ETV Bharat / lifestyle

ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ ? - YEARLY ZODIAC GUIDE 2025

ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ ? ভাল ফল লাভ কৰিবলৈ কি প্ৰতিকাৰ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই-

YEARLY ZODIAC GUIDE 2025
ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 12 hours ago

মেষ ৰাশি: মেষ ৰাশিৰ অধিপতি হৈছে মংগল ৷ সেয়ে সংখ্যাত্বত্তৰ দিশৰ পৰা এই বছৰটো মেঘ ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে ভাল ৷ কিন্তু এই ৰাশিৰ জাতক-জাতিকাসকলৰ মাৰ্চ মাহৰ পাছত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷ মাৰ্চ মাহলৈ এই ৰাশিৰ শনি একাদশত থাকিব আৰু মে' মাহলৈ ধনস্থানত বৃহস্পতি থাকিব ৷ গতিকে এই সময়ছোৱাত ব্যৱসায়ৰ পৰা আৰম্ভ আৰ্থিক দিশত ভাল ফল লাভ কৰিব ৷ কিন্তু তাৰ পাছৰ সময়ছোৱা কিছু সমস্যাত পৰিব পাৰে ৷ অযথা খৰচ হ'ব পাৰে, পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ আদি হ'ব পাৰে ৷ আনহাতে যি সকলে বিদেশ ভ্ৰমণ কৰিম বুলি ভাবিছে বাহিৰত পঢ়িম বুলি ভাবিছে তেওঁলোকৰ বাবে এই বছৰটো ভাল হ'ব ৷ প্ৰতিকাৰ হিচাপে এই বছৰত এই ৰাশিৰ জাতক-জাতিকা সকলে হনুমান পূজা কৰিব পাৰিলে ভাল ৷ দৈনিক হনুমান চলিছা পাঠ কৰাৰ লগতে, একেৰাহে ৯ দিন হনুমান মন্দিৰ গৈ বাবাৰ ওচৰত সেন্দুৰ আৰু ৰঙা জবা অৰ্পণ কৰিলে ভাল ফল লাভ কৰিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰো মাৰ্চ মাহলৈ কৰ্মক্ষেত্ৰত প্ৰত্যহ্বান থাকিব ৷ মাৰ্চৰ মাহৰ পৰা ভাল ফল লাভ কৰিব ৷ বৰ্তমান মেঘ ৰাশিৰ ওপৰত বৃহস্পতি সঞ্চাৰ হৈ আছে কিন্তু মে মাহৰ পাছৰ পৰা ধন স্থানত বৃষ ৰাশিৰ সঞ্চাৰ ঘটিব ৷ সেয়ে এই ৰাশিৰ জাতক-জাতিকাসকলৰ ধন লাভৰ যোগ আছে, চাকৰিৰ বাবে চেষ্টা কৰি থকা সকলৰ লাভ হ'ব ৷ বেয়া হোৱা সম্পর্কবোৰ এই বর্ষত ভাল হ'ব ৷ এই ৰাশিৰ জাতক-জাতিকা সকলে মা লক্ষ্মীৰ পূজা কৰিব পাৰিলে ভাল ৷

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

মিথুন ৰাশি: মিথুন ৰাশিত মে' মাহৰ পাছত ৰাশিত বৃহস্পতি সঞ্চাৰ ঘটিব ৷ গতিকে ব্যৱসায় বৃদ্ধি হ'ব , ব্যৱসায় সম্প্ৰসাৰণ হ'ব, বিয়াৰ বাধা আঁতৰিব, সম্পৰ্ক সমূহ ভাল হ'ব, শৰীৰ ভাল হ'ব ,বেমাৰ আজাৰবোৰ নাইকীয়া হ'ব ৷ কিন্তু কিছুক্ষেত্ৰত হোৱা কাম সমূহো আধৰুৱা হৈ ৰ'ব পাৰে ৷ লগতে প্ৰেম আদিত ভুল বুজা-বুজি হ'ব পাৰে ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে গণেশ পূজা কৰাৰ লগতে , গণেশ মন্দিৰ দৰ্শন কৰিব পাৰিলে ভাল ৷

