অসম

assam

ETV Bharat / opinion

AQI 408; দিল্লীত বিষাক্ত বায়ুৱে জনজীৱনলৈ কঢ়িয়াইছে চৰম ভাবুকি - DELHI POLLUTION

দেহীৰ আনন্দ বিহাৰৰ বাসিন্দাসকলে প্ৰদূষণৰ এই চৰম অৱনতিত উদ্বেগ প্ৰকাশ কৰিছে । সুৰভি গুপ্তাৰ এই সন্দৰ্ভত বিশেষ প্ৰতিবেদন ।

Delhi pollution
দিল্লীত বিষাক্ত বায়ুৱে জনজীৱনলৈ কঢ়িয়াইছে চৰম ভাবুকি (ANI)

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 1:24 PM IST

বিশেষ প্ৰতিবেদন :দিল্লীৰ বায়ুৰ গুণমান 'অতি শোচনীয়' শ্ৰেণীত উপনীত হৈছে । শুকুৰবাৰে বায়ু গুণমান সূচক (এ কিউ আই) এক উদ্বেগজনক স্তৰ 408 ত উপনীত হৈছে । যাৰ বাবে সমগ্ৰ ৰাজধানীক তীব্ৰ প্ৰদূষণে আৱৰি ধৰিছে । আনহাতে, আৱাসীসকলৰ বাবে বায়ু ধোঁৱা আৰু বিষাক্ত কণাৰ মিশ্ৰণেৰে প্ৰায় অসহনীয় হৈ পৰিছে । বিশেষকৈ আনন্দ বিহাৰৰ দৰে এলেকাত অতি ভয়ংকৰ হৈ পৰিছে আৰু তাত এ কিউ আই 440 ত উপনীত হৈছে ।

প্ৰদূষকৰ উচ্চ ঘনত্বই চহৰখনত নিৰন্তৰভাৱে কুঁৱলীৰ সৃষ্টি কৰিছে, দৃশ্যমানতা অধিক হ্ৰাস কৰিছে আৰু দৈনন্দিন জীৱনক অধিক প্ৰত্যাহ্বানজনক কৰি তুলিছে । এই বায়ু সংকটৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে বিশেষকৈ আনন্দ বিহাৰত । ইয়াৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল আৰু ৰে'ল ষ্টেচনৰ চাৰিওফালে যান-বাহনৰ অধিক চলাচলৰ বাবে দীৰ্ঘদিন ধৰি প্ৰদূষণৰ সৈতে যুঁজি আছে ।

অঞ্চলটোত বতাহত ধোঁৱাৰ সংমিশ্ৰণ ঘটি অধিক ডাঠ, দৃশ্যমানতা অস্পষ্ট আৰু জনস্বাস্থ্যৰ বাবে বিপজ্জনক পৰিৱেশৰ সৃষ্টি কৰিছে । আৱাসীসকলে এই প্ৰদূষকবোৰৰ সৈতে দীৰ্ঘদিন ধৰি সংস্পৰ্শত থকাত শ্বাস-প্ৰশ্বাসৰ ৰোগ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা বৃদ্ধিৰ কথা ব্যক্ত কৰি আহিছে ।

আনন্দ বিহাৰৰ বাসিন্দা বিশাল গুপ্তাই এই ক্ষেত্ৰত হতাশা ব্যক্ত কৰি কয়, "প্ৰদূষণ প্ৰতি বছৰে হয়, কিন্তু ইয়াক হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় কাম কৰা হোৱা নাই । আমি সুৰক্ষিত হৈ থাকিবলৈ যিমান সম্ভৱ ঘৰৰ ভিতৰত থাকিবলৈ চেষ্টা কৰি আছোঁ ।" তেওঁৰ দৰে আন বহুতেই এই কথা ব্যক্ত কৰাৰ লগতে উল্লেখ কৰে যে সংকট সমাধান কৰিবলৈ বায়ুৰ গুণমান উন্নত কৰাৰ প্ৰচেষ্টা পৰ্যাপ্ত নহয় ।

