অসম

assam

ETV Bharat / international

2024 বৰ্ষ : সমগ্ৰ বিশ্বত ৰাজনৈতিক পৰিৱৰ্তনৰ এটা বছৰ - YEARENDER 2024

ভাৰত, আমেৰিকা, জাপান আৰু আন কেইবাখনো ৰাষ্ট্ৰই ২০২৪ চনত নিৰ্বাচনৰ সাক্ষী হয় । ই টিভি ভাৰতৰ অৰুণিম ভূঞাৰ বছৰটোৰ বিশ্ব ৰাজনীতিৰ ওপৰত এক আলোকপাত ।

Yearender 2024
ইলন মাস্কৰ সৈতে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প (AP)

By Aroonim Bhuyan

Published : 6 hours ago

বিশ্বৰ ৰাজনীতিত এক পৰিৱৰ্তনশীল মুহূৰ্ত হিচাপে চিহ্নিত হৈছে ২০২৪ বৰ্ষটো । এই বছৰটোত অভিলেখ সংখ্যক গুৰুত্বপূৰ্ণ নিৰ্বাচনে শাসন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ভৱিষ্যত গঢ়ি তোলে ।

চীনৰ সৈতে উত্তেজনাৰ মাজত টাইৱানৰ প্ৰতিৰক্ষা কেন্দ্ৰীভূত ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকাল নিৰ্ধাৰণ কৰা ভাৰতৰ গুৰুত্বপূৰ্ণ সংসদীয় নিৰ্বাচনলৈকে, ৰাজনৈতিক দৃশ্যপটত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যায় ।

আমেৰিকাত ৰিপাব্লিকান ড'নাল্ড ট্ৰাম্পক দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে ঘূৰাই অনা প্ৰত্যক্ষ কৰে দেশবাসীয়ে । আনহাতে, মেক্সিকোৱে বামপন্থী নেতৃত্বৰ অধীনত ধাৰাবাহিকতাক পছন্দ কৰে । ইফালে ইউৰোপৰ জনসাধাৰণে অষ্ট্ৰিয়া আৰু বেলজিয়ামত জাতীয়তাবাদী দলসমূহৰ উত্থানৰ সৈতে যুঁজ দিয়াটো প্ৰত্যক্ষ কৰে, যিয়ে বিস্তৃত জনপ্ৰিয়তাৰ প্ৰৱণতাক প্ৰতিফলিত কৰে ।

ভাৰতৰ নিকটতম চুবুৰীয়া দেশৰ পৰা আৰম্ভ কৰি ২০২৪ চনত অনুষ্ঠিত কেইটামান গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ ওপৰত এক অৱলোকন ।

বাংলাদেশ

বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (AP)

২০২৪ চনৰ ৭ জানুৱাৰীত অনুষ্ঠিত বাংলাদেশৰ সংসদীয় নিৰ্বাচনে দেশৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত অধ্যায় হিচাপে চিহ্নিত কৰে । ৩৫০ জনীয়া জাতীয় সাংসদৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনে তেওঁলোকৰ নিৰপেক্ষতা, অন্তৰ্ভুক্তি আৰু গণতান্ত্ৰিক অখণ্ডতাৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হয় ।

বাংলাদশত গণ বিক্ষোভ (AP)

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত শাসনাধিষ্ঠিত আৱামী লীগে একেৰাহে চতুৰ্থবাৰৰ বাবে শাসনৰ বাঘজৰী সুৰক্ষিত কৰে আৰু প্ৰতিদ্বন্দ্বিতা কৰা ৩০০ খন আসনৰ ভিতৰত ২২৪ খন আসন লাভ কৰে । অৱশ্যে বাংলাদেশ নেচনেলিষ্ট পাৰ্টীকে (বি এন পি) ধৰি মুখ্য বিৰোধী দলসমূহৰ নিৰ্বাচন বৰ্জনৰ ফলত এই নিৰ্বাচন ক্ষতিগ্ৰস্ত হয় । এই দলকেইটাই চৰকাৰক বিৰোধীৰ কণ্ঠৰোধ কৰা আৰু এক অসমতা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে ।

নিৰ্বাচনৰ পিছত বিশ্ব সম্প্ৰদায়ৰ প্ৰতিবাদ আৰু সমালোচনাও দেখা যায় । আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে প্ৰক্ৰিয়াটোৰ গণতান্ত্ৰিক বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ পিছত ২০২৪ চনৰ জুলাই আৰু আগষ্ট মাহত চাকৰি সংৰক্ষণৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীৰ আন্দোলন এক গণ বিদ্ৰোহত পৰিণত হয় । যাৰ ফলত শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হয় । ফলত দ্বাদশ জাতীয় সংসদ ভংগ হয় আৰু মুখ্য উপদেষ্টা হিচাপে নোবেল বঁটাবিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ স্থাপন কৰা হয় । গণতান্ত্ৰিক নিয়মসমূহ পুনৰুদ্ধাৰ কৰিবলৈ ভাৰতৰ পূব প্ৰান্তৰ চুবুৰীয়া দেশখনত নতুন নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে ।

ভূটান

হিমালয়ান দেশ ভূটানত ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত 30 নৱেম্বৰ, 2023 তাৰিখে প্ৰাথমিক ৰাউণ্ড আৰু 9 জানুৱাৰী, 2024 তাৰিখে অন্তিম পৰ্যায় অনুষ্ঠিত হয় । ২০০৮ চনত গণতন্ত্ৰলৈ ৰূপান্তৰিত হোৱাৰ পিছত এয়া আছিল দেশখনত অনুষ্ঠিত চতুৰ্থ সংসদীয় নিৰ্বাচন ।

প্ৰাথমিক ৰাউণ্ডৰ পৰা ওলাই অহা শীৰ্ষ দুটা দল পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টী (পি ডি পি) আৰু ভূটান টেণ্ড্ৰেল পাৰ্টী (বি টি পি)ৰ মাজত চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় । তাত নেচনেল এছেম্বলীৰ 47 খন আসনৰ ভিতৰত 30 খন আসন লাভ কৰি পিডিপি বিজয়ী হয় । এই বিজয়ে শ্বেৰিং টবগেক দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ঘূৰাই আনে । তেওঁ পূৰ্বতে 2013 চনৰ পৰা 2018 চনলৈ এই ভূমিকাত কাৰ্যনিৰ্বাহ কৰিছিল ।

পাকিস্তান

পত্নীৰ সৈতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান (AP)

ভাৰতৰ আন এখন চুবুৰীয়া দেশ পাকিস্তানত ৮ ফেব্ৰুৱাৰীত নেচনেল এছেম্বলীৰ নিৰ্বাচন অনুষ্ঠিত হয় । নিৰ্বাচনৰ মুখ্য বিষয়বোৰৰ ভিতৰত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ (পি টি আই) নিৰ্বাচনৰ পৰা বাহিৰত থকা । তেওঁৰ কাৰাবাস আৰু পিটিআইৰ নিৰ্বাচনী প্ৰতীক নিষিদ্ধ কৰাৰ পিছত পিটিআইৰ সৈতে জড়িত বহুতো প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি 100 খনতকৈও অধিক আসন লাভ কৰে আৰু এছেম্বলীৰ একক সৰ্ববৃহৎ গোট হৈ পৰে ।

অৱশ্যে চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয় মিত্ৰজোঁটৰ অভাৱ আছিল । নৱাজ শ্বৰীফৰ নেতৃত্বত পাকিস্তান মুছলিম লীগ-নৱাজ (পি এম এল-এন) ৭৫ খন আসনলাভ কৰি সৰ্ববৃহৎ আনুষ্ঠানিক দল হিচাপে আত্মপ্ৰকাশ কৰে । তাৰ পিছত ৫৪ খন আসন লাভ কৰি পাকিস্তান পিপ'লছ পাৰ্টী (পি পি পি) । পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত পিএমএল-এন আৰু পিপিপিৰ দ্বাৰা সৰু সৰু দলসমূহৰ সৈতে এক মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা হয় ।

শ্ৰীলংকা

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়েকে (AP)

শ্ৰীলংকাত ২১ ছেপ্টেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত নেচনেল পিপ'লছ পাৱাৰ (এন পি পি) মিত্ৰজোঁটৰ অনুৰা কুমাৰা দিচানায়েকে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক পৰাস্ত কৰি ৰাষ্ট্ৰপতি পদ সুৰক্ষিত কৰে । এই বিজয়ে পূৰ্বৱৰ্তী শাসনৰ পৰা পৰিৱৰ্তন সূচায় আৰু শেহতীয়া বছৰবোৰৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ সময়ত শাসনাধিষ্ঠিত অভিজাতসকলৰ প্ৰতি ব্যাপক অসন্তুষ্টিৰ প্ৰতিক্ৰিয়া হিচাপে দেখা যায় ।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত ১৪ নৱেম্বৰত সংসদীয় নিৰ্বাচন অনুষ্ঠিত হয় । এন পি পিয়ে এক ঐতিহাসিক বিজয়েৰে 225 খন আসনৰ ভিতৰত 159 খন আসন লাভ কৰে, যিটো শ্ৰীলংকাৰ সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ অধীনত অভূতপূৰ্ব । এই অতি সংখ্যাগৰিষ্ঠতাই এনপিপিক দলটোৰ উচ্চাভিলাষী সংস্কাৰ কাৰ্যসূচী অনুসৰণ কৰিবলৈ সক্ষম কৰে । ইয়াৰ ভিতৰত আছে সাংবিধানিক পৰিৱৰ্তন আৰু অৰ্থনৈতিক পুনৰ্গঠন । এইবাৰ সংসদত মহিলাৰ প্ৰতিনিধিত্ব যথেষ্ট বৃদ্ধি পায় । শ্ৰীলংকাৰ ইতিহাসত এক অভিলেখ সৃষ্টি কৰি মুঠ 21 গৰাকী মহিলা সাংসদ নিৰ্বাচিতহয় ।

