ভিটামিনৰ ভাল উৎস: ঘিঁউত ভিটামিন এ, ডি, ই আৰু কে আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে, যিবোৰ শৰীৰৰ বাবে অপৰিহাৰ্য ৷ যেনে হাড় শক্তিশালী কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ঘিউ অতি উপকাৰী ৷
স্মৃতিশক্তি আৰু মগজুৰ বাবে ভাল: ঘিঁউ মগজুৰ বাবে এক উৎকৃষ্ট খাদ্য ৷ ইয়াৰ কাৰণ ইয়াত ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে মগজুৰ ক্ষমতা বৃদ্ধি কৰে আৰু স্মৃতিশক্তি বৃদ্ধি কৰে ৷
প্ৰদাহ কমায়:সৰিয়হৰ তেলত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে ৷ বাতবিষৰ দৰে সমস্যাৰ সৈতে লগত জড়িত ৰোগৰ পৰা সকাহ দিয়াতো ই উপযোগী ৷
সমৃদ্ধ এন্টিঅক্সিডেন্ট: সৰিয়হৰ তেলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেমীয়া কৰে ৷
যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে সৰিয়হৰ তেল এটা উত্তম বিকল্প হ’ব পাৰে ৷ একে সময়তে যদি আপুনি মগজু, হজম শক্তি আৰু ছালক পুষ্টি দিব বিচাৰে তেন্তে ঘিঁউ খাব পাৰে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)