৫৩ বছৰীয়া হৃদৰোগী সুশীল কুমাৰে জনসজাগতাৰ অভাৱকো এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে উল্লেখ কৰি কয়, "প্ৰদূষণ অব্যাহত থাকিব, কিয়নো মানুহে ইয়াৰ পৰিণামৰ বিষয়ে অৱগত নহয় । অধিক সজাগতা অপৰিহাৰ্য । চৰকাৰৰ কাৰ্যকলাপ পৰ্যাপ্ত হোৱা নাই ।" ঝাৰখণ্ডৰ এজন পৰ্যটক অনুপম কুমাৰে উল্লেখ কৰা অনুসৰি, চহৰখনলৈ অহা দৰ্শনাৰ্থীসকলও প্ৰভাৱিত হৈছে । তেওঁ কয়, "দিল্লীলৈ অহাৰ পিছত মোৰ নাকত বিষাক্ত বায়ু প্ৰৱেশৰ অনুভৱ হৈছে । যেন মই এটা গেছ চেম্বাৰত প্ৰৱেশ কৰিছোঁ । ৰাঁচীৰ বায়ু যথেষ্ট পৰিষ্কাৰ আৰু মই কল্পনাও কৰিব নোৱাৰো যে মানুহে ইয়াত কেনেদৰে বাস কৰে ।"

লগতে পঢ়ক :ভয়ানক প্ৰদূষণত দিল্লী-এন চি আৰত GRAP III প্ৰতিবন্ধকতা বলৱৎ; কি কৰিব পাৰিব, কি নোৱাৰিব

প্ৰদূষণৰ মোকাবিলা কৰাৰ পদক্ষেপ

চৰকাৰে প্ৰদূষণৰ স্তৰ হ্ৰাস কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে শেহতীয়াকৈ ২০০ টা ভ্ৰাম্যমাণ এণ্টি-স্মগ গান মোতায়েন কৰাৰ কথা ঘোষণা কৰিছে আৰু যান-বাহনৰ ধোঁৱা নিৰ্গমনৰ পৰা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ যান-বাহন নিৰীক্ষণ বৃদ্ধি কৰিছে ।

বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (Commission for Air Quality Management, CAQM) 15 নৱেম্বৰৰ পুৱা 8 বজাৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) গ্ৰেডেড ৰেছপন্স একচন প্লেনৰ (Graded Response Action Plan, GRAP) তৃতীয় পৰ্যায় বলৱৎ কৰিবলৈও আগবাঢ়িছে ।

জি আৰ এ পিৰ তৃতীয় পৰ্যায়ৰ অধীনত প্ৰদূষণৰ উৎস নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ নিয়মাৱলী প্ৰস্তুত কৰা হৈছে । ইয়াৰ ভিতৰত আছে সকলো নিৰ্মাণ আৰু ধ্বংসমূলক কাৰ্য বন্ধ কৰা, প্ৰদূষণকাৰী বাহনৰ নিৰীক্ষণ তীব্ৰ কৰা আৰু কয়লা আৰু বায়'মাছৰ ওপৰত নিৰ্ভৰ কৰা অপ্ৰয়োজনীয় উদ্যোগবোৰ নিষিদ্ধ কৰা । ইয়াৰ উপৰি দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে (ডি পি চি চি) এই পদক্ষেপবোৰ পালন কৰাটো নিশ্চিত কৰিবলৈ অধিক বায়ু গুণমান নিৰীক্ষণ দল মোতায়েন কৰিছে । প্ৰদূষণ নিয়ন্ত্ৰণৰ গুণমান অনুসৰণ কৰাত ব্যৰ্থ হোৱা উদ্যোগবোৰে কঠোৰ জৰিমনাৰ সন্মুখীন হ'ব ।

জি আৰ এ পি পৰ্যায় 3-ৰ অধীনত প্ৰৱৰ্তন কৰা 11 দফীয়া কাৰ্য পৰিকল্পনা হৈছে আৱাসীসকলক ক্ষতিকাৰক বায়ু প্ৰদূষকৰ পৰা সুৰক্ষিত কৰাৰ বাবে এক জৰুৰীকালীন পদক্ষেপৰ অংশ । বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে শীতকাল আগবাঢ়ি যোৱাৰ লগে লগে বায়ুৰ গুণমানৰ অৱনতি হৈ থাকিব, বৰ্ধিত উষ্ণতাৰ চাহিদা আৰু ঋতুগত কাৰকে প্ৰদূষণৰ স্তৰ অধিক বৃদ্ধি কৰিব । কাৰ্য পৰিকল্পনাত প্ৰদূষণৰ তীব্ৰতাৰ ওপৰত ভিত্তি কৰি আৰম্ভ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে আৰু এই বিপজ্জনক পৰিস্থিতিবোৰৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰাৰ লক্ষ্য ৰখা হৈছে ।

বিদ্যালয়সমূহৰ পাঠদান অনলাইনলৈ পৰিৱৰ্তন

এই প্ৰত্যাহ্বানবোৰৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো প্ৰাথমিক বিদ্যালয়ক অনলাইন পাঠদান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে । তেওঁ ছ'চিয়েল মিডিয়াত এই সিদ্ধান্ত ঘোষণা কৰি কয়, "দিল্লীত প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে আৰু পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয়ত সমূহীয়া পাঠদান বন্ধ থাকিব ।" এই ব্যৱস্থাটো সৰু শিশুসকলক দীৰ্ঘদিন ধৰি বিষাক্ত বায়ুৰ সংস্পৰ্শলৈ অহাৰ প্ৰতিকূল স্বাস্থ্য প্ৰভাৱৰ পৰা সুৰক্ষিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে ।

