অসম

assam

ETV Bharat / international

মহাকাশতে জন্মদিন উদযাপন সুনীতা উইলিয়ামছৰ; ভাৰতীয় সংগীতশিল্পীৰ বিশেষ উপহাৰ - Sunita williams Birthday - SUNITA WILLIAMS BIRTHDAY

Sunita williams at ISS : দ্বিতীয়বাৰৰ বাবে মহাকাশত জন্মদিন উদযাপন কৰিলে সুনীতা উইলিয়ামছে ৷ ১০০ দিনৰো অধিক ক্ষণ মহাকাশতে আছে মহাকাশচাৰীগৰাকী ৷ ভাৰতীয় প্ৰখ্যাত সংগীত শিল্পীয়ে গীতেৰে জনালে জন্মদিনৰ শুভেচ্ছা ৷

Sunita williams at ISS
সতীৰ্থ মহাকাশচাৰী বেৰী উইলম’ৰৰ সৈতে সুনীতা উইলিয়ামছ (AP)

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 4:21 PM IST

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ :বৃহস্পতিবাৰে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ১০৭ দিন সম্পূৰ্ণ কৰে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইনিয়ামছে ৷ ১৯ ছেপ্টেম্বৰ তেওঁৰ জন্মদিন ৷ সেই এই বিশেষ দিনটো মহাকাশতে উদযাপন কৰিলে মহাকাশচাৰীগৰাকীয়ে ৷ এইবেলি তেওঁ দ্বিতীয়বাৰৰ বাবে মহাকাশত জন্মদিন উদযাপন কৰে ৷ ইয়াৰ পূৰ্বে তেওঁ পৃথিৱীৰ পৰা বাহিৰত জন্মদিন উদযাপন কৰিছিল ২০১২ চনত ৷

নিজৰ অভিধানৰ পৰা ‘অসম্ভৱ’ শব্দটোক আঁতৰাই দিয়া সুনীয়া উইলিয়ামছে বৃহস্পতিবাৰে সম্পূৰ্ণ কৰিলে ৫৯ বছৰ ৷ অহাইঅ’ৰ ইউক্লিডত ১৯৬৫ চনৰ ১৯ ​​ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল সুনীতা উইলিয়ামছে । মহাকাশচাৰীগৰাকীৰ পিতৃ দীপক পাণ্ডিয়া আছিল গুজৰাটৰ মেহছানাৰ এগৰাকী স্নায়ু শৰীৰবিজ্ঞানী ৷ সেই অনুসৰি সুনীতা উইলিয়ামছে গুজৰাটৰ ঝুলাছানৰ পূৰ্বপুৰুষৰ গাঁওখনৰ লগতে কেবাবাৰো ভাৰত ভ্ৰমণ কৰিছে ৷ আনহাতে মাতৃ উৰ্চুলিন বনি পাণ্ডিয়া স্লোভেনিয়ান-আমেৰিকান বংশোদ্ভৱ ৷

১৯৮৩ চনত মেছাচুচেটছৰ নিধাম হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে সুনীতা উইলিয়ামছে ৷ তাৰ পিচত ১৯৮৭ চনত আমেৰিকাৰ নৌসেনা একাডেমীৰ পৰা ভৌতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা সুনীতাই ১৯৯৫ চনত ফ্ল’ৰিডা ইনষ্টিটিউট অব্ টেকন’লজীৰ পৰা অভিযান্ত্ৰিক ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷

কেৰিয়াৰ হিচাপে উইলিয়ামছে যাত্ৰা আৰম্ভ কৰিছিল আমেৰিকাৰ নৌসেনা একাডেমীত থকাৰ সময়তে ৷ সেই সময়তে তেওঁ এন্সাইন হিচাপে নিযুক্তি পোৱাৰ পিচত যুদ্ধ হেলিকপ্টাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । পাৰ্চী উপসাগৰীয় যুদ্ধৰ সময়ত তেওঁ উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিছিল ৷ ১৯৯৮ চনৰ জুন মাহত উইলিয়ামছক নাছাৰ মহাকাশচাৰী হিচাপে নিযুক্তি দিয়া হৈছিল ৷ কঠোৰ প্ৰশিক্ষণ সমাপ্ত কৰি তেওঁ ৰাছিয়াৰ মহাকাশ সংস্থাৰ সৈতে জড়িত হৈ প্ৰথমটো অভিযান চলাইছিল ৷ তেনেদৰেই ইটোৰ পিচত সিটো অসমভ্ৱক সম্ভৱ কৰি সুনীতা উইলিয়ামছ হৈ পৰিল মহাকাশত দীৰ্ঘসময় কটোৱা মহাকাশচাৰী ৷

