অসম

assam

ETV Bharat / international

বিশ্ব তিব্বত দিৱস : তিব্বতীয় সংস্কৃতি আৰু চিন্তাৰ স্বকীয়তা প্ৰদৰ্শনৰ বাবে উদযাপিত এটা দিন - World Tibet Day

World Tibet Day : প্ৰতিবছৰে ৬ জুলাইত বিশ্ব তিব্বত দিৱস উদযাপন কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে তিব্বতী লোকসকলৰ প্ৰতি নৃতাত্ত্বিক ভাবুকিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু তিব্বতীয় সংস্কৃতি আৰু চিন্তাৰ স্বকীয়তা প্ৰদৰ্শন কৰা ।

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 9:18 AM IST

World Tibet Day
বিশ্ব তিব্বত দিৱসৰ তাৎপৰ্য (ETV Bharat)

বিশেষ প্ৰতিবেদন, ৬ জুলাই :৬ জুলাইৰ দিনটো বিশ্ব তিব্বত দিৱস হিচাপে উদযাপন কৰা হয় । উল্লেখ্য যে এই দিনটো হৈছে তিব্বতৰ দ্বাদশ দালাই লামাৰ জন্মদিন । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে চীনা অধিকৃত তিব্বতত বাস কৰা লোকসকলৰ বাবে অত্যাৱশ্যকীয় স্বাধীনতা পুনৰুদ্ধাৰ কৰা, তিব্বতবাসীৰ প্ৰতি নৃতাত্ত্বিক ভাবুকিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু তিব্বতীয় সংস্কৃতি আৰু চিন্তাৰ স্বকীয়তা প্ৰদৰ্শন কৰা ।

তিব্বত হৈছে পূব এছিয়াৰ এক অঞ্চল । এই অঞ্চলটো হিমালয়ৰ উত্তৰে তিব্বতীয় মালভূমিক কেন্দ্ৰ কৰি গঢ়ি উঠিছে । এই অঞ্চলটো কাৰিকৰীভাৱে যদিও চীনৰ অংশ, কিন্তু এক স্বাধীন শক্তি হিচাপে ইয়াৰ এক দীঘলীয়া ইতিহাস আছে । আনহাতে, চীনে ইয়াত চলাই থকা শাসনো এক বিতৰ্কিত বিষয় । তিব্বতৰ প্ৰধান ধৰ্ম বৌদ্ধ ধৰ্ম হৈছে ইয়াৰ অনন্য ৰূপ আৰু ইয়াৰ সংস্কৃতিৰ মূল অংশ ।

দালাই লামা কাক কোৱা হয় ?

দালাই লামাক তিব্বতৰ সৰ্বোচ্চ ধৰ্মীয় নেতা হিচাপে গণ্য কৰা হয় । লামা মানে হৈছে গুৰু, যিয়ে জনসাধাৰণক সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে । তিব্বতৰ বৰ্তমানৰ চতুৰ্দশ দালাই লামা টেনজিন গিয়াটচো ১৯৫৯ চনৰ পৰা ভাৰতত বাস কৰি আছে । দালাই লামাই হিমাচল প্ৰদেশৰ ধৰ্মশালাত বাস কৰে আৰু ইয়াৰ পৰা তেওঁ নিৰ্বাসিত তিব্বত চৰকাৰ চলায় ।

১৯৩৭ চনত এই শিশুটিক এগৰাকী মহান বৌদ্ধ আধ্যাত্মিক নেতাৰ পুনৰ্জন্ম হিচাপে ঘোষণা কৰা হয় আৰু চতুৰ্দশ দালাই লামা নাম দিয়া হয় । তেওঁৰ নেতৃত্বৰ অধিকাৰৰ ভূমিকা ১৯৫০ চনলৈকে ৰিজেন্সিৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছিল । সেই বছৰেই তেওঁক চীনাসকলে পলাই যাবলৈ বাধ্য কৰিছিল । কিন্তু তেওঁ এক চুক্তিত স্বাক্ষৰ কৰি পৰৱৰ্তী আঠ বছৰৰ বাবে তিব্বতৰ নেতৃত্ব দিবলৈ উভতি আহিছিল ।

১৯৫৯ চনৰ ১৭ মাৰ্চ তাৰিখে এক অসফল তিব্বতীয় জাতীয়তাবাদী বিদ্ৰোহৰ ফলত চীনে তিব্বতত অভিযান আৰম্ভ কৰে আৰু তাৰ ফলশ্ৰুতিত দালাই লামা ভাৰতৰ পঞ্জাবলৈ পলাই আহে । তাতেই তেওঁ নিৰ্বাসিত হৈ তেওঁৰ গণতান্ত্ৰিক চৰকাৰ গঠন কৰে । ১৯৮৯ চনত তেওঁ তিব্বতৰ অহিংস মুক্তিৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে ।

