ইন্টাৰনেচনেল ডেস্ক, ২৪ মাৰ্চ: প্ৰতি বছৰে ২৫ মাৰ্চত আটক আৰু নিৰুদ্দেশ হোৱা কৰ্মচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সংহতি দিৱস পালন কৰা হয় ।
আটক আৰু নিৰুদ্দেশ হোৱা কৰ্মচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সংহতি দিৱসৰ পটভূমি:
১৯৪৫ চনত ৰাষ্ট্ৰসংঘ (UN) প্ৰতিষ্ঠা হোৱাৰ পিচৰে পৰা ইয়াৰ সেৱাত শ শ বীৰ পুৰুষ-মহিলাই প্ৰাণ হেৰুৱাইছে । নব্বৈৰ দশকৰ সময়চোৱাত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ সংখ্যা আৰু পৰিসৰ বৃদ্ধিয়ে আৰু বহুতকে বিপদত পেলাইছিল । পূৰ্বৰ চাৰিটা দশকৰ তুলনাত নব্বৈৰ দশকত অধিক লোকে প্ৰাণ হেৰুৱাইছিল । সেই সময়তে সদস্য ৰাষ্ট্ৰ আৰু কৰ্মচাৰীসকলৰ মাজত এক সজাগতা গঢ় লৈ উঠিবলৈ ধৰিলে, যে ভৱিষ্যতে ৰাষ্ট্ৰসংঘ যিমানেই সক্ৰিয় হ’ব সিমানেই ইয়াক লক্ষ্য কৰি লোৱা হ’ব ।
১৯৯৩ চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কৰ্মচাৰীৰ সুৰক্ষাৰ ওপৰত প্ৰথম প্ৰস্তাৱ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ কৰ্মীসকলক সুৰক্ষা প্ৰদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনী চুক্তিৰ ওপৰত সাধাৰণ পৰিষদৰ ষষ্ঠ (আইনী) সমিতিত জটিল আলোচনা হয় । সেই আলোচনাৰ ফলত ১৯৯৪ চনৰ ৯ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰে ৰাষ্ট্ৰসংঘ আৰু সংযুক্ত কৰ্মীৰ সুৰক্ষা সম্পৰ্কীয় সন্ধি ।
আটক আৰু নিৰুদ্দেশ হোৱা কৰ্মচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সংহতি দিৱসৰ উৎপত্তি: