অসম

assam

ETV Bharat / international

ছুৰিকাঘাতেৰে ৬ জন লোকক হত্যা, আক্ৰমণকাৰীক চিনাক্ত আৰক্ষীৰ - Attack at Sydney mall

6 জন লোকক চুৰিকাঘাতেৰে হত্যা কৰা আক্ৰমণকাৰীক চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল আক্ৰমণকাৰী ৷

By PTI

Published : Apr 14, 2024, 5:44 PM IST

SYDNEY MALL STABBING
চুৰিকাঘাতেৰে হত্যা কৰা আক্ৰমণকাৰীক চিনাক্ত আৰক্ষীৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 14 এপ্ৰিল : দেওবাৰে চিডনীৰ ব্যস্ত শ্বপিং চেন্টাৰত 6 জন লোকক চুৰিকাঘাতেৰে হত্যা কৰা আক্ৰমণকাৰীক চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ নিউ চাউথ ৱেলছ আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে বিয়লি চহৰখনৰ পূব উপকণ্ঠ অঞ্চল আৰু বিশ্ববিখ্যাত বণ্ডি বীচৰ পৰা অলপ দূৰৈত বণ্ডি জংচনৰ ৱেষ্টফিল্ড শ্বপিং চেণ্টাৰত সংঘটিত হোৱা আক্ৰমণৰ বাবে দায়ী 40 বছৰীয়া জোৱেল কাউচি ৷

এন এছ ডব্লিউৰ সহকাৰী আৰক্ষী আয়ুক্ত এণ্টনি কুকে দেওবাৰে সংবাদমেলত সাংবাদিকৰ আগত কয় যে কাউচি এতিয়াও মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল আৰু আৰক্ষীৰ তদন্তই এই আক্ৰমণক সন্ত্ৰাসবাদ সম্পৰ্কীয় বুলি গণ্য কৰা নাই ৷ কুকে কয়- আমি অপৰাধীৰ প্ৰফাইলিঙৰ জৰিয়তে কাম কৰি আছো কিন্তু এই পৰ্যায়ত আমি অতি স্পষ্টভাৱে দেখা পাইছো যে ইয়াৰ সৈতে জড়িত ব্যক্তিজনৰ মানসিক স্বাস্থ্যৰ সম্পৰ্ক আছে ৷

দেশৰ অন্যতম ব্যস্ত আৰু বিয়লিৰ কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু শ্বপিং মলটোত আক্ৰমণ আৰম্ভ হয় আৰু বিয়লি প্ৰায় 3.10 বজাত আৰক্ষীক ক্ষিপ্ৰতাৰে মাতি অনা হয় ৷ এই আক্ৰমণত 20 ৰ পৰা 55 বছৰ বয়সৰ 6 জন লোক নিহত হয় ৷ ইয়াৰে 5 গৰাকী মহিলা আৰু এজন পুৰুষ ৷ এই আক্ৰমণত 9 মহীয়া শিশুকে ধৰি আন 12 জন আহত হৈ চিকিৎসালয়ত আছে ৷

শ্বপিং চেণ্টাৰৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি থকা নিহত পুৰুষজন পিচত পাকিস্তানৰ 30 বছৰীয়া ফৰাজ তাহিৰ বুলি জানিব পৰা গৈছে ৷ এজন প্ৰত্যক্ষদৰ্শীয়ে লোৱা ভিডিঅ’ ফুটেজত দেখা গৈছে যে চোকা অস্ত্ৰ লৈ যোৱা কাউচিয়ে শ্বপিং মলটোৰ মাজেৰে অস্বাভাৱিকভাৱে দৌৰি মানুহক আক্ৰমণ কৰিছিল আৰু এই সময়তে বহু লোকে পলায়ন কৰিছিল ৷

তেতিয়া মই মোৰ ফুটেজটো লৈছিলো, প্ৰায় 15 ছেকেণ্ডৰ পূৰ্বে হয়তো তেওঁক আৰক্ষী বিষয়াজনে গুলীয়াই হত্যা কৰিছিল আৰু ইয়াৰ পূৰ্বে ইতিমধ্যে সেই সময়ত কেইবাজনো লোকক হত্যা কৰিছিল ব্যক্তিজনে ৷ কিন্তু আমি নাজানিছিলো আৰু আমাৰ কোনো ধাৰণা নাছিল যে কি হৈছে ৷ এই মন্তব্য কৰে আক্ৰমণৰ মাত্ৰ কেইমুহূৰ্তমান পূৰ্বে শ্বপিং চেণ্টাৰত প্ৰৱেশ কৰা ৰোহন এণ্ডাৰছনে ৷

আন ফুটেজত দেখা গৈছিল যে এজন মানুহে শ্বপিং চেণ্টাৰৰ এস্কেলেটৰত আক্ৰমণকাৰীৰ মুখামুখি হৈছিল ৷ ঘটনাস্থলীত প্ৰথম জৰুৰীকালীন সঁহাৰি দিয়া ইন্সপেক্টৰ এমি স্কটে কাউচিক গুলীয়াই হত্যা কৰে ৷

দেওবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে কয় যে বিষয়াজন নিশ্চিতভাৱে এজন নায়ক, যাৰ এই কাৰ্যই আৰু বহু লোকৰ জীৱন ৰক্ষা কৰে ৷

লগতে পঢ়ক :ছিডনীৰ শ্বপিং চেণ্টাৰত আততায়ীৰ ছুৰীকাঘাটত নিহত ৬, আৰক্ষীৰ গুলিত নিহত আক্ৰমণকাৰী - Sydney Mall Stabbing

ABOUT THE AUTHOR

...view details