হিউষ্টন(আমেৰিকা) : আমেৰিকাত পুনৰ বিমান দুৰ্ঘটনা । নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে জৰ্জ বুশ্ব আন্তঃমহাদেশীয় বিমানবন্দৰত উৰণৰ সময়তে হিউষ্টনৰ পৰা নিউয়ৰ্কলৈ যোৱা ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত জুইৰ সূত্ৰপাত হয় । উৰণৰ সময়তে বিমানখনৰ এখন উইঙত জুই লাগে । লগে লগে বিমানখন ৰখাই দিয়া হয় । হিউষ্টন অগ্নি নিৰ্বাপক বিভাগে (এইচ এফ ডি) জনোৱা মতে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ।
বিমান দুৰ্ঘটনা
বিভাগটোৱে এক্সৰ এটা পোষ্টত লিখিছে, "এইচ এফ ডিৰ বিমানবন্দৰ উদ্ধাৰকাৰী অগ্নিনিৰ্বাপক বাহিনীয়ে ৰানৱেত উৰণৰ সময়ত এখন বিমানে সমস্যাৰ সন্মুখীন হোৱাৰ খবৰ দিয়াৰ পিছতে বিভাগে সহায় আগবঢ়াইছে । এইচ এফ ডিয়ে বিমানখন ডিবৰ্ডিঙত সহায় কৰিছে । এই সময়ত কোনো আঘাতৰ খবৰ পোৱা হোৱা নাই ।" ইফালে ঘটনাটোৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । নিউয়ৰ্ক পোষ্টে জনোৱা মতে বিমানখনত ১০৪ গৰাকী যাত্ৰী আৰু ৫ গৰাকী ক্ৰু সদস্য আছিল ।
HFD’s Airport Rescue Firefighters are assisting at @iah after a departing plane reported an issue on the runway. HFD assisted in deboarding the plane. No injuries have been reported at this time.
— Houston Fire Dept (@HoustonFire) February 2, 2025
ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা ফিলাডেলফিয়াৰ এটা মলৰ ওচৰত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । যাৰ ফলত ৭ গৰাকী লোক নিহত হয় আৰু ১৯ গৰাকী আহত হয় । এ বি চি নিউজৰ প্ৰতিবেদন অনুসৰি ফিলাডেলফিয়াৰ মেয়ৰ চেৰেল পাৰ্কাৰে কয় যে দুৰ্ঘটনাটোত বিমানখনত থকা আটাইকেইগৰাকী লোকৰে মৃত্যু হৈছে ।
কৰ্তৃপক্ষই জনোৱা মতে উত্তৰ-পূব ফিলাডেলফিয়া বিমানবন্দৰৰ পৰা উৰণৰ পিছত সন্ধিয়া প্ৰায় ৬:৩০ বজাত উত্তৰ-পূব ফিলাডেলফিয়াৰ ৰুজভেল্ট মলৰ ওচৰত লিয়াৰজেট ৫৫ দুৰ্ঘটনাগ্ৰস্ত হয় । বুধবাৰে ৱাশ্বিংটনৰ ঠিক বাহিৰত ৰেগান নেশ্যনেল এয়াৰপৰ্টৰ সমীপত আমেৰিকান এয়াৰলাইনছৰ এখন বিমানৰ সৈতে আমেৰিকান আৰ্মি ব্লেক হক হেলিকপ্টাৰৰ সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত দুয়োখন বিমান পোটোমাক নদীত পৰে । এই দুৰ্ঘটনাত ৬৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ।