ধেমাজি: ধেমাজিৰ সংবাদ আৰু সাহিত্য জগতৰ মহীৰূহ তথা ধেমাজি সাংবাদিকতাৰ বাটকটীয়া উমেশ চেতিয়াই আজি ৮৯ বছৰত ভৰি থ’লে ৷ বৰ্ষীয়ান সাংবাদিকগৰাকীৰ কৰ্মৰাজিক শ্ৰদ্ধা জনোৱা উদ্দেশ্য তথা ওপজা দিনৰ আনুষ্ঠানিকভাৱে ওলগ জনাবলৈ ধেমাজি ৰতনপুৰস্থিত তেওঁৰ বাসগৃহত এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
ধেমাজিৰ উমেশ চেতিয়া ন্যাস পুঁজি সমিতিৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত অনুষ্ঠিত এই সভাখন সভাপতিত্ব কৰে ধেমাজি তাই সাহিত্যৰ গৱেষক তথা অসম চৰকাৰ চ্যুকাফা বঁটাপ্ৰাপক ড৹ পুষ্প গগৈয়ে ৷
চাৰিটা দশকৰো অধিক কাল সংবাদসেৱাৰ লগত জড়িত ধেমাজিৰ বৰ্ষীয়ান সাংবাদিক উমেশ চেতিয়াই ওপজা দিনটোত ক’লে তেওঁৰ মনৰ কথা ৷ সাংবাদিকতা ক্ষেত্ৰখনত খোজ দিয়া সন্দৰ্ভত তেওঁ কয়, "অসমৰ শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ পৰা অনুপ্ৰেৰণা পাইছিলো ৷ মই শিৱসাগৰ কলেজত পঢ়ি থাকোতেই তেওঁলোকৰ সান্নিধ্য লৈ আহিছিলো ৷ তেওঁ লিখে আৰু মোক কপি কৰিবলৈ দিয়ে ৷ ১৯৬৪ চনৰে পৰা সাংবাদিকতা আৰম্ভ কৰো ৷ মোৰ প্ৰথম বাতৰি ওলাইছিল জনমভূমিত ৷ সেই সময়ত দৈনিক কাকত আছিল নতুন অসমীয়া ৷"
সম্পাদকৰ পৰা কিয় গালি খাইছিল উমেশ চেতিয়াই:
সেই সময়ত ডাকঘৰৰ জৰিয়তে প্ৰেৰণ কৰা বাতৰি পলমকৈ গৈ পোৱাৰ বাবে সম্পাদকৰ গালি খাবলগীয়া হৈছিল তেওঁ ৷ পুৰণি দিনৰ কথা স্মৰণ কৰি প্ৰবীণ সাংবাদিকগৰাকীয়ে কয়, "সেই সময়ত কাগজত বাতৰি লিখি ডাকঘৰত পঠাওঁ ৷ পলমকৈ অফিচ গৈ পোৱা বাবে সম্পাদকে গালি পাৰে ৷ তাৰ পিছত কুৰিয়াৰ ছাৰ্ভিচ, ফেক্স মেচিন আহে ৷"
ইপিনে পূৰ্বৰ আৰু বৰ্তমান সংবাদ মাধ্যমত আহি পৰা পৰিৱৰ্তন সম্পৰ্কত প্ৰবীণ সাংবাদিকগৰাকীয়ে মনৰ ভাৱ প্ৰকাশ কৰি কয়, “সেই সময়ত ৰাস্তা-ঘাট-দলং নাছিল ৷ নাৱেৰে বিভিন্ন ঠাইলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিবলগীয়া হৈছিল ৷
কিন্তু এতিয়া গোলকীকৰণৰ সময়ত প্ৰত্যেকটো সৰু খবৰেই কম সময়তে বিশ্বই জানি যায় ৷ বৰ্তমান ছ’চিয়েল মিডিয়া, ইলেকট্ৰনিক মিডিয়া, ডিজিটেল মিডিয়াৰ সময়ত সংবাদ মাধ্যম বহুত আগুৱাই গৈছে ৷“
বৰ্ষীয়ান সাংবাদিক উমেশ চেতিয়াক ওপজা দিনৰ ওলগ জনাই ধেমাজিৰ বিভিন্ন দল-সংগঠন, সচেতন নাগৰিক, ধেমাজি প্ৰেছ ক্লাৱ, ধেমাজি সাহিত্য সভা আদিয়ে ৷ ইয়াৰ পিছতে বিভিন্নজনে তেওঁৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷ লগতে উমেশ চেতিয়াৰ এটি সংগ্ৰহালয় উদ্বোধন আৰু তেওঁৰ ৰচনাৱলীৰ (জীৱনী সাহিত্য সংগ্ৰহ) গ্ৰন্থ উন্মোচন কৰা হয় ৷ অনুষ্ঠানত কেক কাটি তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে পঢ়ক: জ্ঞানাৰ্থে প্ৰৱেশ, সেৱাৰ্থে প্ৰস্থান ! এখন ব্যতিক্ৰমী বিদ্যালয়ৰ ব্যতিক্ৰমী চিন্তা