ETV Bharat / state

জ্ঞানাৰ্থে প্ৰৱেশ, সেৱাৰ্থে প্ৰস্থান ! এখন ব্যতিক্ৰমী বিদ্যালয়ৰ ব্যতিক্ৰমী চিন্তা - UNIQUE SCHOOL IN PHILOBARI

তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ এখন বিশেষ বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । মাথো পুথিগত শিক্ষাই নহয়, জীৱনবোধৰ পাঠ শিকাইছে বিদ্যালয়খনে ।

School in Tinsukia teaches life lesson to children
মানৱ সম্পদ গঢ়াৰ কাৰখানা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2025, 6:34 PM IST

হায়দৰাবাদ: এখন পাঠশালা । ঘৰখনৰ পিছতেই এটি শিশুৱে য'ত শিকিব পাৰে এজন ভাল মানুহ হোৱাৰ আদিপাঠ । এখন ব্যতিক্ৰমী পাঠশালা । এটা প্ৰান্তীয় অঞ্চলৰ এখন গাঁৱত এক নিৰিবিলি গ্ৰাম্য পৰিৱেশৰ মাজত আটোমটোকাৰীকৈ গঢ়ি তোলা হৈছে এই বিদ্যালয়খন । তিনিচুকীয়া জিলাৰ ঠিক অসম-অৰুণাচল সীমান্তৰ গাতে লাগি থকা বুলি ক'ব নোৱাৰিলেও সীমান্তৱৰ্তী এটা অঞ্চল ফিল’বাৰী । এই ফিল'বাৰীৰেই এটা অঞ্চল ৰবৰগুৰি গাঁও ।

এই ৰবৰগুৰি গাঁৱলৈ যদি আপুনি কেতিয়াবা যায় তেতিয়া আপোনাৰো চকুত পৰিব এই ব্যতিক্ৰমী বিদ্যালয়খন । অভিভূত হ'ব আপুনিও । এই বিশেষ বিদ্যালয়খনৰ মূল শ্ল’গানটোৱেই হৈছে- "জ্ঞানাৰ্থে প্ৰৱেশ, সেৱাৰ্থে প্ৰস্থান ।" শ্ল'গানটোৰ অৰ্থ আপুনিও নিশ্চয় বুজি পাইছে । জ্ঞান অৰ্জনৰ বাবে প্ৰৱেশ কৰা আৰু স্বদেশ-স্বজাতিৰ সেৱাৰ উদ্দেশ্যৰে প্ৰস্থান কৰা । এই শ্ল'গানটোৱেই যেন কৈ দিয়ে বহুত কথা ! বিদ্যালয়খনৰ নাম শংকৰদেৱ শিশু নিকেতন, ফিল'বাৰী । ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ পাৰ কৰিছে শিক্ষানুষ্ঠানখনে । নামটো যদিওবা শিশু নিকেতন, কিন্তু ইয়াত অংকুৰৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠগ্ৰহণৰ সুবিধা আছে ।

এখন ব্যতিক্ৰমী বিদ্যালয়ৰ ব্যতিক্ৰমী চিন্তা (ETV Bharat Assam)

কিহত ব্যতিক্ৰম এইখন বিদ্যালয়:

কেইবাটাও কাৰণত আনতকৈ পৃথক শংকৰদেৱ শিশু নিকেতন, ফিল'বাৰী । প্ৰথম কথাটোৱেই হ'ল- শিশুসকলক প্ৰথমাৱস্থাৰ পৰাই এক সুসংস্কাৰৰ শিক্ষা প্ৰদান কৰি নিজৰ জাতি, কৃষ্টি, ভাষা, সংস্কৃতিৰ প্ৰতি খুটিনাটি মাৰি জ্ঞান প্ৰদান কৰা । এই প্ৰসংগত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সম্পাদক মৃণালজ্যোতি শইকীয়াই ই টিভি ভাৰতক ক'লে- "শংকৰদেৱ শিশু নিকেতন, ফিল'বাৰী কোনো ব্যৱসায়িক উদেশ্য আগত ৰাখি গঢ়া বিদ্যালয় নহয় । সামাজিক দায়িত্ববোধৰ লগতে নিজা কৃষ্টি-সংস্কৃতিৰ প্ৰতি দায়ৱদ্ধতাৰে যাতে উঠি অহা নৱপ্ৰজন্মক এক সঠিক কৰ্মমূখী পথত আগুৱাই নিয়াত নিকেতনখনে ভূমিকা গ্ৰহণ কৰিব পাৰে, তেনে উদেশ্য সৰোগত কৰি গঢ়ি তুলিব খোজা এই অনুষ্ঠানটোৱে ইতিমধ্যেই ৰূপালী জয়ন্তী উদযাপন কৰিছে ।"

School in Philobari teaches life lesson to children
বছৰৰ পহিলা দিনাই গছপুলি ৰোপণ (ETV Bharat Assam)

তেওঁ লগতে কয়,"অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অৱদান স্থানীয় ৰাইজে বিচাৰ কৰিব । কলা শাখাত দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰ সুবিধা থকা বিদ্যালয়খনৰ প্ৰথম বেটচৰ ফলাফল ১০০ শতাংশ (৫০জনৰ ৫০জনেই উত্তীৰ্ণ)। ক্ৰমাৎ অসমীয়া ভাষাৰ প্ৰতি যি অশনি সংকেত দেখা দিছে সেই সময়ত নিকেতনৰ অভিভাৱকসকল আৰু আচার্য-আচার্যাৰ সহযোগত আমি অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতিৰ প্ৰতি সেৱা আগবঢ়াবলৈ সুবিধা পাইছোঁ, তাৰ বাবে নিজকে আমি ধন্য মানিছোঁ ।"

আৰক্ষী থানাত হুচৰি:

