ইণ্টাৰনেশ্যনেল ডেস্ক, 8 এপ্ৰিল:পেৰিছত অগ্নিকাণ্ডৰ ঘটনা ৷ফ্ৰান্সৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ সন্ধিয়া পেৰিছৰ এটা আঠ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ড পিছতে হোৱা বিস্ফোৰণত তিনিজন লোকৰ মৃত্যু ঘটে । বিস্ফোৰণৰ কাৰণ অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
পেৰিছৰ 11 নং এৰ’ণ্ডিছমেণ্টত অৱস্থিত এই অট্টালিকাটো আৰু প্ৰাৰম্ভিক তথ্য অনুসৰি ৰু ডি চেৰ’নৰ এটা অট্টালিকাৰ 7 ম মহলাত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পূৰ্বেই বিস্ফোৰণৰ শব্দ শুনা গৈছিল, যদিও ইয়াৰ কাৰণ বৰ্তমানেও নিশ্চিত হোৱা হোৱা নাই । 11 নং এৰ’ণ্ডিছমেণ্টৰ ডেপুটি মেয়ৰ লুক লেবনে সংবাদ মাধ্যমক কয়, “চুবুৰীয়াই বুজি পোৱা নাই যে এই বিস্ফোৰণৰ ফলত কি হ’ব পাৰিলেহেঁতেন ৷ কাৰণ অট্টালিকাটোত কোনো গেছ নাই ।"
অট্টালিকাটোৰ বাসিন্দাসকলে অস্বীকাৰ কৰাৰ পিচতো কৰ্তৃপক্ষই গেছৰ ট্ৰেইলটো নুই কৰা নাই । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে ৷ “জুই বা বিপজ্জনক উপায়েৰে ধ্বংস” আৰু “অনাকাংক্ষিত হত্যা” আদি দৃষ্টিকোণেৰে সমগ্ৰ ঘটনাটোক আৰক্ষীয়ে নিৰীক্ষণ কৰিছে বুলি স্থানীয় সংবাদ সূত্ৰই জনায় ৷ ৰাজধানীখনৰ 2 য় ন্যায়িক আৰক্ষী জিলাৰ গোচৰীয়াসকলক বিস্ফোৰণৰ কাৰণ চাবলৈ নিযুক্তি দিয়া হৈছে ।