দামাস্কাছৰ পতনে, কাবুল, ঢাকা আৰু কলম্বোৰ পতনৰ কথা সোঁৱৰাই য’ত বাশ্বাৰ অল আছাদে ৰাছিয়াত আশ্ৰয় ল'বলৈ ছিৰিয়াৰ পৰা পলাই যোৱাৰ নিচিনাকৈ সেই ৰাষ্ট্ৰসমূহৰ মুৰব্বীসকলেও তেওঁলোকৰ দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল।
৮ ডিচেম্বৰত ছিৰিয়া চৰকাৰৰ পতনৰ লগে লগে আছাদ প্ৰশাসন আৰু সশস্ত্ৰ গোটসমূহৰ মাজত চলি থকা দীৰ্ঘকালীন আৰু ৰক্তক্ষয়ী সংঘৰ্ষৰ সমাপ্তি ঘটে ৷ যিহেতু সশস্ত্ৰ বিদ্ৰোহীগোটবোৰে দামাস্কাছ দখল কৰে, ফলত আছাদ ৰাছিয়ালৈ পলাই যাবলৈ বাধ্য হয় য'ত তেওঁৰ দীৰ্ঘদিনীয়া সহযোগী ভ্লাদিমিৰ পুটিনে তেওঁক আশ্ৰয় প্ৰদান কৰে।
ছিৰিয়াৰ বৰ্তমান পৰিস্থিতিক, শ্ৰীলংকা আৰু বাংলাদেশৰ সৈতে তুলনা কৰিব পাৰি, য'ত বৃহৎ সংখ্যাত হোৱা সমদলবোৰে চৰকাৰক উৎখাত কৰিছিল আৰু ছাত্ৰ নেতৃত্বই দেশখনৰ নিয়ন্ত্ৰণ গ্ৰহণ কৰিছিল, বা আফগানিস্তানৰ সৈতে, য'ত দোহা চুক্তিৰ ফলস্বৰূপে তালিবানসকলে যুদ্ধবিধ্বস্ত দেশখন দখল কৰিছিল।
অৱশ্যে ভালদৰে মন কৰিলে দেখা যায় যে কেনেকৈ এই বিবাদৰ এক বহল ৰূপৰেখা আছে আৰু ই কেৱল এজন 'অত্যাচাৰী' শাসকৰ বিৰুদ্ধে মানুহৰ যুঁজ নহয়। ছিৰিয়াৰ বিক্ষোভ আছিল ২০১১ চনৰ গণ বিদ্ৰোহৰ অনুসৰণ যি আছাদ শাসনৰ দ্বাৰা কঠোৰ হাতেৰে দমন হোৱাৰ পিছত হিংসাত্মক হৈ পৰিছিল। প্ৰতিবাদকাৰীসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু অত্যাচাৰ কৰা হৈছিল, আৰু তেওঁলোকৰ বহুতো কোনো শুংসুত্ৰ নোহোৱাকৈ নাইকিয়া হৈ গৈছিল।
আন্দোলনকাৰীসকলৰ বহুতেই আছাদৰ শাসনৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল, যাৰ বেছিভাগেই আছিল প্ৰাক্তন সৈনিক। লক্ষণীয় যে বিদ্ৰোহী বাহিনীত অল-কায়েদাৰ সদস্যসকলে যোগদান কৰি এই আন্দোলনক সন্ত্ৰাসবাদৰ ৰূপ দিয়াৰ ফলত এই আন্দোলনে চুবুৰীয়া দেশসমূহৰ পৰা মুকলি সমৰ্থন পোৱাৰ সম্ভাৱনা হ্ৰাস পাইছিল। অৱশ্যে ইয়াৰ মাজতে, কেইবাখনো শক্তিশালী ৰাষ্ট্ৰই মধ্য প্ৰাচ্যত তেওঁলোকৰ আধিপত্য প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি সশস্ত্ৰ গোটবোৰক সামৰিক সঁজুলিৰে ইন্ধন যোগাইছিল।
