হায়দৰাবাদ: 2025 চনৰ 7 জানুৱাৰীত ৱানপ্লাছে ভাৰতত নিজৰ ফ্লেগশ্বিপ লাইনআপৰ নতুন স্মাৰ্টফোন ছিৰিজ মুকলি কৰে, য’ত দুটা ফোন অন্তৰ্ভুক্ত কৰা হৈছে । এই ফোনসমূহ হৈছে OnePlus 13 আৰু OnePlus 13R । এই স্মাৰ্টফোনটোত বহুতো উন্নত ফিচাৰ আছে যেনে AI ফিচাৰ, Qualcomm Snapdragon 8 Elite chipset, new Silicon NanoStack battery ইত্যাদি । এই সকলোবোৰৰ বাহিৰেও OnePlus 13 ত আন এটা বিশেষ বৈশিষ্ট্য আছে, যিটোৰ বিষয়ে সমগ্ৰ দেশতে চৰ্চা চলি আছে । জিঅ’ৰ সৈতে সহযোগিতা কৰি ভাৰতত 5.5G (এডভান্সড 5G) নেটৱৰ্কৰ সুবিধা প্ৰদান কৰা ৱানপ্লাছ 13 ভাৰতৰ প্ৰথমটো ডিভাইচ হিচাপে পৰিগণিত হৈছে ।
এই ফোনটোৰ মুকলি অনুষ্ঠানৰ সময়ত ৱানপ্লাছৰ জ্যেষ্ঠ গ্ল’বেল পি আৰ মেনেজাৰ জেমছ পেটাৰছনে ব্যাখ্যা কৰে যে উন্নত 5.5G প্ৰযুক্তিয়ে ৱানপ্লাছ 13 ছিৰিজৰ ডিভাইচসমূহক একেলগে তিনিটা ভিন্ন নেটৱৰ্ক চেল (যিবোৰ বিভিন্ন টাৱাৰৰ পৰাও হ’ব পাৰে)ৰ সৈতে সংযোগ কৰিবলৈ অনুমতি দিয়ে । ই সংযোগ দ্ৰুত কৰে আৰু সামগ্ৰিক পৰিৱেশন উন্নত কৰে ।
5.5G নেটৱৰ্ক কি?
5.5G নেটৱৰ্কক 5G এডভান্সড বুলিও কোৱা হয় । ই হৈছে 5G প্ৰযুক্তিৰ পৰৱৰ্তী পদক্ষেপ । ই 5G ৰ তুলনাত উন্নত গতি, কম বিলম্ব, উন্নত নেটৱৰ্ক নিৰ্ভৰযোগ্যতা, সম্প্ৰসাৰিত সংযোগ আৰু সংহত বুদ্ধিমত্তাৰ দৰে নতুন বৈশিষ্ট্য প্ৰদান কৰে ।
5.5G ৰ বাণিজ্যিক ৰোলআউট আৰম্ভ হৈছিল ৰিলিজ 18 ৰ পৰা, যিটো এই উন্নত প্ৰযুক্তিৰ প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হয় । এৰিক্সনৰ পৰা পোৱা তথ্য অনুসৰি ইয়াৰ ভিত্তি হৈছে পূৰ্বৰ ৰিলীজ 15, 16 আৰু 17 আৰু ৰিলীজ 21 ৰ সৈতে আৰু অধিক উন্নত কৰা হ’ব ৷ যিটো 2028 চনৰ ভিতৰত প্ৰৱৰ্তন হোৱাৰ আশা কৰা হৈছে । এই প্ৰযুক্তি সহজ ভাষাত বুজিবলৈ হ’লে 5.5G নেটৱৰ্ক এটা পদক্ষেপ 5G নেটৱৰ্কৰ আগত, যিয়ে ব্যৱহাৰকাৰীসকলৰ নেটৱৰ্ক অভিজ্ঞতাক বহুত উন্নত কৰি তুলিব । এই নেটৱৰ্কৰ সুবিধাসমূহ হ'ল:
- 5.5G নেটৱৰ্ক বা 5G এডভান্সৰ সুবিধা
- 5.5G নেটৱৰ্কে ব্যৱহাৰকাৰীক 5Gতকৈ দ্ৰুত ইন্টাৰনেট গতি প্ৰদান কৰে
- 5.5G নেটৱৰ্কৰ সহায়ত ব্যৱহাৰকাৰীয়ে কম সময়ত ডাটা ট্ৰেন্সফাৰ কৰিব পাৰে
- 5.5G নেটৱৰ্কে 5Gতকৈ উন্নত সংযোগ আৰু নেটৱৰ্ক প্ৰদান কৰে
- 5.5G নেটৱৰ্কতো স্মাৰ্ট চফটৱেৰ ব্যৱহাৰ কৰা হ’ব, যাৰ বাবে নেটৱৰ্কটো পূৰ্বতকৈ অধিক বুদ্ধিমান হ’ব
- 5.5G নেটৱৰ্কৰ সহায়ত আপোনাৰ ফোনত সদায় উন্নত নেটৱৰ্ক থাকিব, আপুনি যি ঠাইতে নাথাকক কিয়