কৰ্কট ৰাশি: এই ৰাশিৰ অধিপতি চন্দ্ৰ ৷ আনহাতে ২০২৫ বৰ্ষৰ নম্বৰটোত দুটা ২ থাকে আৰু ২ চন্দ্ৰৰ নম্বৰ ৷ সেয়ে অকমান আবেগিক ভাবে ভাৰসাম্যহীনতাত ভুগিব পাৰে ৷ অত্যাধিক আত্মবিশ্বাসী হৈ বা আবেগ, খং-ৰাগ আদিৰ বশৱৰ্তী হৈ কিছুমান ভুল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৷ গতিকে নিজকে নিয়ন্ত্ৰণ কৰি চলাটো ভাল ৷ এই বৰ্ষটোত এই ৰাশিৰ জাতক-জাতিকা সকলৰ খৰছো থাকিব আৰু উপাৰ্জনো থাকিব ৷ সেয়ে সঞ্চয়ত গুৰুত্ব দিলে তেওঁলোকৰ বাবে এইটো বছৰ ভাল হ'ব লগতে পঢ়া-শুনা কৰা লৰা-ছোৱালীৰ বাবে এইটো বছৰ ভাল হ'ব ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে মহাদেৱৰ আৰাধনা কৰাটো ভাল ৷

সিংহ ৰাশি: ২০২৫ বৰ্ষৰ অধিপতি মংগল হয় আনহাতে সিংহ ৰাশিৰ অধিপতি ৰবি হয় ৷ গতিকে এই বৰ্ষত এই ৰাশিৰ জাতক-জাতিকা সকলৰ শক্তি থাকিব, কাম কিছুমান আগবাঢ়িব ৷ বহুক্ষেত্ৰত সফলতা লাভ কৰিব ৷ বিবাহ, পঢ়া-শুনা আদিৰ বাধা সমূহ আঁতৰিব ৷ ব্যৱসায়ৰ বাধা সমূহ আঁতৰিব ৷ বিগত বৰ্ষতকৈ ২০২৫ বৰ্ষটো এই ৰাশিৰ লোক সকলৰ বাবে ভাল ৷ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে লগতে কৰোৱাৰ পৰা প্ৰতাৰিত হ'ব পাৰে ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে সূৰ্য্যৰ আৰাধনা কৰাটো ভাল ৷ লগতে আদিত্য হৃদয়ম স্তোত্র সদায় নোৱাৰিলেও দেওবাৰে দেওবাৰে পাঠ কৰিব পৰিলেও ভাল ফল লাভ কৰিব ৷

কন্যা ৰাশি: এই ৰাশিৰ জাতক-জাতিকাসকলৰ মাৰ্চ মাহৰ পাছত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷ বেমাৰ-আজাৰ বৃদ্ধি পাব, ব্যৱসায়ত অসুবিধা হ'ব, পতি-পত্নীৰ মাজত কাজিয়া হ'ব পাৰে ৷ কঁকালৰ পৰা তলৰ ফালে যিকোনো ধৰণৰ বেমাৰ-আজাৰ হ'ব পাৰে ৷ বিত্তীয় ক্ষেত্ৰতো অকমান লোকচান হ'ব পাৰে ৷ সেয়ে এই ৰাশিৰ জাতক-জাতিকাসকলে এই বৰ্ষটো অকমান সাৱধান হৈ থকাটো ভাল ৷ কৰ্মস্থানত বৃহস্পতি মে' মাহৰ পাছত আহিব , গতিকে তেওঁলোকৰ ক্ষেত্ৰত কৰ্ম ভাল হ'ব কিন্তু কামত প্ৰত্যহ্বান আহিব ৷প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে একেৰাহে ৯ টা বুধবাৰে গণেশ দেৱতাৰ পুজা কৰাটো ভাল ৷

