অসম

assam

ETV Bharat / international

দক্ষিণ কোৰিয়াৰ লেখিকা হেন কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল

Nobel Prize 2024: দক্ষিণ কোৰিয়াৰ সাহিত্য জগতলৈ আনন্দৰ খবৰ । দেশখনৰ বিশিষ্ট কবি হেন কাঙক ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান ।

By PTI

Published : 5 hours ago

Nobel Prize 2024
দক্ষিণ কোৰিয়াৰ লেখিকা হেন কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা (X@NobelPrize)

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ :ঘোষণা হ'ল ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা বিজয়ীৰ নাম । ছুইডিছ একাডেমীয়ে এইবাৰ সাহিত্যৰ নোবেল বঁটা দক্ষিণ কোৰিয়াৰ লেখিকা হেন কাঙক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অভিনৱ কাব্যিক গদ্যৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে । তেওঁৰ জনপ্ৰিয় গ্ৰন্থসমূহৰ ভিতৰত আছে 'দ্য ভেজিটেৰিয়ান', 'দ্য হোৱাইট বুক', 'হিউমেন এক্টছ এণ্ড গ্ৰীক লেচনছ' ।

হেন কাঙক সাহিত্যৰ নোবেল বঁটা

নোবেল বঁটা বিজয়ী হেন কাঙৰ জন্ম ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাংজু চহৰত হৈছিল । তেওঁ ৯ বছৰ বয়সতে পৰিয়ালৰ সৈতে ছিউললৈ প্ৰত্যাৱৰ্তন কৰিছিল । সাহিত্যচৰ্চাৰ লগত জড়িত এটা পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰে । তেওঁৰ পিতৃ এগৰাকী প্ৰতিষ্ঠিত ঔপন্যাসিক । নোবেল বঁটা ঘোষণাৰ সময়ত কোৱা হৈছে, "লিখনিৰ লগতে কলা আৰু সংগীতৰ প্ৰতিও তেওঁ অৱদান আগবঢ়াইছে, যি তেওঁৰ সাহিত্যিক সমলত প্ৰতিফলিত হৈছে ।"

হেন কাঙে ১৯৯৩ চনত 'মুনাক গাৱা চাহো' সাহিত্য আৰু সমাজৰ শীতকালীন সংখ্যাত 'উইণ্টাৰ ইন ছিউল' সহ ৫ টা কবিতা প্ৰকাশ কৰি কবি হিচাপে সাহিত্য যাত্ৰা আৰম্ভ কৰিছিল । ১৯৯৫ চনত তেওঁ ইয়োচু শীৰ্ষক প্ৰথম চুটি গল্প সংকলন প্ৰকাশ কৰে । তেওঁ আৰ্টছ কাউন্সিল কোৰিয়াৰ সমৰ্থনত ১৯৯৮ চনত ৩ মাহৰ বাবে আয়োৱা ইউনিভাৰচিটি আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল ।

এতিয়ালৈকে সাহিত্যৰ ক্ষেত্ৰত ১২১ গৰাকী লোকে নোবেল বঁটা লাভ কৰিছে । য'ত মাত্ৰ ১৮ গৰাকী মহিলা আছে । সাহিত্যৰ ক্ষেত্ৰত নোবেল বঁটা বেছিসংখ্যক পুৰুষে লাভ কৰাৰ বাবে দীৰ্ঘদিন ধৰি বিতৰ্কও চলি আছে । ২০২২ চনত ফ্ৰান্সৰ এনি এৰ্ণাউক্স আছিল সাহিত্যৰ নোবেল বঁটা বিজয়ী অন্তিমগৰাকী মহিলা । বিগত বছৰ অৰ্থাৎ ২০২৩ চনত নৰৱেৰ লেখক জন ফছেকক নোবেল বঁটা প্ৰদান কৰা হৈছিল । সাহিত্যৰ নোবেল বঁটা লাভ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে একমাত্ৰ ভাৰতীয় । তেওঁক ১৯১৩ চনত নোবেল বঁটা প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক :জন জে হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ ২০২৪ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল

প্ৰ’টিন সম্বন্ধীয় আৱিষ্কাৰৰ বাবে তিনিগৰাকী বিজ্ঞানীলৈ ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা

দুই আমেৰিকান বিজ্ঞানীলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

ABOUT THE AUTHOR

...view details