ইণ্ডোনেছিয়া

দক্ষিণ এছিয়াৰ পৰা আঁতৰি গ'লে আমি দেখিম যে ২০২৪ বৰ্ষত দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰ ইণ্ডোনেছিয়াতো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় । ৰাষ্ট্ৰপতি নিৰ্বাচন এই সাধাৰণ নিৰ্বাচনৰ কেন্দ্ৰবিন্দু আছিল । নিৰ্বাচনত প্ৰবোও চুবিয়েণ্টো বিজয়ী হয় । 'অনৱাৰ্ড ইণ্ডোনেছিয়া কোৱালিচন'ৰ অধীনত চলি থকা আৰু জিব্ৰান ৰাকাবুমিং ৰাকাৰ (তদানীন্তন ৰাষ্ট্ৰপতি জোকো উইডোডোৰ পুত্ৰ) সৈতে মিলি প্ৰবোৱে তেওঁৰ মুখ্য প্ৰতিদ্বন্দ্বী গানজাৰ প্ৰণো আৰু আনিছ বাছৱেদানক পৰাস্ত কৰি প্ৰায় 58 শতাংশ ভোট লাভ কৰে । তেওঁৰ প্ৰচাৰ অভিযানে ৰাষ্ট্ৰীয় ঐক্য, অৰ্থনৈতিক বিকাশ আৰু বিদায়ী প্ৰশাসনৰ নীতিৰ ধাৰাবাহিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ।

টাইৱান

পূব এছিয়াৰ ৰাষ্ট্ৰ টাইৱানেও ১৩ জানুৱাৰীত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰপতি আৰু সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰে । ক্ষমতাসীন ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী (ডিপিপি)ৰ প্ৰাৰ্থী লাই চিং-টেয়ে ৪০ শতাংশ ভোট লাভ কৰি কুওমিনটাং (কে এম টি)ৰ হাউ য়ু-ইহ আৰু টাইৱান পিপ'লছ পাৰ্টী (টি পি পি)ৰ কো ৱেন-জেক পৰাস্ত কৰি ৰাষ্ট্ৰপতি পদ দখল কৰে ।

লাইৰ বিজয়ে ডি পি পিৰ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি হিচাপে বিজয় চিহ্নিত কৰে, যিটো এক ঐতিহাসিক মাইলৰ খুঁটি । তেওঁৰ প্ৰচাৰ অভিযানে টাইৱানৰ সাৰ্বভৌমত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইয়াৰ উপৰি বেইজিঙৰ 'এক দেশ, দুটা ব্যৱস্থা' আন্তঃগাঁথনি প্ৰত্যাখ্যান কৰে আৰু গণতান্ত্ৰিক মিত্ৰশক্তি, বিশেষকৈ আমেৰিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতিশ্ৰুতি দিয়ে । লাইৰ দৃষ্টিভংগীয়ে বিদায়ী ৰাষ্ট্ৰপতি টচাই ইং-ৱেনৰ নীতিৰ ধাৰাবাহিকতা প্ৰতিফলিত কৰে, বিশেষকৈ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় মিত্ৰতাৰ ওপৰত ।

জাপান

প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাৰ দ্বাৰা ৰাষ্ট্ৰীয় সংসদৰ নিম্ন সদন হাউছ অব ৰিপ্ৰেজেণ্টেটিভছ আগতীয়াকৈ ভংগ কৰাৰ বাবে চলিত বৰ্ষৰ অক্টোবৰত পূব এছিয়াৰ আন এখন ৰাষ্ট্ৰ জাপানতো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় । এই নিৰ্বাচন ইশ্বিবাই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ এমাহ পিছত অনুষ্ঠিত হয় । তেওঁ ছেপ্টেম্বৰ মাহত লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টীৰ (এল ডি পি) সভাপতি নিৰ্বাচনত এক তীব্ৰ প্ৰতিদ্বন্দিতাত জয়ী হৈছিল । ইয়াৰ পূৰ্বে দলজুৰি দুৰ্নীতি কেলেংকাৰীৰ মাজতে তেওঁৰ নিম্ন অনুমোদন ৰেটিঙৰ বাবে ফুমিঅ' কিছিদাই দলটোৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ।

এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ৰাজনৈতিক উত্থান-পতন দেখিবলৈ পোৱা যায় । য'ত ক্ষমতাসীন এল ডি পিয়ে কোমেইটোৰ সৈতে মিত্ৰতা কৰি এক ঐতিহাসিক পৰাজয়ৰ সন্মুখীন হয় । লগতে 2009 চনৰ পিছত প্ৰথমবাৰৰ বাবে সংখ্যাগৰিষ্ঠতা হেৰুৱায় । এল ডি পি আৰু কোমেইটোৱে মাত্ৰ 215 খন আসন লাভ কৰে । কিন্তু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 233 খন আসন । এই ফলাফলত মিত্ৰজোঁটৰ পূৰ্বৰ ২৭৯ খন আসনৰ স্থিতিৰ পৰা যথেষ্ট হ্ৰাস পায়, যিটো দলৰ পুঁজি সংগ্ৰহৰ অনিয়মৰ সৈতে জড়িত দুৰ্নীতি কেলেংকাৰীৰ ওপৰত জনসাধাৰণৰ অসন্তুষ্টিক প্ৰতিফলিত কৰে । আনহাতে, মুখ্য বিৰোধী দল কনষ্টিটিউচনেল ডেম'ক্ৰেটিক পাৰ্টীয়ে (চি ডি পি) এই অসন্তুষ্টিক মূলধন হিচাপে ব্যৱহাৰ কৰি ইয়াৰ প্ৰতিনিধিত্ব ৯৮ খনৰ পৰা ১৪৮ খন আসনলৈ বৃদ্ধি কৰে ।

মৰিচাছ

ভাৰত মহাসাগৰৰ আন এখন দ্বীপৰাষ্ট্ৰ মৰিচাছতো এই বছৰ সংসদীয় নিৰ্বাচন অনুষ্ঠিত হয় । নিৰ্বাচনত প্ৰাক্তন প্ৰধানমন্ত্ৰী নবীন ৰামগুলামৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁট এলায়েন্স ডু চেঞ্জমেণ্ট বিজয়ী হয় । নিৰ্বাচনৰ ফলাফল নিৰ্ণায়ক আছিল । কিয়নো এলায়েন্স ডু চেঞ্জমেণ্টে নেচনেল এছেম্বলীৰ 62 খন আসনৰ ভিতৰত 60 খন আসন লাভ কৰে, যিয়ে ৰাজনৈতিক দৃশ্যপটত এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত প্ৰদান কৰে । এই বিজয়ে বিদায়ী প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনৌথৰ নেতৃত্বত পিপ'লছ এলায়েন্সৰ কাৰ্যকাল একপ্ৰকাৰ সমাপ্ত কৰে । এই মিত্ৰজোঁটে বৰ্ধিত জীৱন নিৰ্বাহ ব্যয়, দুৰ্নীতিৰ অভিযোগ আৰু অৰ্থনৈতিক সংগ্ৰামৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হয় । জগনৌথৰ দলে এখনো আসনত জয়লাভ কৰাত ব্যৰ্থ হয়, যাৰ ফলত তেওঁ পদত্যাগ কৰে ।

ফ্ৰান্স

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন (AP)

এই বছৰ ফ্ৰান্সতো ৩০ জুন (প্ৰথম ৰাউণ্ড) আৰু ৭ জুলাইত (দ্বিতীয় ৰাউণ্ড) সংসদীয় নিৰ্বাচন অনুষ্ঠিত হয় । নিৰ্বাচনত নেচনেল এছেম্বলীৰ ৫৭৭ জন সদস্যৰ আটাইকেইগৰাকী নিৰ্বাচিত হয় । ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে ইউৰোপীয় সংসদৰ নিৰ্বাচনত তেওঁৰ মিত্ৰজোঁটৰ সৈতে গুৰুত্বপূৰ্ণ পৰাজয়ৰ পিছত এছেম্বলী ভংগ কৰে । এই নিৰ্বাচনী দৌৰত তিনিটা মুখ্য গোটৰ আধিপত্য আছিল: মেক্ৰ'নৰ চৰকাৰপন্থী এনছেম্বল, বামপন্থী নিউ পপুলাৰ ফ্ৰণ্ট (এন এফ পি) আৰু অতি সোঁপন্থী নেচনেল ৰেলী (আৰ এন) ।

