গুৱাহাটী, ১৪ মে’ :লোকসভা নিৰ্বাচনৰ পিচত মন্ত্ৰীসভাৰ সালসলনি ঘটাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লোকসভা নিৰ্বাচনৰ পিচতে আহি আছে পঞ্চায়ত নিৰ্বাচনকে ধৰি একাধিক পৰিষদীয় নিৰ্বাচন । সলনি হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি । সালসলনি হ’ব বিজেপিৰ সাংগঠনিক দিশৰ । লোকসভা নিৰ্বাচনৰ অহা ৪ জুনত ফলাফলৰ পিচতেই অসমত শাসকীয় বিজেপিৰ ৰাজনৈতিক দৃশ্যপট সালসলনি হোৱাৰ সম্ভাৱনাই ব্যাপক চৰ্চা লাভ কৰিছে ।
অচিৰেই মন্ত্ৰীসভাৰ সালসলনি :
অসমৰ ১৪ টা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বৰাক উপত্যকাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল যে লোকসভা নিৰ্বাচনৰ পিচতেই হ’ব তেওঁৰ কেবিনেটৰ সাধাৰণ সালসলনি । বৰাক উপত্যকাৰ শিলচৰ লোকসভা আসনখনত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক কেন্দ্ৰ কৰিয়েই চৰ্চা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সালসলনিৰ । নিৰ্বাচনী বিশ্লেষকৰ মতে শিলচৰত পৰিমল শুক্লবৈদ্যৰ জয় প্ৰায় নিশ্চিত । তেওঁৰ জয়ৰ লগে লগে শৰ্মা মন্ত্ৰীসভাত খালী হ’ব মন্ত্ৰিত্বৰ এখন আসন । ইতিপূৰ্বে মন্ত্ৰীসভাত খালী আছে এজন মন্ত্ৰীৰ আসন ।
আনহাতে দেখা গৈছে যে পৰিমল শুক্লবৈদ্যই জয় লাভ কৰাৰ পিচত বৰাক উপত্যকা মন্ত্ৰীশূন্য হৈ পৰিব । সেয়ে বৰাকৰ পৰা এজন মন্ত্ৰী পুনৰ লোৱাটো অৱশ্যাম্ভী ৷ চৰ্চালৈ আহিছে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ নাম । আনহাতে উজনি অসমৰ পৰা এজনক বাদ দি আন এজনক মন্ত্ৰিত্ব দিব বুলি দিছপুৰত হিচাপ-নিকাচ চলিছে । সেই অনুসৰি বিধায়ক সুশান্ত বৰগোহাঁইৰ নাম নতুন মন্ত্ৰীসভাত সন্নিৱিষ্ট হ’ব বুলি চৰ্চা চলিছে ৷
আনহাতে বাদ পৰিব পাৰে মন্ত্ৰী যোগেন মহন ৷ লগতে চৰ্চা চলিছে যে ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা এইবাৰ পুনৰবাৰ মন্ত্ৰী হ’বলৈ মন মেলিছে । সেয়ে ফলাফলৰ পিচতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীও সালসলনি হ’ব বুলি চৰ্চা অব্যাহত আছে ।
ভৱেশ কলিতা মন্ত্ৰী হ’লে সভাপতি হ’ব কোন ?
সম্ভাব্য মন্ত্ৰীসভাৰ সালসলনিত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নাম চৰ্চালৈ অহাৰ লগে লগে প্ৰশ্ন উঠিছে যে তেতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি হ’ব কোন ? লোকসভা নিৰ্বাচনৰ পিচত এতিয়া শাৰীত আছে পঞ্চায়ত আৰু ১০১৬ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচন ৷ তাৰ আগতেই উজনি অসমৰ পৰা এজনক ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে দলটোৱে নিযুক্তি দিব পাৰে বুলি ব্যাপক চৰ্চা চলিছে ৷
হয় উজনি অসমৰ চাহ জনগোষ্ঠীয় এজন নেতা, নহয় আহোম জনগোষ্ঠীৰ এজন নেতাক সভাপতি পাতিব পাৰে বুলি চর্চা চলিছে ৷ যদিহে সুশান্ত বৰগোহাঁইক মন্ত্ৰীসভাত লয় তেন্তে বাদ পৰিব উজনি অসমক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী যোগেন মহন । সেয়ে যোগেন মহনক ৰাজ্যিক সভাপতিৰূপে দায়িত্ব দিয়াৰো সম্ভাৱনা চৰ্চিত হৈছে ৷
আনহাতে, এইবাৰ লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত ৰামেশ্বৰ তেলীৰ নামো এই প্ৰসংগত চৰ্চিত হৈছে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত তেলীৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব দিয়াৰ পিচত সোণোৱালৰ ৰাজ্যসভাৰ আসনখনত তেলীক বিজেপিয়ে নিৰ্বাচিত কৰিব বুলি বিজেপিৰ ভিতৰ চ’ৰাৰ নিশ্চিত তথ্য ।
ৰাজ্যসভালৈ পঠিওৱাৰ সমান্তৰালভাৱে ৰাজ্যিক সভাপতিৰূপে যোগেন মহনৰ লগতে চৰ্চিত হৈছে ৰামেশ্বৰ তেলীৰ নাম । ২০২৬ ৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰিক হ’ব বিজেপিৰ এইবাৰৰ ৰাজ্যিক সভাপতিৰ নিযুক্তি ৷ সেয়ে, হয় আহোম জনগোষ্ঠী নাইবা চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধিক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিব বুলি বিজেপিৰ দলীয় ৰাজনীতিৰ ব্যাপক চৰ্চা অব্যাহত আছে ।
হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সালসলনিৰ চৰ্চাৰ সমান্তৰালভাৱে নতুন ৰাজ্যিক সভাপতিৰ বাবেও যে বিজেপিত মন্থন চলিছে সেয়া লোকসভা নিৰ্বাচনৰ অসমত ভোটগ্ৰহণৰ পৰৱৰ্তী এক চৰ্চাৰ বিষয় হৈ পৰিছে এতিয়া । মন কৰিবলগীয়া যে এইবাৰ লোকসভা নিৰ্বাচনত উজনি অসমৰ ডিব্ৰুগড়-যোৰহাটত বাৰুকৈয়ে কষ্ট কৰিবলগীয়া হৈছে বিজেপিয়ে ৷ তেনে প্ৰেক্ষাপটৰ বিপৰীতে আহি আছে পঞ্চায়ত নিৰ্বাচন ৷ লগতে ২০২৫ চনৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’ব লাগিব বি টি আৰৰ নিৰ্বাচন । তাৰ ঠিক পিচতেই আহিব ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন ।
সেয়ে মন্ত্ৰীসভাৰ সালসলনি আৰু ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নিযুক্তি সিদ্ধান্ত যে নিৰ্বাচনী সমীকৰণ অনুসৰিহে বিজেপিয়ে ল’ব, নাইবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰণনীতি প্ৰস্তুত কৰিব সেয়া নিশ্চিত । ৪ জুনৰ ফলাফললৈ এতিয়া অপেক্ষা ৷
লগতে পঢ়ক:ব্যৰ্থতাৰ আঠ বছৰ ! আপে দাঙি ধৰিলে বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান