ইণ্টাৰনেচনেল ডেস্ক, ১৯ মাৰ্চ : ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত অনুষ্ঠিত হৈ আছে জি-২০ শীৰ্ষ সন্মিলন । এই অনুষ্ঠানত ভাৰতৰ জি-২০ বিশেষ কৰ্তব্যৰত বিষয়া (অ'এছডি) অভয় ঠাকুৰে ১৮-১৯ মাৰ্চত জি-২০ উন্নয়ন কাৰ্যকৰী গোটৰ বৈঠকত অংশগ্ৰহণ কৰে ।
বৈঠকত তেওঁ গ্ৰাম্য উন্নয়ন, সমাজ কল্যাণ, মহিলা সবলীকৰণ, শিক্ষা আৰু স্বাস্থ্যসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত ডিপিআই-সক্ষম ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ ভাৰতৰ সফল ব্যৱহাৰৰ কথা উল্লেখ কৰে ।
এক্সত দিয়া এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "অ'এছডি (জি-২০) অভয় ঠাকুৰে ১৮-১৯ মাৰ্চত ব্ৰাছিলিয়াত অনুষ্ঠিত জি-২০ উন্নয়ন কাৰ্যকৰী গোটৰ বৈঠকত অংশগ্ৰহণ কৰিছে । অসমতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ জি-২০ সংস্থাৰ অগ্ৰাধিকাৰক সমৰ্থন কৰি তেওঁ গ্ৰাম্য উন্নয়ন, সমাজ কল্যাণ, মহিলা, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সফল ডিপিআই-সক্ষম ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰে ।"
উল্লেখ্য যে ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মূৰলীধৰণে ব্ৰাজিলৰ জি-২০ সভাপতিত্বৰ অধীনত আহ্বান কৰা জি-২০ বৈদেশিক মন্ত্ৰীৰ বৈঠকত (এফএমএম) অংশগ্ৰহণ কৰিছিল ।
বৈঠকখন ২১-২২ ফেব্ৰুৱাৰীত ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হয় । বৈদেশিক মন্ত্ৰী আৰু জি-২০ সদস্য, আমন্ত্ৰণ জনোৱা দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলে বৈঠকত অংশগ্ৰহণ কৰে । ব্ৰাজিলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাউৰো ভিয়েৰাই বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত সভাপতিত্ব কৰে ।