ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ আগষ্ট :চৰকাৰী সূত্ৰৰ মতে সোমবাৰে দক্ষিণ-পশ্চিম পাকিস্তানত বন্দুকধাৰীয়ে সন্ত্ৰাস চলায় । বন্দুকধাৰীয়ে প্ৰায় ২৩ গৰাকী লোকক গুলীয়াই হত্যা কৰে । লোকসকলক প্ৰথমে বাহনৰ পৰা বাহিৰলৈ আহিবলৈ বাধ্য কৰোৱা হয় আৰু তাৰ পিচত তেওঁলোকৰ জাতিগত পৰীক্ষা কৰা হয় । তাৰ পিচতে লোকসকলক বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে । এই আক্ৰমণটো সোমবাৰে পুৱতি নিশা অতি দৰিদ্ৰ বেলুচিস্তান প্ৰদেশৰ মুছাখাইল জিলাত সংঘটিত হয় । য'ত সাম্প্ৰদায়িক, জাতিগত আৰু বিচ্ছিন্নতাবাদী হিংসা চলি থকা দেখা গৈছে ।
সন্দেহজনক সন্ত্ৰাসবাদী আক্ৰমণ
আক্ৰমণকাৰীয়ে প্ৰায় ১০ খন বাহন জ্বলাই দিয়ে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে । মুছাখাইলৰ এগৰাকী জ্যেষ্ঠ বিষয়া নাজিবুল্লাহ কাকাৰে কয়, "পাঞ্জাবক বেলুচিস্তানৰ সৈতে সংযোগ কৰা ঘাইপথত সন্ত্ৰাসবাদীয়ে কেইবাখনো বাছ, ট্ৰাক আৰু ভান ৰখাই দিয়ে আৰু আক্ৰমণ কৰে । য'ত প্ৰায় ২৩ গৰাকী লোক নিহত আৰু ৫ গৰাকী আহত হয় ।" তেওঁ লগতে কয়, " আক্ৰমণকাৰীয়ে পাঞ্জাবলৈ অহা-যোৱা কৰা বাহনসমূহ পৰীক্ষা কৰিছিল আৰু পাঞ্জাবৰ লোকসকলক চিনাক্ত কৰি গুলীয়াই হত্যা কৰে ।"
পাঞ্জাবী শ্ৰমিকক হত্যা