১৩ ফেব্ৰুৱাৰী, অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাৰ ২৬ ফেব্ৰুৱাৰীত অন্ত পৰিব ৷ চলিত মাহৰ শেষৰ ফালে ইয়ালৈ সমৱেশ ঘটিব আমেৰিকা আৰু ইউৰোপৰ পৰা অহা পণ্ডিতসকলৰ ৷ লগতে তেওঁলোকে অধ্যয়ন কৰিব হিন্দু ধৰ্মৰ প্ৰকৃত সাৰমৰ্ম ৷ মহাকুম্ভ পবিত্ৰ নদীবোৰৰ পাৰত আয়োজন কৰা হয় ৷ ইয়াত গংগা, যমুনা আৰু অদৃশ্য সৰস্বতী নদীৰ সংগম ঘটে ৷ যাক ত্ৰিবেণী সংগম বোলা হয় ৷ হিন্দু ধৰ্মত মকৰ সংক্ৰান্তিৰ দিনা স্নান কৰাৰ গুৰুত্ব অতি বেছি ৷ মকৰ সংক্ৰান্তিৰ পবিত্ৰ উৎসৱত মানুহে পবিত্ৰ নদীত স্নান কৰে ৷
১৩ ফেব্ৰুৱাৰীৰ দিনটোত মহাকুম্ভত প্ৰথম স্নান কৰিবলৈ প্ৰয়াগৰাজত উপস্থিত হয় লাখ লাখ ভক্ত ৷ এই শীতকালত ঘাটৰ পানী অতি ঠাণ্ডা হয় ৷ কিন্তু ঠাণ্ডা পানীত গা ধোৱাৰ আছে বহু উপকাৰিতা ৷
ঠাণ্ডা পানীত ডুব গৈ গা ধোৱাৰ উপকাৰিতা
বিষৰ পৰা উপশম
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে, ঠাণ্ডা পানীয়ে শৰীৰৰ বিষ আৰু ফুলা হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷ পেশীৰ আৰোগ্য ক্ষিপ্ৰতাৰে কৰিব পাৰে ৷
মেজাজ পৰিৱৰ্তন
ঠাণ্ডা পানীৰে গা ধুলে শৰীৰত এণ্ড’ৰ্ফিন নিৰ্গত হয় ৷ যাক হেপি হৰম’ন বুলি কোৱা হয় ৷ এনে ক্ষেত্ৰত ঠাণ্ডা পানীত গা ধুলে মেজাজ উন্নত হয় ৷ কেৱল সেয়াই নহয় মানসিক চাপ আৰু উদ্বেগ হ্ৰাস পায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব পাৰে ৷
কেৱল উপকাৰেই নহয়, ঠাণ্ডা পানীত গা ধুলে অপকাৰো হয়
কিন্তু শীতকালত ঠাণ্ডা পানীত গা ধুলে ক্ষতিও হ’ব পাৰে ৷ কাৰণ সকলোৰে শৰীৰৰ স্বভাৱ বেলেগ বেলেগ ৷ গতিকে ইয়াৰ বিষয়ে জনাৰ পিছত আৰু স্বাস্থ্যৰ অৱস্থা অনুসৰি শীতকালত ঠাণ্ডা পানীৰে গা ধুব লাগে ৷
হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যা
হঠাতে ঠাণ্ডা পানীৰ সংস্পৰ্শলৈ আহিলে আপোনাৰ ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি পাব পাৰে ৷ গতিকে যিসকল লোকৰ ইতিমধ্যে হৃদস্পন্দন সম্পৰ্কীয় কিবা এটা সমস্যা আছে, তেওঁলোকে ঠাণ্ডা পানীত গা ধুলে ক্ষতি কৰিব পাৰে ৷ যদি আপোনাৰ হৃদৰোগ আছে তেন্তে এই ডুব দি গা ধোৱাৰ আগতে চিকিৎসকৰ সৈতে কথা পাতক ৷
গতিকে যদি আপোনাৰ কোনো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে বা চৰ্দি, কাহ বা জ্বৰ হয়, তেন্তে প্ৰথমে চিকিৎসকৰ লগত কথা পাতিব ৷ ইয়াৰ বাহিৰেও প্ৰথমে আপোনাৰ শৰীৰৰ প্ৰয়োজন আৰু স্বৰূপ বুজিব লাগিব ৷
উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC9518606/
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক