ইণ্টাৰনেচনেল ডেস্ক, ৩০ জানুৱাৰী :ভাৰতীয় নাগৰিকসহ এইচ1বি কৰ্মচাৰীসকলে আমেৰিকা এৰি নোযোৱাকৈ তেওঁলোকৰ ভিছা নৱীকৰণৰ বাবে আবেদন কৰা আৰম্ভ কৰিব পাৰিব । প্ৰায় দুটা দশকৰ পিছত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনত আমেৰিকাই এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
20,000 লৈকে এনে যোগ্য অনা-অভিবাসী কৰ্মচাৰীয়ে ঘৰুৱাভাৱে তেওঁলোকৰ এইচ-1বি ভিছা নৱীকৰণ কৰিব পাৰিব । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত ভাৰতীয় নাগৰিকসহ কিছু আবেদন ভিত্তিক অস্থায়ী ৱৰ্ক ভিছাৰ দেশীয় নৱীকৰণৰ পাইলট কাৰ্যসূচীৰ বিষয়ে আমেৰিকাৰ গৃহ বিভাগে ঘোষণা কৰিছিল ।
এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ এক অনুষ্ঠানত ৱাশ্বিংটনত ঘোষণা কৰিছিল যে আমেৰিকাই এইচ-1বি ভিছা নৱীকৰণৰ কাম আৰম্ভ কৰিব । আনহাতে, এই ভ্ৰমণৰ পিছত হোৱাইট হাউছে প্ৰকাশ কৰা এক যুটীয়া বিবৃতিত এই কাম আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে । এই প্ৰক্ৰিয়াই ভিছা প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰিবলৈ আৰু অস্থায়ী ভিছাধাৰকসকলৰ সুবিধাৰ বাবে দুয়োখন দেশৰ প্ৰতিশ্ৰুতিৰ ইঙ্গিত দিয়ে ।