অসম

assam

বিশ্বৰ আটাইতকৈ আকাংক্ষিত স্থানৰ ভিতৰত অন্যতম নিউজীলেণ্ড কিয় এৰিছে মানুহে ? - New Zealand Migration Problems

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 1:17 PM IST

New Zealand Migration Problems : নিউজীলেণ্ড হৈছে বসবাস আৰু কাম কৰাৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ আকাংক্ষিত স্থানসমূহৰ তালিকাত শীৰ্ষস্থানত থকা এখন দেশ । কিন্তু শেহতীয়া বছৰবোৰত অভিলেখসংখ্যক লোকে দেশখন ত্যাগ কৰিছে । নিউজীলেণ্ডৰ ৰাষ্ট্ৰীয় পক্ষী কিৱি উৰিব নোৱৰাৰ বাবে বিখ্যাত, কিন্তু নিউজীলেণ্ডৰ লোকসকল ইয়াৰ বিপৰীত । অৰ্থাৎ তেওঁলোকে প্ৰব্ৰজন কৰিব লৈছে ।

New Zealand Migration Problems
নিউজীলেণ্ড কিয় এৰিছে মানুহে ? (X@PureNewZealand)

নিউজ ডেস্ক, ১৯ আগষ্ট :নিউজীলেণ্ডৰ জনসংখ্যা বৃদ্ধি প্ৰায় স্তব্ধ হৈ পৰিছে । সোমবাৰে প্ৰকাশিত চৰকাৰী পৰিসংখ্যাই এই তথ্য দেখুৱাইছে । কিয়নো হাজাৰ হাজাৰ লোকে নতুন কৰ্মভূমিৰ সন্ধানত অৰ্থনৈতিক মন্দাৱস্থাত জৰ্জৰিত দেশখনৰ পৰা প্ৰস্থান কৰিছে । ষ্টেটিকছ নিউজীলেণ্ডৰ তথ্যত প্ৰকাশ পাইছে যে বছৰটোৰ দ্বিতীয় ত্ৰৈমাসিকত জনসংখ্যা বৃদ্ধি অতি সামান্য 0.1 শতাংশ আছিল । মুঠ 5.3 নিযুত জনসংখ্যাত সামান্য পৰিমাণৰ 7,000 বৃদ্ধি হৈছিল ।

যদিও বসবাস আৰু কাম কৰাৰ বাবে বিশ্বৰ আটাইতকৈ আকাংক্ষিত স্থানবোৰৰ তালিকাত শীৰ্ষস্থানত নিউজীলেণ্ডে আছে, কিন্তু শেহতীয়া বছৰবোৰত দেশখনৰ পৰা মানুহৰ প্ৰস্থানে এক অভিলেখ সৃষ্টি কৰিছে । উল্লেখ্য যে নিউজীলেণ্ডৰ ৰাষ্ট্ৰীয় পক্ষী কিৱি উৰিব নোৱৰাৰ বাবে বিখ্যাত । সেয়ে এই চৰাইবিধে প্ৰব্ৰজন নকৰে । কিন্তু নিউজীলেণ্ডৰ লোকসকল ইয়াৰ বিপৰীত । অৰ্থাৎ দেশখনৰ পৰা বৃহৎ মাত্ৰাত প্ৰব্ৰজন কৰিবলৈ লৈছে ।

তথ্য মতে, জুন মাহলৈকে কেৱল চুবুৰীয়া ৰাষ্ট্ৰ অষ্ট্ৰেলিয়ালৈ প্ৰায় ৪৫,০০০ লোকৰ প্ৰব্ৰজনকে ধৰি ১,৩০,০০০ তকৈও অধিক লোকে দেশখন ত্যাগ কৰিছে । ইয়াৰ বাবে বিশ্লেষকসকলে দেশখনৰ লেহেমীয়া অৰ্থনৈতিক বিকাশ, জীৱন নিৰ্বাহ ব্যয়বহুল আৰু আৱাসৰ সংকটক দোষাৰোপ কৰিছে । যাৰ ফলত নিউজীলেণ্ডৰ যুৱসকলৰ বাবে সম্পত্তি আহৰণৰ জখলা বগাবলৈ অতি কঠিন হৈ পৰিছে ।

ৱেলিংটন ইকন'মিকছ কনছালটেন্সি ইনফোমেট্ৰিক্সৰ এগৰাকী পূৰ্বানুমানকাৰী গেৰেথ কিৰনানে শেহতীয়া এক গৱেষণা-পত্ৰত কৈছে যে দেশখনৰ পৰা প্ৰব্ৰজনৰ বাবে অষ্ট্ৰেলিয়া বিশেষভাৱে আকৰ্ষণীয় হৈ পৰিছে ।

তেওঁ লিখিছে, "অষ্ট্ৰেলিয়াত অধিক উপাৰ্জন আৰু অধিক সুলভ জীৱন নিৰ্বাহ ব্যয়ৰ প্ৰলোভনে মানুহক বৰ্ধিত মাত্ৰাত আকৰ্ষিত কৰাৰ এক মুখ্য কাৰণ হিচাপে দেখা গৈছে ।" উল্লেখ্য যে চাৰি দশক পূৰ্বে নিউজীলেণ্ডৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰবাৰ্ট মুলডুনে ৰগৰ কৰি কৈছিল যে অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱা নিউজীলেণ্ডবাসীয়ে দুয়োখন ৰাষ্ট্ৰৰ আই কিউ বৃদ্ধি কৰিছে ।

কিন্তু বৰ্তমানৰ পৰিস্থিতিত এই বিষয়টো নীতি নিৰ্ধাৰকসকলৰ বাবে কোনো কৌতুকৰ বিষয় নহয় । কিৰনানৰ মতে, 25-44 বছৰ বয়সৰ লোকৰ মাজত দেশখনৰ পৰা প্ৰস্থানৰ আটাইতকৈ বেছি প্ৰৱণতা দেখা গৈছে । নিউজীলেণ্ডৰ ৰিজাৰ্ভ বেংকে এই প্ৰব্ৰজনক মুদ্ৰাস্ফীতিৰ কাৰণ হিচাপে চিন্তা কৰাৰ পৰা বিৰত থাকি ইয়াক জ্ঞানৰ প্ৰব্ৰজন (brain drain) হিচাপে চিহ্নিত কৰিছে ।

আগষ্টৰ বৈঠকত কেন্দ্ৰীয় বেংকটোৱে সতৰ্ক কৰি দিয়ে যে এই প্ৰব্ৰজন কঠোৰ মুদ্ৰা নীতি আৰু চৰকাৰী মিতব্যয়িতাৰে চাহিদা অনুসাৰে যোগান হ্ৰাসৰ দ্বাৰা হ'ব পাৰে । বেংকে উল্লেখ কৰে যে কমসংখ্যক লোকৰহে দেশখনলৈ আগমন ঘটাৰ বিপৰীতে অধিক লোকে আংশিকভাৱে অৰ্থনৈতিক আৰু শ্ৰমিক বজাৰৰ পৰিস্থিতি দুৰ্বল হোৱাৰ প্ৰতিক্ৰিয়াস্বৰূপে দেশখন ত্যাগ কৰিছে। লগতে কয় যে আগন্তুক বছৰত এই প্ৰৱণতা অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে, যদিহে নিউজীলেণ্ডৰ শ্ৰম বজাৰৰ পৰিস্থিতি উন্নত নহয় ।

লগতে পঢ়ক :দক্ষিণ চীন সাগৰত চীন আৰু ফিলিপাইনছৰ জাহাজৰ সংঘৰ্ষ - Chinese Philippine vessels collided
লগতে পঢ়ক :কুৱেইটত থকা ভাৰতীয়সকলৰে মত বিনিময় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ - S Jaishankar Kuwait visit

ABOUT THE AUTHOR

...view details