ইণ্টাৰনেশ্যনেল ডেস্ক, 16 জুলাই:মস্কো আৰু কিয়ভৰ মাজত চলি থকা সংঘাতৰ মাজতে আমেৰিকাই ভাৰতক ৰাছিয়াৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কক ‘ব্যৱহাৰ’ কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটোৱাৰ আহ্বান জনাব পাৰে বুলি মতামত প্ৰকাশ কৰিছে আমেৰিকাই ৷ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নেতৃত্বত ইউক্ৰেইনত চলি থকা অবৈধ যুদ্ধখন শেষ কৰিবলৈ ক’বলৈ আহ্বান জনাইছে ।
সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এক প্ৰেছ বিবৃতিত দিল্লী-মস্কোৰ দৃঢ় সম্পৰ্ক ই নহয়, পুটিনক ৰাষ্ট্ৰসংঘৰ চনদক সন্মান কৰিবলৈ ক’বলৈও ভাৰতক আহ্বান জনায় ।
মিলাৰে কয়, "ভাৰতৰ ৰাছিয়াৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । মই ভাবো যে সেয়া সকলোৰে জ্ঞাত । ভাৰতক ৰাছিয়াৰ সৈতে সেই দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু সম্পৰ্কৰ যি অনন্য স্থিতি আছে, সেই সম্পৰ্কক ব্যৱহাৰ কৰি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নেতৃত্বত ইউক্ৰেইনত চলি থকা অবৈধ যুদ্ধখন শেষ কৰিবৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক আহ্বান জনাওক ৷ পুটিনে নিজৰ অবৈধ যুদ্ধখনৰ অন্ত পেলাই স্থায়ী শান্তি স্থাপন কৰক ৷"
মিলাৰে আৰু কয়, “আমি ভাৰত চৰকাৰৰ ওপৰত সেই বিষয়টোতেই চাপ প্ৰয়োগ কৰি থাকিম ৷ যাৰ আমাৰ দেশৰ লগতে ৰাছিয়াৰ সৈতেও সম্পৰ্ক আছে ।”
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মিলাৰে এই মন্তব্য কৰে ।
শেহতীয়াকৈ মস্কোলৈ আনুষ্ঠানিক ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে তাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰি শুল্কবিহীন বাণিজ্যিক বাধাসমূহ দূৰ কৰি 2030 চনৰ ভিতৰত 100 বিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত পাৰস্পৰিক বাণিজ্যৰ পৰিমাণ লাভ কৰাৰ তেওঁলোকৰ লক্ষ্যৰ ৰূপৰেখা দাঙি ধৰে ।
বৈঠকৰ পিছত প্ৰকাশ পোৱা নেতাসকলৰ যুটীয়া বিবৃতি অনুসৰি ই এ ই ইউ-ভাৰত মুক্ত বাণিজ্য এলেকা স্থাপনৰ সম্ভাৱনাকে ধৰি দ্বিপাক্ষিক বাণিজ্য উদাৰীকৰণৰ ক্ষেত্ৰতো আলোচনা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।