যিহেতু ইজৰাইল-হামাছ যুদ্ধৰ বলি হোৱাৰ পিছত আছাদে তেওঁৰ সামৰিক সৈন্যসকলক দৰমহা দিব পৰা নাছিল ফলত বিৰোধী গোটবোৰ শক্তিশালী হৈ পৰিছিল আৰু এক সংঘবদ্ধ আক্ৰমণ আৰম্ভ কৰিছিল। ইদলিবৰ আলেপ্পোৰ পৰা আৰম্ভ কৰি চামাৰ মাজেৰে অব্যাহত থকা আৰু অৱশেষত দামাস্কাছ দখলৰ বাবে সকলো দিশৰ পৰা হোৱা এক সমন্বিত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৫০ বছৰতকৈও অধিক ৰাজবংশীয় শাসনৰ পিছত আছাদ পলাই যাবলৈ বাধ্য হৈছিল। যোৱা সপ্তাহত ছিৰিয়া দখল কৰাৰ সময়ত বিৰোধী শক্তি স্বল্প প্ৰতিৰোধৰ সন্মুখীন হৈছিল। দেশৰ আটাইতকৈ ডাঙৰ সশস্ত্ৰ গোটটো এইচটিএছ (হায়াত তাহৰিৰ আল শ্বাম)- এ দামাস্কাছকে ধৰি ৰাষ্ট্ৰৰ মুখ্য সামৰিক প্ৰতিষ্ঠানসমূহৰ নিয়ন্ত্ৰণ লৈছিল।
ছিৰিয়াত প্ৰেক্ষাপট সলনি হোৱা আৰু ইয়াৰ প্ৰতি পশ্চিমৰ প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত, এই যুক্তি আহি পৰে যে পৰিস্থিতিটোৱে পশ্চিমীয়া দেশবোৰক মধ্য প্ৰাচ্যত এক কৌশলগত সুবিধা প্ৰদান কৰিব কিয়নো ইৰাণ এইক্ষেত্ৰত ভুক্তভোগী হোৱা পৰিলক্ষিত হয়।
আছাদ শাসনৰ পতন হৈছে এক্সিছ অফ ৰেজিজষ্টেনছ, অঞ্চলটোৰ চাৰিওফালে থকা উগ্ৰপন্থী গোট আৰু সহযোগীক সমৰ্থন কৰাৰ তেহৰাণৰ দশকজোৰা ৰণনীতিৰ বাবে এক মোক্ষম আঘাত। সমগ্ৰ পশ্চিম এছিয়াত ইজৰাইলৰ বিৰুদ্ধে প্ৰতিৰোধ বজায় ৰখাৰ বাবে যি যি প্ৰয়োজনীয় তাক সমৰ্থন কৰাৰ বাবে আছাদৰ অধীনৰ ছিৰিয়া এক গুৰুত্বপূৰ্ণ অংশ আছিল।
ইজৰাইলৰ বিৰুদ্ধে সংঘৰ্ষত ইন্ধন যোগোৱা শক্তিবোৰ আছিল আছাদ স্বৈৰশাসন, লেবাননৰ হিজবুল্লাহ আৰু ইৰানিয়ান ৰেভলুশ্যনাৰী গাৰ্ডছ । আছাদ শাসনৰ অধীনত, ছিৰিয়াত পৰিস্থিতি গম্ভীৰ হৈ আছিল, বিশেষকৈ ইজৰাইল-হামাছ সংঘৰ্ষৰ পিছত, যিয়ে পশ্চিম এছিয়াত ইজৰাইল বিৰোধী প্ৰতিৰোধৰ এক মুখ্য সমৰ্থক লেবাননৰ অৰ্থনীতি আৰু ইৰাণৰ অৰ্থনীতি দুয়োৰে ওপৰত তীব্ৰ প্ৰভাৱ পেলাইছিল।
দামাস্কাছে আইআৰজি, হিজবুল্লাহ আৰু আছাদ শাসনৰ মাজত এটা গুৰুত্বপূৰ্ণ যোগসূত্ৰ বজাই ৰাখিছিল। জন সমৰ্থন প্ৰাপ্ত বিদ্ৰোহৰ বিৰুদ্ধাৰচৰণ কৰি, স্বৈৰাচাৰী শাসন পদ্ধতি জনা স্বত্বেও আছাদক সমৰ্থন কৰাৰ ইৰাণৰ সিদ্ধান্ত, দেশখনৰ বাবে এটা ত্ৰুটিপূৰ্ণ ৰণনীতি আছিল।
ইৰাণ আৰু হিজবুল্লাহক, প্ৰতিৰোধ দমনৰ অৰ্থে আছাদ শাসনে ছিৰিয়ানসকলৰ ওপৰত কৰা অত্যাচাৰৰ সমৰ্থক বুলি গণ্য কৰা হৈছিল। কাৰ্যত অসামৰিক নাগৰিকসকল ভুক্তভোগী হৈ পৰিছিল যিয়ে পূৰ্বে পশ্চিম এছিয়াৰ বিদ্ৰোহী যোদ্ধাসকলৰ 'ত্ৰাণকৰ্তা' হিচাপে গণ্য হোৱা আইআৰজিৰ বিশ্বাসযোগ্যতাক হ্ৰাস কৰিছিল।