দালাই লামাৰ নেহৰুলৈ বাৰ্তা

ল'টছে জোগত উপনীত হোৱাৰ পিচত দালাই লামাই নতুন তিব্বতী চৰকাৰ গঠনৰ অনুষ্ঠান সম্পাদন কৰিছিল । কিন্তু তেতিয়ালৈকে এইটো স্পষ্ট হৈ পৰিছিল যে তিব্বতত থকাৰ সময়ত দালাই লামাৰ জীৱন যথেষ্ট বিপদাপন্ন হৈ পৰিছিল । সেয়েহে ভাৰত আৰু আমেৰিকালৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে দালাই লামাই সীমান্ত পাৰ হৈ ভাৰতত আশ্ৰয় ল'ব বিচাৰে ।

জন গ্ৰীণি নামৰ এগৰাকী জ্যেষ্ঠ চি আই এ বিষয়াই ২৮ মাৰ্চত এই বাৰ্তাটো লাভ কৰিছিল । তেওঁ লগে লগে দিল্লীলৈ তথ্য প্ৰেৰণ কৰে আৰু দালাই লামাৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰায় । ইয়াৰ পূৰ্বে ২৬ মাৰ্চত দালাই লামাই ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈও এটা বাৰ্তা প্ৰেৰণ কৰিছিল ।

তাত তেওঁ কৈছিল, "মানৱীয় মূল্যবোধক সমৰ্থন কৰাৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতীয় লোকসকল জনাজাত । আমি সোনা অঞ্চলৰ পৰা ভাৰতত প্ৰৱেশ কৰি আছোঁ । আমি আশা কৰো যে আপুনি ভাৰতৰ মাটিত আমাৰ থকাৰ ব্যৱস্থা কৰিব । আপোনাৰ দয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ।" নেহৰুৱে লগে লগে ইয়াত সন্মতি প্ৰকাশ কৰে ।

১৯৫১ চনৰ ২৩ মে' দিনটোক তিব্বতীসকলে ক'লা দিন বুলি গণ্য কৰে । আনহাতে, চীনাসকলে ইয়াক শান্তি প্ৰচেষ্টাৰ দিন বুলি কয় । এই দিনটোতে তিব্বতে চীনৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিৰ জৰিয়তে তিব্বত চীনে দখল কৰে ।

চীনা আক্ৰমণৰ পিচৰ সময়ছোৱাৰ তিব্বতৰ ইতিহাস

চীনৰ নৱগঠিত কমিউনিষ্ট চৰকাৰে ১৯৪৯-৫০ চনত তিব্বত আক্ৰমণ কৰিবলৈ সৈন্য প্ৰেৰণ কৰিছিল । ১৯৫১ চনৰ মে' মাহত তিব্বত চৰকাৰৰ ওপৰত এক চুক্তি জাৰি কৰা হয় । তাত তিব্বতৰ ওপৰত সাৰ্বভৌমত্ব স্বীকাৰ কৰে, কিন্তু তিব্বতৰ আভ্যন্তৰীণ বিষয়ৰ সন্দৰ্ভত তিব্বত চৰকাৰৰ স্বায়ত্তশাসনক স্বীকৃতি দিয়ে ।

চীনাসকলে তেওঁলোকৰ নিয়ন্ত্ৰণ শক্তিশালী কৰাৰ লগে লগে তেওঁলোকে বাৰে বাৰে চুক্তি উলংঘা কৰে আৰু তেওঁলোকৰ শাসনৰ প্ৰতি মুকলি প্ৰতিৰোধ বৃদ্ধি পায় । যাৰ ফলত 1959 চনত ৰাষ্ট্ৰীয় বিদ্ৰোহ হয় আৰু দালাই লামাই ভাৰতলৈ পলায়ন কৰে । আনহাতে, আন্তৰ্জাতিক সম্প্ৰদায়ে তিব্বতৰ এই ঘটনাবোৰত হতবাক হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তিব্বতৰ প্ৰশ্নটো ১৯৫৯ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা বিভিন্ন সময়ত আলোচনা কৰা হৈছিল । তিব্বতত চীনৰ মানৱ অধিকাৰ উলংঘনক গৰিহণা দি সাধাৰণ সভাৰ দ্বাৰা তিনিটা প্ৰস্তাৱ গৃহীত কৰা হয় আৰু চীনক তিব্বতৰ আত্মনিৰ্ধাৰণৰ অধিকাৰকে ধৰি উক্ত অধিকাৰসমূহক সন্মান কৰিবলৈ আহ্বান জনোৱা হয় ।

লগতে পঢ়ক :আন্তৰ্জাতিক সমবায় দিৱস; সকলোৰে বাবে এক উন্নত ভৱিষ্যত গঢ়াৰ বাবে সমবায় - International Day of Cooperatives
লগতে পঢ়ক :এগৰাকী চিকিৎসকৰ ভাষাৰে চিকিৎসক দিৱসৰ প্ৰতিফলন - Doctors Day 2024

ABOUT THE AUTHOR

...view details