শিশুসকলৰ ওপৰত তীব্ৰ বায়ু প্ৰদূষণৰ প্ৰভাৱ এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে । স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে এনে উচ্চ প্ৰদূষণৰ সৈতে দীৰ্ঘদিন ধৰি সংস্পৰ্শত থকাৰ ফলত শ্বাস-প্ৰশ্বাসৰ গুৰুতৰ সমস্যা, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা আৰু শিশুৰ অন্যান্য দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যা হ'ব পাৰে । সেয়ে শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰত ৰাখি চৰকাৰে সেইবোৰৰ সংস্পৰ্শ হ্ৰাস কৰা আৰু স্বাস্থ্যৰ জটিলতা প্ৰতিহত কৰাৰ লক্ষ্য ৰাখিছে ।

এক বৰ্ধিত স্বাস্থ্য সংকট

দিল্লীৰ বৰ্তমানৰ বায়ুৰ গুণগত মানৰ পৰিস্থিতিয়ে স্বাস্থ্য বিশেষজ্ঞসকলৰ মাজত সতৰ্কতাৰ সৃষ্টি কৰিছে । তেওঁলোকে এই বিপজ্জনক প্ৰদূষণৰ স্তৰৰ সৈতে দীৰ্ঘদিন সংস্পৰ্শত থকাৰ বিপদাশংকাৰ বিষয়ে সতৰ্ক কৰি দিছে । পি এম 2.5 আৰু পি এম 10-ৰ দৰে প্ৰদূষকৰ নিৰন্তৰ সংস্পৰ্শলৈ অহাৰ ফলত শ্বাসতন্ত্ৰৰ সংক্ৰমণ, দীৰ্ঘম্যাদী ব্ৰংকাইটিছ, হাঁপানি, আৰু কাৰ্ডিঅ'ভাস্কুলাৰ সমস্যা হ'ব পাৰে । পূৰ্বৰ পৰা স্বাস্থ্যজনিত সমস্যা থকা বৃদ্ধ, শিশু আৰু ব্যক্তিসকলৰ বাবে স্বাস্থ্যৰ পৰিণাম আৰু অধিক গুৰুতৰ হৈ পৰিছে ।

দিল্লীয়ে বায়ু প্ৰদূষণ সংকটৰ সৈতে যুঁজি থকাৰ সময়ত এতিয়া নীতি-নিৰ্দেশনা প্ৰৱৰ্তন আৰু পালনৰ ওপৰত গুৰুত্ব দিয়া হৈছে । জি আৰ এ পি তৃতীয় পৰ্যায়ৰ অধীনত লোৱা পদক্ষেপবোৰে প্ৰদূষণক আৰু অধিক গুৰুত্বপূৰ্ণ স্তৰত উপনীত হোৱাৰ পূৰ্বে নিয়ন্ত্ৰণলৈ অনাৰ জৰুৰী প্ৰয়োজনীয়তা প্ৰতিফলিত কৰে ।

ইয়াৰ মাজতে দিল্লীৰ জনসাধাৰণক তীব্ৰ প্ৰদূষণৰ মাজত দৈনন্দিন জীৱন ধাৰণত বিপদৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে মাস্ক, এয়াৰ পিউৰিফায়াৰ আৰু স্বেচ্ছাই ঘৰৰ ভিতৰত থকাৰ ওপৰত নিৰ্ভৰ কৰি এৰি দিয়া হৈছে । চলিত প্ৰদূষণ সংকটে নীতি সংস্কাৰৰ পৰা ব্যক্তিগত দায়িত্বলৈকে, ৰাজধানীৰ বাসিন্দাসকলৰ প্ৰাপ্য পৰিষ্কাৰ বায়ু ঘূৰাই অনাৰ বাবে একাধিক স্তৰত পদক্ষেপ লোৱাৰ এক জৰুৰী আহ্বানৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক :দিল্লীত প্ৰদূষণৰ বিপদঘণ্টা; ৰাজধানীবাসীৰ হাহাকাৰ
লগতে পঢ়ক :ধোঁৱাৰ আচ্ছাদন দিল্লীত; ওচৰতে থকা বস্তুও ধৰিব নোৱৰা পৰিৱেশ

ABOUT THE AUTHOR

...view details