গুৱাহাটী, ৪ ফেব্ৰুৱাৰী:"দুদিনীয়া অসম ভ্ৰমণ সামৰি উভতি যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰিপ'ৰ্ট কাৰ্ড বিচাৰিছে আপ, অসমে ৷ আপ অসমৰ সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । ২০১৪ ৰ পৰা যিমান প্ৰতিশ্ৰুতি দিলে সকলো ধোঁৱাচাঙত উঠিল । ১০ বছৰত অসমৰ কোনটো জ্বলন্ত সমস্যা সমাধা কৰিলে প্রধানমন্ত্রীয়ে ? এই প্ৰশ্ন উত্থাপন কৰিছে আপৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । অসমৰ ৰাইজক যোৱা ১০ বছৰত দিয়া কি কি প্ৰতিশ্ৰুতি পূৰণ কৰিলে তাৰ ৰিপ'ৰ্ট কাৰ্ড দিবলৈয়ো আহ্বান জনালে অসম আপে ৷
আজি অসমৰ বাবে কি কৰিব-নকৰিব সেই লৈ নিজৰ ভাষণত বিশেষ একো নক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ এই লৈ প্ৰধানমন্ত্ৰীক সমালোচনা কৰি ডাঃ ভবেন চৌধুৰী কয়, "নতুনকৈ কি কি কৰিব সেই লৈ ৰাইজক মিছা প্ৰতিশ্ৰুতি দিব নালাগে । আগৰ প্ৰতিশ্ৰুতিবোৰ পালন কৰিব নোৱাৰাৰ লাজতে হয়তো আজি অসমৰ বাবে কি কৰিব নকৰিব সেই লৈ বিশেষ একো নক'লে । তদুপৰি আজি-কালি মোদীৰ ভাষণ শুনি মানুহৰ আমনি লাগে । সেয়েহে আজি অসমৰ মানুহে টিভিত মোদীৰ ভাষণ নাই শুনা । অসমবাসীয়ে মোদীৰ মিছা কথাবোৰ শুনি শুনি জনা হৈছে মিছা কথা শুনি সময় অপব্যয় কৰা ঠিক নহয় ।"
উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন ৰাষ্ট্ৰীয় দলটোৰ অসমৰ নেতৃত্বই প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ইতিমধ্যেই উত্থাপন কৰিছে আঠটাকৈ প্ৰশ্ন ৷ প্ৰধানমন্ত্ৰীৰ অসম আগমনক লৈ আপ, অসমে প্রধানমন্ত্রীয়ে ২০১৫ চনতে ঘোষণা কৰিছিল যে অসমক বানমুক্ত কৰা হ'ব আৰু ইয়াৰ বাবে কেইবাহাজাৰ কোটি টকা মুকলি কৰি দিয়া হ'ব । কিন্তু আজিলৈকে অসমৰ বানপানীৰ সমস্যা সমাধান নহ'ল কিয় বুলি প্ৰশ্ন কৰিছে । অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু পাঁচগ্রাম কাগজ কল পুনৰুজ্জীৱিত কৰা হ'ব বুলি ঘোষণা কৰিছিল । ইয়াৰ পৰিৱৰ্তে কাগজ কল দুটাৰ মাটি, সম্পত্তি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিলে । ইয়াৰ কাৰণ কি বুলি আপে প্ৰশ্ন কৰে ।