অসম

assam

ETV Bharat / lifestyle

ইমান সহজ ৰেচিপি! দীপাৱলীত ঘৰতে এই পদ্ধতিৰে তৈয়াৰ কৰক মতিচূড় লাৰু

এইবাৰ পোহৰৰ উৎসৱ দীপাৱলীত এই ৰেচিপি অনুসৰণ কৰি আপুনিও ঘৰতে অতি সহজে বজাৰৰ দৰে মতিচূড় লাৰু ঘৰতে বনাব পাৰে ৷

Diwali Special: how to make motichoor laddu at home easily
ইমান সহজ ৰেচিপি! দীপাৱলীত ঘৰতে এই পদ্ধতিৰে তৈয়াৰ কৰক মতিচূড় লাৰু (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : 4 hours ago

যদি আপুনি দীপাৱলীত ঘৰতে মতিচূড় লাৰু বনাব বিচাৰে তেন্তে আমি আজি আপোনাৰ বাবে এনে এক এটা সহজ ৰেচিপি লৈ আহিছো যাৰ সহায়ত আপুনি অতি সহজে ঘৰতে মতিচূড় লাৰু বনাব পাৰে ৷ এই ৰেচিপি অনুসৰণ কৰি আপুনি মতিচূড় লাৰুক একেবাৰে বজাৰৰ দৰে বনাব পাৰে ৷ এই মতিচূড় লাৰুবোৰ ধনতেৰচ আৰু দীপাৱলীতো ভগৱানক অৰ্পণ কৰিব পাৰি ৷ লগতে যদি আপুনি বজাৰৰ মিঠাই খাবলৈ ভাল নাপায়, তেন্তে ঘৰতে মতিচূড় লাৰু বনাব পাৰে-

মতিচূড় লাৰু বনোৱাৰ উপকৰণ-

  • বেচন
  • কমলা বা হালধীয়া ৰং
  • চেনি
  • চিৰালৰ গুটি
  • দেশী ঘিউ
  • ইলাচিৰ গুড়ি সোৱাদ অনুসৰি

মতিচূড় লাৰু বনোৱাৰ পদ্ধতি

মতিচূড় লাৰু বনাবলৈ প্ৰথমে এটা বাটিত বেচন লৈ লওক ৷ এতিয়া ইয়াত হালধীয়া বা কমলা ৰঙৰ ৰং দিব ৷ এতিয়া তাত পানী দিব ৷ ভালদৰে মিহলাই লওক ৷ মনত ৰাখিব যে ইয়াত কোনো ধৰণৰ গোটা অংশ থাকিব নালাগে ৷ এতিয়া পাইপিং বেগ বা যদি পাইপিং বেগ নাই গাখীৰৰ পেকেটত বেটাৰখিনি ভৰাই লৈ আগটো একেবাৰে সৰুকৈ কাটি

এতিয়া কেৰাহীত ঘিউ বা তেল দি বুণ্ডিয়াৰ দ্ৰৱবোৰ লাহে লাহে দি থাকক ৷ এতিয়া ই অলপ সোণালী ৰঙৰ হ’লে এখন জালনা হেতাৰ সহায়ত ইয়াক উঠাই লওক ৷

এই ৰেচিপিত আপুনি ঘিউত বুণ্ডিয়া নভজাকৈও ঘিউৰ সোৱাদ দিব পাৰে ৷ এতিয়া ভজা বুণ্ডিয়াখিনি এফালে ৰাখক ৷ এতিয়া এখন কেৰাহীত একাপ পানী দি তাত একাপতকৈ আধা চেনি দি ইচ্ছা কৰিলে অলপ ফুড কালাৰ দি চেনিখিনি গলি যোৱালৈ ৰওক ৷ তাৰ পিচত ইয়াত বুণ্ডিয়াখিনি ঢালি ভালদৰে 6-7 মিনিট কম জুইত ভালদৰে লৰাই গেছ বন্ধ কৰি দিয়ক ৷ এতিয়া ইয়াত ইচ্ছা কৰিলে ইলাচিৰ গুড়ি আৰু চিৰালৰ বগা গুটিখিনি দি ভালদৰে মিহলাই লওক ৷ এতিয়া গৰমা গৰমে 2 চামুচ ঘিউ দি ভালদৰে মিহলাই 20-30 মিনিট ঠাণ্ডা হ’বলৈ থৈ দিয়ক ৷ এতিয়া ইয়াৰ লাৰু তৈয়াৰ কৰি পৰিৱেশন কৰক ৷

লগতে পঢ়ক:চিৰাৰে ঘৰতে অতি সহজে তৈয়াৰ কৰক এই সুস্বাদু বড় - Poha Cutlet Recipe

ABOUT THE AUTHOR

...view details