ETV Bharat / sports

ফুটবলপ্ৰেমীৰ বাবে সুখবৰ; শনিবাৰে গুৱাহাটীত দেখিব ISLৰ দুভৰিৰ যাদু - ISL MATCH IN GUWAHATI

‘‘ছেটাৰডে' ব্লকবাষ্টাৰ’’ৰ এখন ডাঙৰ মেচ মোহন বাগান ছুপাৰ জায়েণ্ট বনাম ইষ্ট বেংগল এফ চিৰ মেচখন শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হ'ব ।

ISL Match in Guwahati
প্ৰতিনিধিত্বমূলক ছবি (ANI)
author img

By ANI

Published : 11 hours ago

কলকাতা : গুৱাহাটীত আই এছ এলৰ মেচ । শনিবাৰে ফুটবলপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব গুৱাহাটীত আই এছ এলৰ দুভৰিৰ যাদু । মোহন বাগান ছুপাৰ জায়েণ্টে ঘোষণা কৰিছে যে ১১ জানুৱাৰীত পূৰ্বৰ সূচী অনুসৰি ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে কলকাতা ডাৰ্বিৰ মেচখন কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছে । ‘‘ছেটাৰডে' ব্লকবাষ্টাৰ ডাঙৰ মেচ এতিয়া গুৱাহাটীত অনুষ্ঠিত হ'ব । আপোনালোকক লগ পাম, মেৰিনাৰ্ছ ।" ক্লাবটোৱে এক বিবৃতিত কয় ।

উল্লেখ্য যে, মোহন বাগান এছ জিয়ে তেওঁলোকৰ শেহতীয়া দহখন মেচৰ ভিতৰত আঠখনত জয়লাভ কৰি ফৰ্মৰ তুংগত আছে আৰু শনিবাৰে কলকাতা ডাৰ্বিৰ মুখামুখি হ'ব । মেৰিনাৰ্ছ দলটোৱেও আই এছ এলত কেতিয়াও তেওঁলোকৰ নগৰীয়া প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হোৱা নাই আৰু সেই ধাৰা অব্যাহত ৰাখিব বিচাৰিব ।

অৱশ্যে মুখ্য প্ৰশিক্ষক অস্কাৰ ব্ৰুজনৰ আগমনৰ পিছত 'ৰেড এণ্ড গ'ল্ড' ব্ৰিগেডে ভাগ্যৰ পৰিৱৰ্তন দেখিছে আৰু তেওঁৰ অধীনত লীগত চাৰিখন মেচত জয়লাভ কৰিছে । ছিজনৰ আৰম্ভণিতে কলকাতা ডাৰ্বিl জোছ মলিনাৰ দলটো বিজয়ী হৈছিল আৰু তেওঁলোকৰ চিৰপ্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে তেওঁলোকৰ শক্তিশালী অভিলেখ আগবঢ়াই নিবলৈ যত্নপৰ হ'ব ।

এই মাহত ইষ্ট বেংগল এফ চিৰ বাবে মেচৰ সূচীবোৰ কঠিন হৈ পৰিছে । দলটোৱে ফৰ্মৰ তুংগত থকা এফ চি গোৱাৰ মুখামুখি হ'ব । এই দলটোৱে আই এছ এলত তেওঁলোকক পাঁচবাৰ পৰাজিত কৰিছে ৷ কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ (কে বি এফ চি) বিৰুদ্ধে মেচ আৰু মুম্বাই চিটি এফ চিৰ সৈতে পুনৰ মুখামুখিয়ে তেওঁলোকৰ সমস্যা বৃদ্ধি কৰিব । যদিও ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিৰ অভিলেখ সামান্য ভাল, এই মেচখনে অতিৰিক্ত গুৰুত্ব বহন কৰিছে । কিয়নো দুয়োটা দলে প্লে-অফৰ বাবে যুঁজি আছে । যাৰ ফলত ই এক গুৰুত্বপূৰ্ণ মেচ হৈ পৰিছে ।

জানুৱাৰীত 'ৰেড এণ্ড গ'ল্ড ব্ৰিগেড'ৰ বাবে নিজৰ খেলৰ ধাৰাৰ এক প্ৰকৃত পৰীক্ষা অপেক্ষা কৰি আছে । ব্ৰুজনে দলটোলৈ বিশ্বাস আৰু স্থিৰতা আনিছে । কিন্তু যদি ইষ্ট বেংগলে প্লে-অফৰ ব্যৱধান দূৰ কৰিব বিচাৰে, তেন্তে প্ৰতিৰক্ষামূলক অনুশাসনৰ পৰা তীব্ৰ আক্ৰমণলৈকে প্ৰতিটো বিভাগতে ওপৰলৈ উঠিব লাগিব ।

ইষ্ট বেংগল এফ চিৰ বাবে জানুৱাৰী কেৱল আন এক মাহ নহয়; এইটো এটা টাৰ্ণিং পইণ্ট । পৰৱৰ্তী কেইসপ্তাহমানৰ ভিতৰত সফলতাই তেওঁলোকৰ প্লে-অফৰ আকাংক্ষাক পুনৰুজ্জীৱিত কৰিব পাৰে । আনহাতে, এই সুযোগ গ্ৰহণত ব্যৰ্থ হ'লে প্ৰতিশ্ৰুতিৰ আন এটা ছিজন হতাশাত পৰিণত হ'ব পাৰে ।

লগতে পঢ়ক :ক’ত অনুষ্ঠিত হ’ব মহিলা প্ৰিমিয়াৰ লীগৰ তৃতীয় সংস্কৰণ ! জানিবলৈ পঢ়ক - WPL 2025
লগতে পঢ়ক :৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়সূচী মুকলি - NATIONAL GAMES CALENDAR RELEASED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.