ইৰাণে আছাদৰ স্বৈৰশাসনক অভূতপূৰ্ব আৰু চৰ্তহীন সমৰ্থন দেখুওৱাৰ পিছত পেলেষ্টাইন বিবাদ, চুন্নী আৰু শ্বিয়া ৰাষ্ট্ৰসমূহৰ মাজত বিভাজনৰ কাৰণ হৈ পৰা দেখা গৈছিল। ইজৰাইলৰ চাৰিওফালে থকা শ্বিয়া ৰাষ্ট্ৰসমূহ ইজৰাইলী বাহিনীৰ বিৰুদ্ধে সক্ৰিয় আছিল আনহাতে আৰৱ বিশেষকৈ চুন্নী দেশসমূহে পেলেষ্টাইন বিবাদৰ ক্ষেত্ৰত সীমিত সমৰ্থন প্ৰদৰ্শন কৰিছিল।
ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পৰিস্থিতিটো অনুমান কৰি এইচটিএছ নেতৃত্বৰ প্ৰতি এক নমনীয় দৃষ্টিভংগী গ্ৰহণ কৰিছিল যিটো পূৰ্বে তেওঁলোকে তালিবান নেতৃত্বৰ ক্ষেত্ৰতো কৰিছিল ৷ মন কৰিবলগীয়া যে এই দুয়োটা পক্ষই এসময়ত তেওঁলোকৰ দৃষ্টিত শীৰ্ষ সন্ত্ৰাসবাদী গোটৰ তালিকাত আছিল।
দামাস্কাছ এইচটিএছৰ নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে জো বাইডেনে এক বিবৃতিত কয় যে আমেৰিকাই ছিৰিয়াৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু আবু মহম্মদ আল জুলানি নামেৰে কাম কৰি থকা আহমেদ অল ছাৰাই দিয়া বিবৃতিৰ পৰিপ্ৰেক্ষিতত এইচটিএছ নেতৃত্বৰ প্ৰতি এক সমৰ্থনমূলক ইংগিত দিয়ে। ইয়াৰ উপৰিও, বাইডেনে এটা মন্তব্যও কৰে য'ত তেওঁ উল্লেখ কৰে যে আমেৰিকাই কিছুমান ছিৰিয়ান গোটক সমৰ্থন কৰিছিল।
ইজৰাইলৰ সীমাৰ কাষত থকা অঞ্চলত যিধৰণে ঘটনাবোৰ উন্মোচিত হৈছে সেয়ে সূচায় যে আছাদ শাসনৰ বিৰুদ্ধে এক সমন্বিত আক্ৰমণৰ আগতে ভিতৰুৱা আলোচনাও অনুষ্ঠিত হ'ব পাৰে। ৰাষ্ট্ৰৰ ভিতৰত একত্ৰিত শক্তিৰ উত্থান - যি ইতিমধ্যে এজন অভিযন্তা-ৰাজনীতিবিদক ইয়াৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছে - ইজৰাইল, তুৰস্ক, ৰাছিয়া, ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত যেন পৰিলক্ষিত হয়, আৰু তেওঁলোকৰ চাৰিওফালৰ শক্তিশালী ৰাষ্ট্ৰবোৰৰ মাজত পিষ্ট হোৱাৰ আগতেই তেওঁলোকৰ বাচি থকাৰ এক ৰণনীতিৰ প্ৰয়োজন। ৰাছিয়া আৰু ইৰাণ দুয়োকে একেটা শিলেৰে আঘাত কৰা হৈছে আনহাতে ইজৰাইলে ছিৰিয়াৰ সীমাত অবাধ স্বাধীনতা উপভোগ কৰিছে।
ছিৰিয়া দখল কৰা শক্তিবোৰে তেওঁলোকে যে অঞ্চলটোত স্থিৰতা ঘূৰাই আনিব পাৰে সেয়া আন্তৰ্জাতিক সম্প্ৰদায়ক সৈমান কৰাবলৈ তেওঁলোকৰ দক্ষতা আৰু কুশলতা প্ৰদৰ্শন কৰিব লাগিব। অৱশ্যে, ছিৰিয়াই আফগানিস্তানৰ পথ লয় নে চৰকাৰ গঠনৰ গণতান্ত্ৰিক পদ্ধতি অনুসৰণ কৰাৰ সিদ্ধান্ত লয় সেয়া সময়ৰ অপেক্ষা।
লগতে পঢ়ক: ছিৰিয়াত আছাদৰ পতন: ভাৰতে কি স্থিতি গ্ৰহণ কৰা উচিত !