অসম

assam

তৰমুজৰ এই আচৰিত উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 12:24 PM IST

Health Benefits of Eating Watermelon: তৰমুজে শৰীৰক শীতল কৰাৰ লগতে এই ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ৯২ শতাংশ পানীৰে ভৰা তৰমুজ গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ সেয়ে গৰমৰ দিনত তৰমুজৰ এটুকুৰা মুখত পৰিলে মানুহৰ দেহ-মন শাঁত পৰি যায় ৷ সেয়ে আজি ইয়াৰ স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-
গৰমৰ দিনত শৰীৰক ডিহাইড্ৰেট কৰি ৰখাত বহু উপকাৰী ফল তৰমুজ ৷ তৰমুজত প্ৰচুৰ পৰিমাণে পোৱা যায় পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ ৷
তৰমুজত প্ৰচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে ৷
তৰমুজত ভিটামিন Aৰ ভাল উৎস বুলি গণ্য কৰা হয় ৷ যি আমাৰ চকু আৰু হৃদযন্ত্ৰৰ বাবে ভাল ৷
তৰজমুজত থকা বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পড়াৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে ৷
তৰমুজে হৃদযন্ত্ৰক সঠিকভাৱে ৰক্ত প্ৰৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্ৰৱণতা বহুগুণে হ্ৰাস পায় ৷
তৰমুজ খালে কোষ্ঠকাঠিন্য নিৰাময় কৰিব পাৰে,কিয়নো ই আঁহ আৰু পানীৰে সমৃদ্ধ ৷
তৰমুজত প্ৰচুৰ পৰিমাণ পটাছিয়াম থাকে যি প্রাকৃতিকভাৱে শৰীৰত ইলেকট্ৰো পাৱাৰ তৈয়াৰী কৰে ৷

ABOUT THE AUTHOR

...view details