মৰাণ, 13 এপ্ৰিল: ‘আপ মানে সুৰা’ বুলি আম আদমী পাৰ্টীক কটাক্ষ মন্ত্ৰী বিমল বড়াৰ ৷ লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগেই ডিব্ৰুগড় লোকসভা সমষ্টিত গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ । প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত এজনৰ পাছত আন এজন হাই প্ৰফাইল নেতাই নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ।
শুকুৰবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিত উপস্থিত হয় পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷ আম আদমি পাৰ্টীৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে । পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত নিবাৰ্চনী প্ৰচাৰ চলোৱাৰ পাছতেই মৰাণৰ এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আপক তীব্ৰ সমালোচনা কৰে কেবিনেট মন্ত্ৰী বিমল বড়াই ।
এই সন্দৰ্ভত বড়াই কয়, "পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে অসমৰ বিহু চাব পাৰি নি তাকে চাবলৈ আহিছে ৷ যিজন আপ প্ৰাৰ্থী ডিব্ৰুগড়ৰ লোকসভাত উঠিছে তেওঁ প্ৰতিদিনে সন্ধিয়া 2000 টকাকৈ মদ বিলাইছে ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান সুৰাৰ লগত জড়িত ।"