তুলা ৰাশি: এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ২০২৫ বৰ্ষটো ভাল হ'ব ৷ ভাগ্যস্থানত বৃহস্পতি অৱস্থান কৰা বাবে মে' মাহৰ পৰা খুব ভাল হ'ব ৷ শত্ৰু নাশ হ'ব ৷ বেমাৰ-আজাৰ নিৰাময় হ'ব ৷ বহুক্ষেত্ৰৰ পৰা এই বছৰটোত এটা ভাল ফলাফল লাভ কৰিব ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে পাৰফিউম, যিকোনো আটৰ, বা যি কোনো সুগন্ধি ব্যৱহাৰ কৰিব পাৰে ৷ একো নোৱাৰিলে ঘৰৰ পৰা ওলাই যাওঁতে গোপাল জল ব্যৱহাৰৰ কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: এইবছৰত বহু বাধাৰ মাজেৰে গৈ গৈ সফলতা লাভ কৰিব ৷ কিন্তু ডাঙৰৰ পৰা অপমানিত হ'ব পাৰে, বেমাৰ-আজাৰ হ'ব পাৰে, প্ৰেমত প্ৰতাৰিত হ'ব পাৰে ৷ বাকী টকা-পইচা, পঢ়া শুনা আদিৰ দিশত ভাল ৷ গতিকে এই ৰাশিৰ জাতক-জাতিকা সকলে মা-দূৰ্গাৰ আৰাধনা কৰিব পাৰিলে ভাল ৷ ২০২৫ বৰ্ষৰ দুটা নৱৰাত্রীৰ এটা হ'লেও পালন কৰিব পাৰিলে ভাল ৷

ধনু ৰাশি: এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ২০২৫ বৰ্ষটো ভাল হ'ব ৷ ব্যৱসায়ৰ বৃদ্ধিৰ যোগ, সম্পৰ্ক ভাল হ'ব, বিয়াৰ বাধা আঁতৰিব, সন্তানৰ ক্ষেত্ৰত ভাল হ'ব, পঢ়া-শুনা ভাল হ'ব ৷ কিন্তু মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ লগত কাজিয়া হ'ব পাৰে বা বন্ধুৰ পৰা বেয়াকৈ আঘাট পাব পাৰে ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে ধৰ্মীয় যিকোনো স্থানত কিতাপ-পত্ৰ দান কৰিব পাৰিলে ভাল ফল ভাল কৰিব ৷

মকৰ ৰাশি: এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ২০২৫ বৰ্ষটো ভাল হ'ব ৷ এই ৰাশিৰ জাতক-জাতিকাসকলৰ চাৰেছাতি মাৰ্চ মাহত শেষ হ'ব ৷ বেমাৰ-আজাৰ আঁতৰিব, বহুক্ষেত্ৰত সফলতা অৰ্জন কৰিব, বাধা সমূহ আঁতৰিব ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে শনিবাৰে আঁহত গছৰ গুৰিত পানী, গাখীৰ, কলা তিল , লং, নীলা অপৰাজিতা মিলাই ধলিব পৰিলে ভাল ৷

কুম্ভ ৰাশি: এই ৰাশিত বৰ্তমান অৱস্থাত শনি চন্দ্ৰত বহি আছে ৷ মাৰ্চৰ পিচত শনি ৰাশিৰ পৰা আঁতৰিব ৷গতিকে তেওঁলোকৰ সফলতা অৰ্জন হ'ব ৷ মানসিক ভয় শংকা আদি নাইকীয়া হ'ব ৷ বিত্তীয় দিশত ভাল ফল লাভ কৰিব ৷ নতুন প্ৰেম আহিব ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকা সকলে শনিৰ প্ৰতিকাৰ কৰিব পাৰিলে ভাল ৷ যিকোনো ধৰ্মীয় স্থানীয় মাটি ঘৰত ৰাখি, দৰকাৰী কামত ওলাই গলে সেই মাটিৰে তিলক কৰি ঘৰত পৰা ওলাই যাব পাৰে ৷

মীন ৰাশি: এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ২০২৫ বৰ্ষটোত বহুত বেছি চিন্তা(Stress) হ'ব পাৰে ৷ বেমাৰ-আজাৰ বাঢ়িব পাৰে ৷ বিশ্বাস কমিব পাৰে ৷ পাৰিবাৰিক তথা অৰ্থ ভাগ্য ভালে থাকিব ৷ গতিকে এই বছৰটো সাৱধানে থকাটো প্ৰয়োজন ৷ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক-জাতিকাসকলে ঔমঃ নমো ভগৱতে বাসুদেৱাই নমঃ এই মন্ত্ৰ প্ৰতি বৃহস্পতিবাৰে ১০৮ বাৰ জপ কৰিব পাৰিলে ভাল ৷

বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা । ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।

লগতে পঢ়ক: জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ ২০২৫ বৰ্ষটো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.