অসম

assam

ETV Bharat / international

বাংলাদেশ ভ্ৰমণৰ বাবে নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ শ্বেখ হাছিনাৰ - Oath taking ceremony of Narendra Modi as PM

Oath taking ceremony of Narendra Modi as PM : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীক বাংলাদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

By ANI

Published : Jun 10, 2024, 9:34 AM IST

Sheikh Hasina invited PM Modi to visit Bangladesh, says Foreign Min Mahmud
বাংলাদেশ ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ (ETV Bharat Assam)

ইন্টানেশ্যনেল ডেস্ক, 10 জুন :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়তে চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে ৷ ভৱিষ্যতে নতুন চৰকাৰৰ সৈতে কাম কৰি দুখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী হাছিনাই । বৈদেশিক মন্ত্ৰী মহম্মদ হাছান মাহমুদে জানিবলৈ দিয়ে এই কথা ৷

ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে 9 জুনত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানলৈ শ্বেখ হাছিনাক আমন্ত্ৰণ জনোৱা হৈছিল । "...প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী মোদী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈছিল আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এজন এজনকৈ বৈঠকত মিলিত হৈছিল ৷ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মোদীক আৰু এনডিএক অভিনন্দন জনায় হাছিনাই ৷ তেওঁ ভৱিষ্যতে নতুন চৰকাৰৰ সৈতে কাম কৰি সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ৷"- সংবাদ মাধ্যমৰ আগত এইদৰে কয় হাছান মাহমুদে ।

শ্বেখ হাছিনা আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কই নতুন মাত্ৰা লাভ কৰিছে । হাছিনাই প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে ।

বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয়, "চুবুৰীয়া দেশ হিচাপে আমাৰ বহু সুযোগ আছে; আমি আমাৰ জনসাধাৰণৰ মাজত যোগাযোগ শক্তিশালী কৰিব লাগিব, সংযোগৰ ক্ষেত্ৰত আমি অধিক কাম কৰিব লাগিব কাৰণ ই বাংলাদেশ আৰু ভাৰত দুয়োখন দেশকে সুবিধা প্ৰদান কৰিব... ৷"

শনিবাৰে বিয়লি ভাৰতত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী হাছিনা প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱা প্ৰথমজন বিদেশী নেতা । বহু প্ৰত্যাশিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ নিমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ ভিতৰত অন্যতম আছিল প্ৰধানমন্ত্ৰী হাছিনা ।

যোৱা 5 জুনত এন ডি এয়ে সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক নেতা হিচাপে নিৰ্বাচিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে । ভাৰতীয় সংসদৰ 543 জনীয়া নিম্ন সদনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে লোকসভা নিৰ্বাচনত 293 খন আসন লাভ কৰে । 2014 চনত 282 খন আৰু 2019 চনত 303 খন আসনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল দলটোৱে ৷

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰা ভাৰতৰ দ্বিতীয়জন নেতা হৈছে প্ৰধানমন্ত্ৰী মোদী ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ : 30 গৰাকীয়ে লাভ কৰিলে কেবিনেট মন্ত্ৰীত্ব - Oath taking ceremony of Narendra Modi as PM

ABOUT THE AUTHOR

...view details