যমঞ্চৰ সংঘাত নহয় । এয়া কংগ্ৰেছৰ ভিতৰৰ ক্ষমতাৰ খক ঘটোৱা দুৰ্ভাগ্যজনক ঘটনাহে ৷ গৌৰৱ গগৈ আৰু ভূপেন বৰা- কাৰ হাতত বেছি ক্ষমতা থাকিব তাৰ সংঘাত ৷”

লগতে পঢ়ক:অসমৰ স্বাৰ্থত আমাক কৰা অপমান সহ্য কৰিছোঁ : লুৰীণজ্যোতি গগৈ

কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা মাটিৰ দালাল:

কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে অখিল গগৈয়ে ৷ কংগ্ৰেছে বিহালীত প্ৰক্ষেপ কৰা প্ৰাৰ্থী জয়ন্ত বৰাৰ বিৰুদ্ধে মাটিৰ দালালৰ বিস্ফোৰক অভিযোগ অখিল গগৈৰ ৷ অখিল গগৈৰ মন্তব্য, “সকলোৱে জানে যে কংগ্ৰেছে বিহালীত যাক প্ৰাৰ্থিত্ব দিছে, তেওঁ দুদিন আগলৈকে বিজেপিত আছিল । এনেকুৱা নহয় যে তেওঁ অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক ইতিহাসত বৰ ডাঙৰ কিবা অৰিহণা আগবঢ়াই থৈছে ৷ বৰং তেওঁ এজন মাটিৰ দালাল ৷ এনেকুৱা নহয় যে তেওঁক কংগ্ৰেছে টিকট নিদিলে বৰ ডাঙৰ কথা হ’ব ৷ কেৱল কেইটামান টকা বেছি খৰচ কৰিব পাৰিব । ভোট কেইটামান বেছি পাব ৷ সেই কথাটো লৈয়েই গৌৰৱ গগৈয়ে কংগ্ৰেছত নিজৰ স্থানটো যাতে ওপৰলৈ নিব পাৰে তাৰ বাবেই এই বাজি লগাই দিলে ।”

অখিলে সোঁৱৰালে কংগ্ৰেছৰ দিনৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ:

বিজেপি বিৰোধী ঐক্যক কংগ্ৰেছে প্ৰত্যাখ্যান কৰাৰ বাবে একপ্ৰকৰে গৌৰৱ গগৈকে জগৰীয়া কৰিলে অখিল গগৈয়ে । সমালোচনাৰ মাজতে কংগ্ৰেছক ১৫ বছৰীয়া কংগ্ৰেছী শাসনৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ কথা সোঁৱৰাই দিলে অখিল গগৈয়ে ৷ অখিল গগৈয়ে ক’লে, “কংগ্ৰেছৰ দিনত অপশাসন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, সেই APSCৰ কেলেংকাৰী, উত্তৰ কাছাৰৰ ১০০০ কোটিৰ কেলেংকাৰী, লুই ৱাৰ্জাৰ, সাৰদা আদি কেলেংকাৰী বিলাক... ৷ আমি ভাবিছিলো কংগ্ৰেছে ১০ বছৰ ক্ষমতাত নাথাকি এইবিলাকৰ পৰা শিক্ষা লৈছে ৷ ক্ষমতালিপ্সাৰ পৰা আঁতৰি থাকি আমি ২০১৬ত এখন জনহিতৈষী বিজেপি বিৰোধী চৰকাৰ গঠন কৰিব পাৰিম ৷ লোকসভাত আমিয়েই পৰিৱেশটো অলপ ভাল কৰি দিছিলো । এতিয়া কংগ্ৰেছে মুখ্যমন্ত্ৰী কোন হ’ব তেওঁলোকে সেইটোক লৈয়েই বিৰোধীৰ ঐক্য ভাঙি পেলালে ৷ গোটেই ঘটনাটোৱেই ঘটিছে কংগ্ৰেছৰ আদৰ্শহীনতা আৰু ক্ষমতালিপ্সাৰ বাবে ৷” লগতে অখিল গগৈয়ে ক’লে, “আমি বিজেপিক ক্ষমতাৰ পৰা পৰাভূত কৰা লক্ষ্যৰ পৰা আঁতৰি নাযাও । আমি একতাত থকাৰ পক্ষত ৷ '২৬ত বিজেপিক হৰুওৱাৰ পক্ষত ৷”

লগতে পঢ়ক:হাৰিয়ানা নিৰ্বাচনৰ পৰা শিক্ষা নল'লে ২০২৬ ত অসমতো মুখ থেকেচা খাব কংগ্ৰেছে: অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details