কেৱল পুথিগত শিক্ষা প্ৰদান কৰাটোৱেই এইখন বিদ্যালয়ৰ মূল উদ্দেশ্য নহয় । বিগত ২০১০ চনৰ পৰা প্ৰতিটো ব'হাগ বিহুত এইখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ফিল'বাৰী আৰক্ষী থানাত হুচৰি জুৰি আহিছে । নিজৰ কৃষ্টিৰ প্ৰতি নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ এক প্ৰয়াস এয়া । দ্বিতীয়তে, স্থানীয় অঞ্চলটোৰ প্ৰতি বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক এইখন বিদ্যালয়ে সময়ে সময়ে সম্বৰ্ধনা জনাই আহিছে ।

গছপুলি আপডাল অনুযায়ী কৰা হ'ব মূল্যাংকন (ETV Bharat Assam)

একেদৰে কৃষ্টি-সংস্কৃতিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে জাতীয় সাজপাৰ, পৰম্পৰাগত সাংস্কৃতিক দিশসমূহ চিনাক্ত কৰাৰ লগতে সময়ে সময়ে শিক্ষাৰ্থীসকলক নামঘৰ, গীৰ্জা আদি পৰিদৰ্শন কৰোৱা হয় ৷ ছাত্ৰ-ছাত্ৰীক বজাৰৰ ধাৰণা আৰু কৰ্মমূখী কৰিবলৈ শিশু মেলাৰ আয়োজন কৰা হয় প্ৰতি বছৰে । বিজ্ঞান আৰু গণিতৰ প্ৰতি ধাউতি বঢ়াবলৈ বিজ্ঞান আৰু গণিতৰ আৰ্হি প্ৰদৰ্শনী আয়োজন কৰি আহিছে এইখন বিদ্যালয়ে । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৰাজহুৱা স্থানত স্বচ্ছতা অভিযান চলোৱা হয় । এয়া মাত্ৰ কেইটামান উদাহৰণহে ।

উদ্দেশ্য সুদুৰ প্ৰসাৰী (ETV Bharat Assam)

কি শিকিছে শিক্ষাৰ্থীয়ে:

বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰী মৰাণে ক'লে- "নিকেতনৰ পৰিৱেশে মোক পঢ়াৰ লগতে জীৱনৰ বাস্তৱতাৰ স'তে মুখামুখি হ'বলৈ সাহস দিছে ৷ প্ৰথম শ্ৰেণীৰ পৰাই মই এই নিকেতনত পঢ়ি আছোঁ ৷ ইয়াৰ পৰাই মই এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিম ৷ মেট্ৰিকৰ দৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাতো মই এটা ভাল ফলাফল দেখুৱাব পাৰিম । মই নিশ্চিত ৷" এনে আত্মবিশ্বাস বিদ্যালয়খনত অধ্যয়নৰত প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীৰেই ৷

"নিকেতনত পোৱা যোগ, শাৰীৰিক, বৌদ্ধিক আদি শিক্ষাই আমাৰ শৈক্ষিক জীৱনৰ লগতে বাস্তৱিক জীৱনৰ পথ সুগম কৰিব বুলি মই ভাবো ।" এই মন্তব্য নৱম শ্ৰেণীৰ ছাত্ৰী তৰালি শইকীয়াৰ ৷

এইবাৰ ১ জানুৱাৰীত কি কৰিলে বিদ্যালয়খনে:

প্ৰতিবছৰে এক জানুৱাৰীৰ দিনটো সমগ্ৰ অসমতে অঘোষিত বন্ধ হৈ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা আৰু শৈক্ষিক কৰ্মসূচীত বন্ধ নথকা স্বত্বেও শৈক্ষিক প্ৰতিষ্ঠানসমূহ প্ৰায় বন্ধ হৈ পৰা পৰিলক্ষিত হোৱাত এইবাৰ ২০২৫ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোত শংকৰদেৱ শিশু নিকেতন, ফিল'বাৰীৰ ছাত্ৰ-ছাত্ৰীসকলক একোটিকৈ গছপুলি ৰোপণ কৰিবলৈ গৃহকাৰ্য দিয়া হয় ।

গছপুলিটো আপডাল কৰাৰ পৰামৰ্শ (ETV Bharat Assam)

গছপুলিটো আপডাল কৰি ডাঙৰ দীঘল কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাৰ্ষিক শৈক্ষিক অগ্ৰগতি পত্ৰত মূল্যাংকনৰ ব্যৱস্থা কৰা হৈছে ।

গছপুলি ৰোপণ কৰিবলৈ গৃহকাৰ্য (ETV Bharat Assam)

ইয়াৰ উদ্দেশ্য সুদুৰ প্ৰসাৰী । ভৱিষ্যৎ প্ৰজন্মলৈ প্ৰকৃতিৰ ভাৰসাম্যহীনতাৰ যি এক অশনি সংকেতে আমাক সকীয়াই আছে, এনে কাৰ্যসূচীয়ে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত নৱপ্ৰজন্মক আগ্ৰহী কৰিব বুলি নিকেতনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ এই মহৎকৰ্মত সহযোগিতা আগবঢ়োৱা শংকৰদেৱ শিশু নিকেতনৰ সমূহ অভিভাৱকলৈ কৃতজ্ঞতা প্ৰকাশ কৰে বিদ্যালয়খনে ।

লগতে পঢ়ক: কমাৰশালৰ জুইত জ্বলি নিজৰ পৰিচয় গঢ়া বিখ্যাত কৰঙালৈ বুলি আজিৰ যাত্ৰা... - KORONGA VILLAGE

চাওলুং চ্যুকাফাৰ সৈতে কি সম্পৰ্ক আছে হাবুঙৰ ? - HISTORY OF HABUNG

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.