গুৱাহাটী: বিগত বছৰবোৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰৰ পৰা দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে । অৱশ্যে এই মাছ ধৰা উৎসৱ ব্যক্তিগতভাবে নহয় শৃংখলাবদ্ধভাবে আৰম্ভ হৈছে দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰীয়াসকলৰ উন্নয়নৰ হকে কাম কৰি অহা দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত ।
এই সন্দৰ্ভত সমিতিৰ উপদেষ্টাদ্বয় প্ৰদীপ দাস আৰু নীৰেন চন্দ্ৰ দাসে কয়, "জন্মলগ্নৰে পৰা সমিতিখনে বিলৰ লগতে বৃহত্তৰ আজাৰা অঞ্চলৰ মাছমৰীয়াসকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে । ইয়াৰ উদ্দেশ্য হৈছে বিলখনো প্ৰদূষণমুক্ত পৰিবেশত সংৰক্ষিত হৈ থকাৰ লগতে যুগ যুগ ধৰি বিলত পৰম্পৰাগতভাৱে চলি থকা মাছ ধৰা অধিকাৰ অক্ষুণ্ণ হৈ থাকে ।"

কেতিয়া এৰি দিয়া হয় মাছৰ পোনা
প্ৰদীপ দাস আৰু নীৰেন চন্দ্ৰ দাসে কয়, "বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা, মেধিপাৰা, হিৰাপাৰা, হাতুৱাপাৰা, নোৱাপাৰা, মাটিয়া, নতুনবস্তি, বৰবৰী আদি গাঁওকেইখনৰ অনুসূচিত জাতিৰ প্ৰায় ৮২৫ টা মাছমৰীয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱন-নিৰ্বাহ কৰি আহিছে ।
এই পৰিয়ালসমূহৰ কল্যাণৰ বাবে গঠন হোৱা সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওন মাহত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে । তাৰ ছমাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰত যাৱতীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয় । এই পৰ্ব কেৱল খৰালিৰ দিনকেইটাত চলি থাকে । সমিতিখনে মাছৰ পোনা এৰি দিয়াৰ পৰা আৰম্ভ কৰি বিলৰ উন্নয়নৰ যাৱতীয় কাম-কাজসমূহ সম্পন্ন কৰাৰ বাবে ৰচিদৰ বিপৰীতে বছৰেকত মাত্ৰ ৫০০ টকাকৈ সংগ্ৰহ কৰে ।

সমুহীয়া মাছ ধৰা পৰ্বক লৈ দীপৰ বিলত উখল-মাখল পৰিৱেশ
তেওঁলোকে জনোৱা মতে, মাছ ধৰা পৰ্ব উপলক্ষে দীপৰ বিলৰ কিছু নিলগত থকা শ্ৰী কৃষ্ণ মন্দিৰত শনিবাৰে বিয়লি স্থানীয় আয়তীসকলে নাম-প্ৰসংগ পৰিৱেশন কৰে । আনহাতে সমূহীয়া মাছ ধৰা পৰ্ব উপলক্ষে আজি পুৱাৰে পৰা বিলৰ পাৰত আজাৰাৰ দিশত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা মাছ কিনিবলৈ যান-বাহন লৈ পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত হাজাৰ হাজাৰ লোকে বিলৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । সকলোৰে লক্ষ্য এটাই বিলৰ পাৰতে নিজৰ পছন্দৰ মাছটো ক্ৰয় কৰা । আনহাতে কিছু সংখ্যক মাছমৰীয়াই মাছসমূহ বিক্ৰীৰ বাবে নিকটবৰ্তী গধূলি বজাৰলৈ আনিছে ।
পৰম্পৰা অনুসৰি কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে মাছমৰীয়াই
দীপৰ বিলত মাছ ধৰি জীৱন-নিৰ্বাহ কৰি অহা মাছমৰীয়াসকলে পৰম্পৰা অনুসৰি কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে । স্থানীয় ভাষাত আচকা ভাওতহে মাছ বিক্ৰী কৰি আহিছে ।
পূৰ্বতকৈ প্ৰায় ৫০ শতাংশ মাছ কমিছে
তেওঁলোকে কয়, "বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালি, মাছ বিলত নাওঁ লৈ যোৱা মাছমৰীয়াৰ জালত পৰিছে যদিও এইবেলি পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত প্ৰায় ৫০ শতাংশ মাছ কমকৈ পৰিছে । যাৰবাবে মাছমৰীয়াসকলৰ মাজত হতাশাৰ সৃষ্টি হোৱাৰ লগতে পূৰ্বৰ তুলনাত গ্ৰাহকে অধিক ধন ভৰি মাছ ক্ৰয় কৰিবলগীয়া হৈছে । এই সমূহীয়া মাছ ধৰা পৰ্ব আগন্তুক মাঘ বিহুৰ উৰুকাৰ সময়লৈকে অব্যাহত থাকিব বুলি দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে ।
লগতে পঢ়ক: প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্বেগজনক তথ্য: দীপৰ বিললৈ বিপদ আহিছে