বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ ৷ ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয় ৷ এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায় ৷ আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে ৷ সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয় ৷ অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয় ৷ বৰদিন বৰদিনৰ ছুটিৰ কেন্দ্ৰীয় দিন আৰু খ্ৰীষ্টান ধৰ্ম্মৰ বাৰ দিন ব্যাপী খ্ৰীষ্টমাছটাইড অনুষ্ঠানৰ সূচনাদিবস ৷
ইংৰাজী শব্দ খ্ৰীষ্টমাছ হৈছে ‘খ্ৰীষ্টৰ মাছ’ (মাছ মানে উৎসৱ) ৰ সংক্ষিপ্ত ৰূপ ৷ ১০৩৮ চনত এই শব্দটো ক্ৰীষ্টেছমেছ আৰু ১১৩১ চনত ক্ৰীষ্টেছ-মেছ বুলি লিপিবদ্ধ হিচাপে পোৱা গৈছে ৷
উপহাৰ প্ৰদানৰ ৰীতি সহ বৰদিন উৎসৱৰ নানা অনুষঙ্গ খ্ৰীষ্টানৰ লগতে অ-খ্ৰীষ্টানসকলৰ অৰ্থনীতিত বিশেষ গুৰুত্বপূৰ্ণ ৷ এই উৎসৱ উপলক্ষ্যে ব্যৱসায়-বাণিজ্য আৰু কিনা-বেছাৰ এক বিশেষ বতৰ চলে ৷ বিগত কেইবাটাও শতাব্দীধৰি বিশ্বৰ বিভিন্ন অঞ্চলত বৰদিনৰ অৰ্থনৈতিক প্ৰভাৱ লাহে লাহে প্ৰসাৰিত হোৱা দেখা গৈছে ৷ ভাৰততো বৰদিন এটা ৰাষ্ট্ৰীয় ছুটীৰ দিন ৷
এই দিনটোত মানুহে গীৰ্জালৈ যায়, সকলোৱে ঘৰ আৰু বৰদিনৰ গছ সজাই, কেক কাটে ৷ কিছুমান দেশত বৰদিনৰ বাবে অতি দীঘলীয়া বন্ধ থাকে ৷ বৰদিনৰ বিশেষ উপলক্ষে আপুনিও হোৱাটছএপৰ জৰিয়তে এই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি আপোনাৰ বন্ধু-বান্ধৱী, ঘনিষ্ঠ আৰু আত্মীয়ক Merry Christmas বুলি ক’ব পাৰে ৷
১)কোনো কাৰ্ড পঠোৱা নাই,
কোনো ফুলো পঠোৱা নাই, মাত্ৰ হৃদয়ৰ পৰাই
আপোনালোকক খ্ৰীষ্টমাছৰ শুভেচ্ছা পঠিয়াইছোঁ ৷
২) বৰদিনৰ আনন্দ আৰু উৎসাহে
আপোনাৰ জীৱনটো সদায় সুখেৰে
ভৰাই তোলক ৷
বৰদিনৰ আন্তৰিক অভিনন্দন ৷
৩)তোমাৰ বাবে ভগৱানৰ পৰা কি বিচাৰিম,
মাথোঁ জীৱন বাটত আহক সুখ,
এনেদৰে থাকক মুখত হাঁহি ৷
৪) সকলোৰে হৃদয়ত সকলোৰে প্ৰতি থাকক মৰম,
প্ৰতিদিনে বহু সুখ কঢ়িয়াই আনক,