তেল আভিভ:প্ৰায় ১৫ দিন পূৰ্বে ইজৰাইল আৰু লেবাননৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছে । সেই যুদ্ধবিৰতি চুক্তি অনুসৰি ইতিমধ্যে ইজৰাইল আৰু লেবাননে সেনা প্ৰত্যাৱৰ্তনকে ধৰি বিভিন্ন ধৰণৰ কাম-কাজত নিয়োজিত হৈ আছে । কিন্তু যুদ্ধ বিৰতিৰ মাজতে ইজৰাইলে লেবাননত আক্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷
হিজবুল্লাহৰ বিৰুদ্ধে এয়াৰষ্ট্ৰাইক
তাৰ মাজতে ইজৰাইলে পুনৰ দক্ষিণ লেবাননত আক্ৰমণ কৰে । অৱশ্যে এই আক্ৰমণ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহক লক্ষ্য কৰি আছিল বুলি ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে । ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে জনাইছে যে ইজৰাইল বায়ু সেনাৰ এখন বিমানে দক্ষিণ লেবাননত কাম কৰি থকা সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ কেইটামান সন্ত্ৰাসবাদীক লক্ষ্য কৰি আক্ৰমণ কৰিছে । সেনাই দাবী কৰা মতে ইজৰাইল আৰু লেবাননৰ মাজত যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ইজৰাইলৰ বাসিন্দাসকলৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছিল সন্ত্ৰাসবাদীকেইটাই । অৱশ্যে ইয়াৰ প্ৰতিক্ৰিয়া লেবাননে কি ধৰণে দিয়ে সেয়া সময়তহে দেখা যাব ।