অসম

assam

ETV Bharat / international

ভোটগণনাৰ অন্তিম পৰ্যায়; আগবাঢ়ি আছে কাৰাবন্দী ইমৰাণ খানৰ পাকিস্তান তেহৰিক-এ-ইনছাফ - imran khan pakistan

Pakistan parliamentary election 2024: পাকিস্তানত সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনৰ ভোটগণনা অন্তিম পৰ্যায়ত উপনীত হৈছে যদিও স্পষ্ট হোৱা নাই ফলাফল ৷ সাধাৰণ নির্বাচনত দুটা ভিন্ন দলৰ দুই প্রধান ৰাজনৈতিক নেতাই বিজয়ৰ দাবী কৰিছিল যদিও পাকিস্তানৰ নির্বাচন আয়োগে এতিয়াও চূড়ান্ত নির্বাচনৰ ফলাফল ঘোষণা কৰা নাই ৷ বেচৰকাৰী অনিশ্চিত ফলাফল অনুসৰি, পাকিস্তান তেহৰিক-এ-ইনছাফ (PTI)ৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীসকলে 97 খন আসনত আগবাঢ়ি আছে ।

No clear victor in sight as results draw closer to finish line
ভোটগণনা অন্তিম পৰ্যায়ত

By ANI

Published : Feb 10, 2024, 9:21 AM IST

Updated : Feb 10, 2024, 11:51 AM IST

নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী:পাকিস্তানত বৃহস্পতিবাৰে সাধাৰণ নিৰ্বাচনৰ বাবে ভোটদান অনুষ্ঠিত হৈ যায় ৷ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিচত ভোটগণনা আৰম্ভ হৈছে যদিও ঘোষণা কৰা হোৱা নাই ফলাফল ৷ভোটগণনা অন্তিম পৰ্যায়ত উপনীত হৈছে যদিও স্পষ্ট হোৱা নাই ফলাফল ৷ সাধাৰণ নির্বাচনত দুটা ভিন্ন দলৰ দুই প্রধান ৰাজনৈতিক নেতাই বিজয়ৰ দাবী কৰিছিল যদিও পাকিস্তানৰ নির্বাচন আয়োগে এতিয়াও চূড়ান্ত নির্বাচনৰ ফলাফল ঘোষণা কৰা নাই ৷

ইফালে, জিঅ’ নিউজে 266 খন আসনৰ ভিতৰত 241 খন আসনৰ বাবে প্ৰকাশ কৰা বেচৰকাৰী অনিশ্চিত ফলাফল অনুসৰি, পাকিস্তান তেহৰিক-এ-ইনছাফ (PTI)ৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীসকলে 97 খন আসনত আগবাঢ়ি আছে । একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰা পাকিস্তান মুছলিম লীগ-নৱাজ (PML-N) 72 খন আসনত পিছ পৰি আছে, তাৰ পিছতে আছে পাকিস্তান পিপলছ পাৰ্টি (PPP) 52 খন আসনেৰে ।

আনহাতে মুত্তাহিদা কৌমি আন্দোলন-পাকিস্তান (MQM-P), জমিয়ত-ই-উলামি-ফাইজাল (JUI-F) আৰু বেলুচিস্তান নেচনেল পাৰ্টি (BNP)য়ে ক্ৰমে 15, 3 আৰু 2 খন আসন লাভ কৰাৰ বাতৰি প্ৰকাশ পাইছে । পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-এ-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰাণ খানে শনিবাৰে নিজৰ ‘বিজয় ভাষণ’ প্ৰকাশ কৰি পাকিস্তান মুছলিম লীগ-নৱাজৰ (PML-N)ৰ শীৰ্ষ নৱাজ শ্বৰীফক ভোটগ্ৰহণৰ দিনটোত ভোটাৰে প্ৰত্যাখ্যান কৰে বুলি দাবী কৰে ।

তদুপৰি তিনিবাৰৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে দাবী কৰে যে তেওঁৰ দলটোৱে ‘একক বৃহত্তম’ দল হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ সমান্তৰালভাৱে দেশখনক সমৃদ্ধিৰ দিশত আগুৱাই নিব বিচাৰে ।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ গণনা চলি থকাৰ সময়তে এই কথা প্ৰকাশ পাইছে, আৰু পাকিস্তান মুছলিম লীগ-নৱাজ (PML-N) একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে যদিও নিৰ্দলীয় প্ৰাৰ্থীৰ পিছত আছে ৷ লাহোৰত অনুষ্ঠিত এক বিশাল সমাৱেশত ভাষণ দি শ্বৰীফে কয়, "মই আপোনাৰ চকুত সুখৰ স্ফুলিংগ দেখিবলৈ পাইছো । এই স্ফুলিংগই এখন 'আঘাতপ্ৰাপ্ত' পাকিস্তানক মেৰামতিৰ বাবে অনুৰোধ জনাইছে । ইয়ে পাকিস্তানক এখন সুন্দৰ দেশলৈ ৰূপান্তৰিত কৰিবলৈ উন্নয়নৰ আহ্বান জনাইছে ।" ইয়াৰোপৰি, দেশখনৰ বিদ্যালয়-চিকিৎসালয়ৰ উন্নয়নৰ লগতে সংকটগ্ৰস্ত দেশখনত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াৰ দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

শ্বৰীফে কয়, "আমি এনেকুৱা কাম কৰিব লাগিব যে বিদ্যুৎ, গেছৰ বিল পৰিশোধ কৰি বা পেট্ৰ'ল, ডিজেল ক্ৰয় কৰাৰ পিচত স্কুলৰ মাচুল দিওঁতে কোনেও কষ্ট অনুভৱ কৰিব নালাগে । ৰাইজৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰিব লাগে ৷ আমি ছাত্ৰ-ছাত্ৰীৰ বাবে লেপটপ বিতৰণ কৰিম । বিদ্যালয় আৰু শৌচাগাৰ নিৰ্মাণ কৰাৰ লগতে চিকিৎসালয়ত বিনামূলীয়া ঔষধ বিতৰণৰ ব্যৱস্থা কৰিম ৷"

নৱাজ শ্বৰীফে নিজৰ পূৰ্বৰ মিত্ৰ দল পাকিস্তান পিপলছ পাৰ্টি, জমিয়ত উলেমা-ই-ইছলাম (F) আৰু মুত্তাহিদা কৌমি আন্দোলন (পাকিস্তান)ৰ সহায়ত এক সংযুক্ত চৰকাৰ গঠনৰ কথাও ঘোষণা কৰে ।

লগতে পঢ়ক:কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দললৈ জনতাৰ ব্যাপক সঁহাৰি

Last Updated : Feb 10, 2024, 11:51 AM IST

ABOUT THE AUTHOR

...view details