কাণ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, যাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ কাণত থকা কাণৰ মলি (Wax) ধূলি, বেক্টেৰিয়া আৰু অন্যান্য মলি প্ৰৱেশত বাধা দিয়ে, কিন্তু যেতিয়া ই অত্যধিক হয় তেতিয়া ইয়াৰ ফলত শ্ৰৱণ ক্ষমতাৰ সমস্যা, খজুৱতি বা সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷
বহু সময়ত মানুহে কাণ পৰিষ্কাৰ কৰিবলৈ চোকা বস্তু ব্যৱহাৰ কৰে, যাৰ ফলত কাণৰ ক্ষতি হ’ব পাৰে ৷ গতিকে ইয়াত আমি আপোনালোকক জনাইছো কাণ পৰিষ্কাৰ কৰিবলৈ ৫টা নিৰাপদ আৰু ফলপ্ৰসূ ঘৰুৱা উপায় ৷
১) কুহুমীয়া তেল ব্যৱহাৰ কৰক
কুহুম তেল কাণৰ মলি পৰিষ্কাৰ কৰিবলৈ এক উত্তম উপায় ৷ আপুনি অলিভ অইল, নাৰিকল তেল বা বেবী অইল ব্যৱহাৰ কৰিব পাৰে ৷
এচামুচ তেল লাহে লাহে গৰম কৰক ৷
ড্ৰপাৰৰ সহায়ত কেইটোপালমান কাণত দিব ৷
মূৰটো এফালে বেঁকা কৰি কেইমিনিটমান অপেক্ষা কৰক ৷
তাৰ পিছত কপাহ এটা লাহে লাহে ব্যৱহাৰ কৰি কাণ দুখন পৰিষ্কাৰ কৰক ৷
২) গৰম পানী আৰু চিৰিঞ্জ ব্যৱহাৰ
গৰম পানীৰে কাণ পৰিষ্কাৰ কৰাটো এটা নিৰাপদ আৰু ফলপ্ৰসূ পদ্ধতি ৷
চিৰিঞ্জত কুহুমীয়া পানী ভৰাই দিব ৷
কাণখন লাহে লাহে টানি ভিতৰত পানী ঢালি দিব ৷
ইয়াৰ বাবে ৱেক্স বা মলিখিনি কোমল হৈ ওলাই আহে ৷
৩) হাইড্ৰজেন পেৰাক্সাইডৰ ব্যৱহাৰ
হাইড্ৰজেন পেৰাক্সাইডে কাণৰ মলি পৰিষ্কাৰ কৰাত সহায় কৰে ৷
পানীত মিহলাই কেইটোপালমান কাণত দিব ৷
কিছু সময়ৰ পাছত মূৰটো আনফালে হেলনীয়া কৰি দিব যাতে মলি ওলাই যাব পাৰে ৷
৪) ভাপ চিকিৎসা
ভাপেৰে কাণৰ ভিতৰত জমা হোৱা মলি ঢিলা হয় ৷
গৰম পানীৰ বাটি এটাত মূৰটো নমাই টাৱেলেৰে ঢাকি ৰাখক ৷
৫-১০ মিনিট ভাপত ৰাখিব ৷
ইয়াৰ পিছত পৰিষ্কাৰ কাপোৰেৰে কাণ দুখন মচিব লাগে ৷
৫) নিমখীয়া পানীৰে পৰিষ্কাৰ কৰা
নিমখীয়া পানী হৈছে প্ৰাকৃতিক চাফাই দ্ৰৱ ৷
কপাহৰ এটা বল বনাই কুহুমীয়া পানীত কিছু নিমখ মিহলাই ডুবাই ৰাখক
কাণত লাহে লাহে লগাব লাগে
ই কাণৰ মলি কোমল অতি সহজে আঁতৰোৱাত সহায় কৰে
কিছুমান সাৱধানতা
পিন বা মেচষ্টিক আদি চোকা বস্তু ব্যৱহাৰ নকৰিব ৷
কাণত বিষ, ফুলা বা সংক্ৰমণ হ’লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷
সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।