ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ মে':চুবুৰীয়া বাংলাদেশত ঘূৰ্ণীবতাহ ৰেমলে সংহাৰী ৰূপ ধাৰণ কৰিছে । দেওবাৰে নিশা বাংলাদেশৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ ৰেমলে তীব্ৰ গতিৰে খুন্দা মাৰে । যাৰ ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । এতিয়ালৈ প্ৰায় ১৬ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে ।
দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰী মহম্মদ মহিবুৰ ৰহমানৰ বিবৃতি অনুসৰি ধুমুহাৰ ফলত প্ৰায় ১,৫০,৪৫৭ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । তাৰ ভিতৰত বাংলাদেশৰ ১০৭ টা ইউনিয়ন আৰু ৯১৪ খন পৌৰসভাৰ অন্তৰ্গত প্ৰায় ৩৫,৪৮৩ টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে । সোমবাৰে সচিবালয়ত ঘূৰ্ণীবতাহ ৰেমলৰ প্ৰভাৱ সম্পৰ্কে তেওঁ সংবাদমেলত এই কথা উল্লেখ কৰে ।
বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ ৰেমলৰ তীব্ৰতা সোমবাৰে কিছু হ্ৰাস হয় । ইফালে ঘূৰ্ণীবতাহৰ ফলত নিহত লোকসকলৰ ভিতৰত আছে ভোলা আৰু বৰিশাল জিলাৰ তিনিজনকৈ লোক, সাতখিৰা, খুলনা, চিটাগং আৰু পাটুৱাখালি জিলাৰ এজনকৈ লোক । মন্ত্ৰীগৰাকীৰ মতে ১৯ খন জিলা ৰেমলৰ দ্বাৰা প্ৰভাৱিত হৈছে । জিলাসমূহৰ ভিতৰত আছে ঝালাকাথি, বৰিশাল, পাটুৱাখালি, পিৰোজপুৰ, বৰগুনা, খুলনা, সাতখিৰা, বাগেৰহাট, ভোলা, ফেনি, ক'ক্সবজাৰ, চিটাগং, নোৱাখালী, লক্ষ্মীপুৰ, চৰিয়াপুৰ, নৰৈল, গোপালপুৰ আদি ।