এই নিৰ্বাচনত এক ওলোমা সংসদ দেশখনে লাভ কৰে । কিয়নো নেচনেল ৰেলীয়ে সৰ্বাধিক আসন লাভ কৰিলেও সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাত ব্যৰ্থ হয় । প্ৰধানমন্ত্ৰী মিচ্চেল বাৰ্ণিয়াৰ, যাৰ চৰকাৰক কেৱল মেক্ৰ'নৰ মধ্যপন্থী শিবিৰ আৰু তেওঁৰ কনজাৰভেটিভ ৰাজনৈতিক দলৰ পৰা সমৰ্থন আছিল, এই মাহৰ আৰম্ভণিতে তেওঁৰ ব্যয় হ্ৰাস কৰা বাজেটৰ ওপৰত আস্থা ভোটত পৰাস্ত হয় । ফলত মেক্ৰ'নে মধ্যপন্থী সহযোগী ফ্ৰাঙ্কোইচ বায়ৰুক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে ।

ব্ৰিটেইন

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰ (AP)

এই বছৰ ব্ৰিটেইনতো অনুষ্ঠিত হয় সংসদীয় নিৰ্বাচন । এই নিৰ্বাচনে এক নাটকীয় ৰাজনৈতিক পৰিৱৰ্তন চিহ্নিত কৰে । যাৰ ফলত কেইৰ ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টীৰ বাবে এক বিশাল বিজয়ৰ সুযোগ কঢ়িয়াই আনে ।

৪ জুলাইত অনুষ্ঠিত এই নিৰ্বাচনে ১৪ বছৰৰ কনজাৰভেটিভ শাসনৰ সমাপ্তি ঘটায় । আনহাতে, লেবাৰ দলে ৬৫০ খন সংসদীয় আসনৰ ভিতৰত ৪০০ খনতকৈও অধিক আসন লাভ কৰি দশকটোত তেওঁলোকৰ সৰ্ববৃহৎ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰে । এই ফলাফলৰ কাৰণ আছিল কনজাৰভেটিভ পাৰ্টীৰ প্ৰতি জনসাধাৰণৰ ব্যাপক অসন্তুষ্টি । বিশেষকৈ অৰ্থনৈতিক অস্থিৰতা, জীৱনধাৰণৰ বৰ্ধিত ব্যয় আৰু আভ্যন্তৰীণ দলীয় বিভাজনৰ দৰে বিষয়ৰ ক্ষেত্ৰত । প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ কনজাৰভেটিভ দলে ইতিহাসত তেওঁলোকৰ আটাইতকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হয় । দলটোৱে মাত্ৰ 121 খন আসন দখল কৰে । পূৰ্বৰ নিৰ্বাচনৰ তুলনাত দলটোৱে 244 খন আসন হেৰুৱায় ।

আমেৰিকা যুক্তৰাষ্ট্ৰ

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প (AP)

ভাৰতত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ উপৰি বিশ্বৰ মুখ্য গুৰুত্ব আছিল এই বছৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰত । নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হয় । ৰিপাব্লিকান পাৰ্টীৰ টিকটত ২০১৭ চনৰ পৰা ২০২১ চনলৈ আমেৰিকাৰ ৪৫ সংখ্যক ৰাষ্ট্ৰপতি হৈ থকা ড'নাল্ড ট্ৰাম্প আৰু অ'হাইঅ'ৰ কনিষ্ঠ আমেৰিকান ছিনেটৰ জে ডি ভেন্সে ডেম'ক্ৰেটিক পাৰ্টীৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু মিনেচ'টাৰ গভৰ্ণৰ টিম ৱালজক পৰাস্ত কৰে ।

ট্ৰাম্প আৰু ভেন্সক ইলেক্টৰেল কলেজৰ দ্বাৰা আনুষ্ঠানিক নিৰ্বাচনৰ পিছত তেওঁলোকক 2025 চনৰ 20 জানুৱাৰী তাৰিখে 47 সংখ্যক ৰাষ্ট্ৰপতি আৰু 50 সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব অৰ্পণৰ কথা আছে ।

লগতে পঢ়ক :উভতি চাঁও ২০২৪ : ৰাজনৈতিক উত্থান-পতনৰ এটা বছৰ - INDIA POLITICAL TAMASHA
লগতে পঢ়ক :'২৪ ৰ ৰাজনীতি: কোনে কি পালে, কোনে কি হেৰুৱালে ? কাৰ লাভ, কাৰ লোকচান ? - YEAR ENDER 2024

ABOUT THE AUTHOR

...view details