ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ মাৰ্চ :ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষ অব্যাহত আছে । চলি থকা সংঘৰ্ষৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক তীব্ৰ সমালোচনা কৰে । বাইডেনৰ মতে নেতান্যাহুৱে ইজৰাইলক সহায় কৰাতকৈ অধিক আঘাত দিছে ।
শনিবাৰে এমএছএনবিচিৰ জনাথন কেপহাৰ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ সময়ত বাইডেনে কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ ইজৰাইলক ৰক্ষা কৰাৰ অধিকাৰ আছে । হামাছকো অনুসৰণ কৰি থকাৰ অধিকাৰ আছে । কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা নীতিবোৰে নিৰীহ লোকসকলৰ প্ৰাণ হেৰুওৱাৰ প্ৰতি অধিক মনোযোগ দিব লাগিব ।
বাইডেনৰ মতে নেতান্যাহুৱে বিশ্বৰ বাকী অংশৰ তুলনাত ইজৰাইলক সহায় কৰাতকৈ আঘাত হে দিছে । বাইডেনৰ মতে এয়া এক ডাঙৰ ভুল । বাইডেনে ইজৰাইলৰ আন্তঃৰাষ্ট্ৰীয় স্থিতিৰ ওপৰত প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে । সূত্ৰৰ মতে বাইডেনে কেইবামাহ ধৰি সতৰ্ক কৰি আহিছে যে গাজাত সাধাৰণ নাগৰিকৰ মৃত্যু বৃদ্ধি হোৱাৰ বাবে ইজৰাইলে আন্তৰ্জাতিক সমৰ্থন হেৰুওৱাৰ আশংকা কৰিছে । গাজাত মৃত্যুৰ সংখ্যা ৩১,০০০ অতিক্ৰম কৰিছে ।