গীতৰ জৰিয়তে জন্মদিনৰ শুভেচ্ছা :

বৃহস্পতিবাৰে মহকাশচাৰীগৰাকীৰ জন্মদিনৰ উপহাৰ দিলে দেশৰ প্ৰখ্যাত মিউজিক কোম্পানী ‘সাৰেগামা’ই ৷ মহাকাশচাৰীগৰাকীৰ ৫৯ সংখ্যক জন্মদিন উদযাপন কৰি ভাৰতৰ কেবাগৰাকীও কণ্ঠশিল্পীয়ে পৰিৱেশন কৰিলে মহম্মদ ৰফীৰ কালজয়ী গাত ‘বাৰ বাৰ দিন য়ে আয়ে’ ৷ গীতটোৰ জৰিয়তে সুনীতা উইলিয়ামছক জন্মদিনৰ শুভেচ্ছা জনাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হ’ল ভিডিঅ’ ৷ এক শুভেচ্ছা বাৰ্তাৰে ভিডিঅ’টোৰ আৰম্ভণি কৰে ছবি পৰিচালক কৰণ জোহৰে ৷ তাৰ পিচতে ছনু নিগম, শ্বান, হৰিহৰণ আৰু নীতি মোহনে গীতৰ জৰিয়তে জন্মদিনৰ শুভেচ্ছা জনায় মহাকাশচাৰীগৰাকীক ৷

ভিডিঅ’টোত ‘বাৰ বাৰ দিন য়ে আয়ে’ৰ মূল মিউজিক ভিডিঅ’টোত অভিনয় কৰা প্ৰবীণ অভিনেতা জীতেন্দ্ৰ কাপুৰেও জন্মদিনৰ শুভেচ্ছা বাৰ্তা দিয়ে ৷ ইফালে আন এটা ভিডিঅ’ত শংকৰ মহাদেৱন, অনুপ জালোটা, চেলিম মাৰ্চেণ্ট, ইলা অৰুণ, হৰিচৰণ ছেছাদ্ৰী আৰু শ্ৰদ্ধা পণ্ডিতেও গীতৰ জৰিয়তে সুনীতা উইলিয়ামছক জন্মদিনৰ শুভেচ্ছা জনোৱা দেখা যায় ৷

উল্লেখ্য যে সতীৰ্থ মহাকাশচাৰী বেৰী উইলম’ৰৰ সৈতে সুনীতা উইলিয়ামছে 5 জুন মাহত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিছিল ৷ ক্ৰু ফ্লাইট টেষ্টৰ বাবে প্ৰথমবাৰৰ বাবে আছিল এই অভিযান ৷ এই অভিযানৰ পৰিকল্পনা কেইটামান দিনৰ বাবে কৰা হৈছিল যদিও ষ্টাৰলাইনাৰৰ কাৰিকৰী বিজুটিৰ ফলত পলম হৈছে উভতি অহাত । ক্ৰুবিহীন ষ্টাৰলাইনাৰখন ইতিমধ্যে পৃথিৱীলৈ ঘূৰি আহিছে যদিও ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহতহে স্পেচএক্স ক্ৰু ড্ৰেগন কেপচুলত উঠি উইলিয়ামছ আৰু উইলমৰে ঘূৰি অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :মহাকাশৰ পৰাই সংবাদমেল, কি ক'লে দুই আৱদ্ধ মহাকাশচাৰীয়ে ?

মহাকাশচাৰীদ্বয়ক এৰি অকলেই পৃথিৱী অভিমুখে বয়িঙৰ ষ্টাৰলাইনাৰ বিমান

পৰৱৰ্তী 6 মাহ পৰ্যন্ত মহাকাশত আৱদ্ধ 2 মহাকাশচাৰী : কেনেকৈ কটাব দিন ?

ABOUT THE AUTHOR

...view details