অসম

assam

ETV Bharat / international

গাজাত আক্ৰমণ অব্যাহত; কাটাৰত আলোচনাৰ বাবে ৰাওনা ইজৰাইলৰ প্ৰতিনিধি - ISRAEL HAMAS WAR

গাজাত ইজৰাইলৰ কেইবাটাও আক্ৰমণত ৪০ গৰাকী লোক নিহত । কাটাৰত যুদ্ধবিৰতি চুক্তিৰ আলোচনা কৰিবলৈ সাজু ইজৰাইল ।

Israel Hamas war
গাজাত আক্ৰমণ অব্যাহত (AP)

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 10:54 AM IST

ডেইৰ অল-বালাহ :নিজৰ স্থিতিত অটল ইজৰাইল । বিশ্বৰ আহ্বানৰ বিপৰীতে ইজৰাইলে গাজাত আক্ৰমণ অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে গাজা ষ্ট্ৰিপত ইজৰাইলৰ বিমান আক্ৰমণত কেইবাটাও শিশুসহ কমেও ৪০ গৰাকী লোক নিহত হয় ।

যুদ্ধবিৰতি চুক্তিৰ বাবে আলোচনাত ভাগ ল'ব ইজৰাইলৰ প্ৰতিনিধি

দৈনিক বোমাবর্ষণ অব্যাহত থকাৰ লগে লগে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে কৈছে যে তেওঁ মোচাদ চোৰাংচোৱা সংস্থা, শিন বেট আভ্যন্তৰীণ সুৰক্ষা সংস্থা আৰু সামৰিক বাহিনীৰ এটা প্ৰতিনিধি দলক যুদ্ধবিৰতি চুক্তিৰ দিশত কাটাৰত আলোচনা অব্যাহত ৰাখিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে ।

ইজৰাইলী সংবাদ মাধ্যমে কৈছে যে প্ৰতিনিধি দলটো শুকুৰবাৰে ৰাওনা হ'ব । তাৎক্ষণিকভাৱে হামাছৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই । আমেৰিকাৰ নেতৃত্বত হোৱা আলোচনা ১৫ মাহ ধৰি চলি থকা যুদ্ধৰ সময়ত কেইবাবাৰো স্থগিত ৰখা হৈছে ।

ইজৰাইলৰ শেহতীয়া আক্ৰমণ

উল্লেখ্য যে শেহতীয়াকৈ মুৱাচি নামেৰে জনাজাত সমুদ্ৰতীৰত ইজৰাইলে আক্ৰমণ কৰিছিল । য'ত প্ৰচণ্ড শীতৰ মাজত কেইবা হাজাৰ স্থানচ্যুত পেলেষ্টাইনী নাগৰিকে অস্থায়ী শিবিৰত আছিল । শীতৰ পৰা ৰক্ষা পাবলৈ সকলোৱে তম্বুৰ তলত আছিল আৰু সেই সময়ত ইজৰাইলে আক্ৰমণ কৰিছিল । পুৱা হোৱা এই আক্ৰমণত তিনিটা শিশু আৰু দুজন জ্যেষ্ঠ হামাছ আৰক্ষী বিষয়াকে ধৰি কমেও ১০ গৰাকী লোক নিহত হয় ।

ইজৰাইলৰ সামৰিক বাহিনীয়ে কয় যে তেওঁলোকে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক লক্ষ্য কৰি লৈছিল । তেওঁ ইজৰাইলী বাহিনীৰ ওপৰত আক্ৰমণত হামাছৰ সশস্ত্ৰ শাখাৰ দ্বাৰা ব্যৱহৃত চোৰাংচোৱা তথ্য সংগ্ৰহৰ সৈতে জড়িত আছিল ।

ইজৰাইলৰ আন এটা আক্ৰমণত মধ্য গাজাৰ ডেইৰ অল-বালাহত প্ৰায় ৮ গৰাকী লোক নিহত হয় । এই সন্দৰ্ভত ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । দক্ষিণ গাজাত সামৰিক বাহিনীয়ে পূৱ খান ইউনুছত আক্ৰমণ চলায়, য'ত ৫ আৰক্ষী জোৱান নিহত হয় । ইজৰাইল চৰকাৰৰ মুখপাত্ৰ ডেভিদ মেঞ্চাৰে কোৱা মতে এই আক্ৰমণৰ জৰিয়তে দক্ষিণ গাজাত হামাছৰ আভ্যন্তৰীণ নিৰাপত্তা বাহিনীৰ মুৰব্বীক লক্ষ্য কৰি লোৱা হৈছিল ।

উল্লেখ্য যে ইজৰাইলে যুদ্ধৰ সময়ত গাজাৰ আৰক্ষীক বাৰে বাৰে লক্ষ্য কৰি লৈছে । যাৰ ফলত আইন-শৃংখলা পৰিস্থিতি দুৰ্বল হৈ পৰিছে । এনে পৰিস্থিতিত সাধাৰণ নাগৰিকসকল নিৰাপত্তাহীনতাত ভুগিছে । হামাছ পৰিচালিত চৰকাৰৰ ওচৰত হাজাৰ হাজাৰ আৰক্ষী বাহিনী আছিল, যিয়ে যুদ্ধৰ পূৰ্বে অধিক ৰাজহুৱা নিৰাপত্তা নিশ্চিত কৰিছিল । যথেষ্ট পৰিমাণৰ হিংসাত্মক ঘটন দমন কৰিবলৈও সক্ষম হৈছিল । এতিয়া বিষয়াসকল বহুতো অঞ্চলত কৰ্মস্থানৰ পৰা আঁতৰি গৈছে ।

ইয়াৰ মাজতে মধ্য গাজাৰ মাগাজীৰ ৰাজপথত খোজ কাঢ়ি গৈ থকা লোকৰ এটা দলক ইজৰাইলী বাহিনীয়ে আক্ৰমণ কৰে । য'ত ৩ জন পেলেষ্টাইনী নিহত হয় । তেওঁলোকৰ মৃতদেহ আল-আকছা শ্বহীদ চিকিৎসালয়লৈ লৈ যোৱা হয় । বৃহস্পতিবাৰে নিশা মাগাজী আৰু মধ্য গাজাৰ নুচিৰাট শৰণাৰ্থী শিবিৰত ইজৰাইলী আক্ৰমণত ৫ টা শিশুসহ কমেও ১৪ জন লোক নিহত হয় ।

লগতে পঢ়ক :নতুন বছৰৰ পহিলা দিনটোতে গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ - ISRAELI STRIKES IN GAZA

ABOUT THE AUTHOR

...view details