ৱাশ্বিংটন : দুগৰাকী ভাৰতীয় মহিলাক অবৈধভাৱে আশ্ৰয় আৰু কম দৰমহাত গৃহ পৰিচাৰিকা হিচাপে নিয়োগ কৰাৰ বাবে এগৰাকী ভাৰতীয় আমেৰিকান চিকিৎসকৰ চিকিৎসা অনুজ্ঞাপত্ৰ স্থায়ীভাৱে প্ৰত্যাহাৰ কৰা হৈছে । নিউ জাৰ্চীৰ কলোনিয়াত ৰিউমেট'লজী চিকিৎসা সেৱা আগবঢ়াই অহা ডাঃ হৰ্ষ চাহনীয়ে যোৱা ফেব্ৰুৱাৰীত বিদেশীক লুকুৱাই ৰখা আৰু আশ্ৰয় দিয়াৰ ষড়যন্ত্ৰ আৰু মিছা কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অভিযোগ সন্দৰ্ভত দোষ স্বীকাৰ কৰিছিল ।
তেওঁ ২০২৪ চনৰ অক্টোবৰত ফেডাৰেল আদালতৰ ন্যায়াধীশে প্ৰদান কৰা ২৭ মাহৰ কাৰাদণ্ডও ভুগিব লাগিব । এটৰ্নি জেনেৰেল মেথিউ জে প্লাটকিন আৰু উপভোক্তা পৰিক্ৰমা বিভাগে বুধবাৰে এই কথা ঘোষণা কৰে । চৰকাৰে তেওঁৰ অপৰাধৰ পৰিপ্ৰেক্ষিতত অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা চাহনীক অস্থায়ীভাৱে চিকিৎসা অনুশীলনৰ পৰা নিলম্বিত কৰিছিল ।
এটৰ্নি জেনেৰেল প্লাটকিনে কয়, "আজি এটা সমস্যাজনক গোচৰৰ সমাপ্তি ঘটিছে । যত্ন আৰু সেৱাৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰখাৰ শপত লোৱা এজন চিকিৎসকে তেওঁৰ নিজৰ অৰ্থনৈতিক লাভৰ বাবে দুৰ্বল ভুক্তভোগীসকলক শোষণ আৰু উৎপীড়ন কৰিছিল ।" তেওঁ লগতে কয়, "অনেধৰণৰ অপৰাধমূলক আচৰণ আৰু মানৱতাৰ উলংঘনৰ বাবে চিকিৎসা বৃত্তিত কোনো স্থান নাই ।"
উপভোক্তা পৰিক্ৰমা বিভাগৰ সঞ্চালক কেৰী ফাইছে কয়, "ডাঃ চাহনীয়ে নিজৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে সস্তীয়া শ্ৰমিক হিচাপে অবৈধভাৱে যিসকল মহিলাক আশ্ৰয় দিছিল, তেওঁলোকৰ সৈতে যি আচৰণ কৰিছে, সেয়া চিকিৎসা বৃত্তিৰ আটাইতকৈ মৌলিক নিয়ম উলংঘন আৰু ভুক্তভোগীসকলক অকল্পনীয় কষ্ট দিছে ।"