অসম

assam

ETV Bharat / lifestyle

আপুনি বজাৰৰ পৰা কিনা পনীৰ আচল নে নকল কেনেকৈ চিনাক্ত কৰিব ? - How to Identify Fake Paneer - HOW TO IDENTIFY FAKE PANEER

How to Identify Fake Paneer: পনীৰ এনেকুৱা এনে এবিধ সামগ্ৰী, যি কেৱল সোৱাদযুক্ত হোৱাই নহয়, ই স্বাস্থ্যৰ বাবেও অতিকৈ উপকাৰী গুণেৰে ভৰপূৰ । কিন্তু এয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া ইয়াক প্ৰকৃততে গাখীৰৰ পৰা তৈয়াৰ কৰা হ’ব তথা কোনো ভেজাল নাথাকিব । ইয়াৰ পৰিৱৰ্তে যদি ভেজাল পনীৰ আপোনাৰ পেটত যায় তেন্তে ই লাভৰ পৰিৱৰ্তে আপোনাৰ স্বাস্থ্যৰ ক্ষতিহে কৰিব তেনেহ’লে পনীৰখিনি আচল নে নকল কেনেকৈ চিনাক্ত কৰিব আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

How to identify fake paneer at home
আপুনি বজাৰৰ পৰা কিনা পনীৰ আচল নে নকল কেনেকৈ চিনাক্ত কৰিব ? (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Oct 3, 2024, 1:16 PM IST

আমাৰ মাজৰ এনে বহুলোক আছে যিয়ে ঘৰতে পনীৰেৰে তৈয়াৰী বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰি ইয়াৰ আমেজ লৈ ভাল পায় ৷ কিন্তু বজাৰৰ পৰা কিনি অনা পনীৰখিনি আচল নে নকল কেনেকৈ চিনাক্ত কৰিব ? শুনি চাগে নিশ্চয় আচৰিত হৈছে চাগৈ যে পনীৰ নো কেনেকৈ নকল হ’ব পাৰে ৷ হয় আজিকালি বজাৰত এনে বহু দুষ্টচক্ৰ নামি পৰিছে যিয়ে সহজ ধন ঘটাৰ উদ্দেশ্যে মানুহক খাদ্যৰ নামত বৰবিহ যোগান ধৰি আহিছে ৷ যাক মানুহে নিতৌ ক্ৰয় কৰি আহিছে যাৰ পিচত আমি বহু ৰোগত ভুগিবলগীয়া হয় ৷ সেয়ে ক্ৰয় কৰাৰ পূৰ্বে আমি ভালদৰে খাদ্য সামগ্ৰীৰ পৰীক্ষণ কৰা উচিত যাতে ইয়াৰ পৰা আমি কোনো ৰোগত যাতে ভুগিবলগীয়া নহয় ৷

প্ৰায়েই আমি ভালদৰে পৰীক্ষা নকৰাকৈ বজাৰৰ পৰা পনীৰ ক্ৰয় কৰো ৷ যাক খোৱাৰ পিচত আমি বহু ৰোগক আমাৰ দেহলৈ নিমন্ত্ৰণ জনাও সেয়ে আজিৰ পৰা পনীৰ ক্ৰয় কৰাৰ পূৰ্বে পনীৰখিনি আচল নে নকল চিনাক্ত কৰিবলৈ তলত উল্লেখিত এই পদ্ধতিসমূহ অনুসৰণ কৰিব পাৰে-

প্ৰেচাৰ টেষ্ট

বজাৰৰ পৰা অনা পনীৰ প্লেট এখনত উলিয়াই লওক ৷ অতি লঘু চাপ দি হাতেৰে গুড়ি কৰিবলৈ চেষ্টা কৰক ৷ যদি ই বিয়পি পৰে বা টুকুৰা টুকুৰ হৈ পৰে তেন্তে ইয়াৰ অৰ্থ হ’ল ইয়াত কোনো ভেজাল নাই ৷ যদি এনে নহয়, তেন্তে ই ভেজাল হোৱাটো সম্ভৱ ৷ দৰাচলতে ভেজাল পনীৰত যোগ কৰা মৌলবোৰে গাখীৰৰ গুণাগুণ নোহোৱা হৈ যোৱাৰ ফলত ই কঠিন হৈ পৰাৰ ফলত ই বিয়পি নপৰে ৷

আয়’ডিন পৰীক্ষা

পনীৰৰ সৰু অংশ লৈ ৫ মিনিটমান পানীত উতলিবলৈ দিয়ক ৷ প্লেট এখনত উলিয়াই দিয়াৰ পিচত ঠাণ্ডা হ’বলৈ দিব ৷ ইয়াৰ পিচত ইয়াৰ ওপৰত কেইটোপালমান আয়’ডিন টিংচাৰ দিব ৷ যদি পনীৰৰ ৰং নীলা হয় তেন্তে ইয়াৰ অৰ্থ হ’ল গাখীৰত কৃত্ৰিম উপাদান মিহলাই এই পনীৰ তৈয়াৰ কৰা হৈছে ৷

ৰহৰ দালিৰ সৈতে পৰীক্ষা

প্ৰথমে এটা পাত্ৰত পানীত পনিৰৰ টুকুৰা এটা লৈ উতলিবলৈ দিয়ক ৷ তাত এক চামুচ ৰহৰ দালি(Toor Dal) দি দিয়ক ১০ মিনিটৰ বাবে ৰাখক ৷ যদি পনিৰৰ পাতল ৰং ৰঙা হয়, তেন্তে ইয়াৰ পৰা দেখা যায় যে ইয়াত ডিটাৰজেণ্ট বা ইউৰিয়া মিহলি থাকিব পাৰে ৷

ক্ৰয় কৰাৰ পূৰ্বে পৰীক্ষা কৰক

যদি আপুনি কোনো মিঠাইৰ দোকানৰ পৰা পনীৰ কিনিব খোজে, তেন্তে তেওঁলোকৰ পৰা সোৱাদ ল’বলৈ সৰু এটুকুৰা পনীৰ খোজক ৷ খোৱাৰ পিচত যদি আপুনি পনিৰটো অলপ টান অনুভৱ কৰে বা টেঙা অনুভৱ কৰে তেন্তে ইয়াত কৃত্ৰিম উপাদান থাকিব পাৰে ৷ আনহাতে যদি পনীৰ সতেজ আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা হয়, তেন্তে ই মুখতে গলি যাব ৷

লগতে পঢ়ক:কণী নে পনীৰ, কোনবিধত থাকে অধিক প্ৰ’টিন ?

ABOUT THE AUTHOR

...view details