অসম

assam

ETV Bharat / international

বিশ্ব আলঝেইমাৰ দিৱস আৰু ইয়াৰ তাৎপৰ্য - Significance of Alzheimers Day

World Alzheimer's Day : আলঝেইমাৰ ৰোগ আৰু অন্যান্য প্ৰকাৰৰ ডিমেনচিয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতিবছৰে ২১ ছেপ্টেম্বৰত বিশ্ব আলঝেইমাৰ দিৱস পালন কৰা হয় । ১৯৯৪ চনত আলঝেইমাৰ ডিজিজ ইণ্টাৰনেচনেল (Alzheimer's Disease International, ADI) সংগঠনে প্ৰথমবাৰৰ বাবে এই দিৱসটো উদযাপন কৰিছিল ।

World Alzheimers Day
বিশ্ব আলঝেইমাৰ দিৱস আৰু ইয়াৰ তাৎপৰ্য (Getty Images)

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 8:43 AM IST

বিশেষ প্ৰতিবেদন, ২১ ছেপ্টেম্বৰ :প্ৰতিবছৰে ২১ ছেপ্টেম্বৰত বিশ্ব আলঝেইমাৰ দিৱস উদযাপন কৰা হয় । আলঝেইমাৰ ৰোগ আৰু ডিমেনচিয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ এই দিৱসটো উদযাপন কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে জনসাধাৰণক শিক্ষিত কৰা, এই ৰোগত প্ৰভাৱিত লোকসকলক সমৰ্থন আগবঢ়োৱা আৰু ইয়াৰ প্ৰতিৰোধ তথা চিকিৎসাৰ ওপৰত গৱেষণা কৰা ।

আনহাতে, ইয়াৰ সৈতে জড়িত বিভিন্ন সংগঠনে আলঝেইমাৰ ৰোগ সম্পৰ্কীয় জ্ঞানৰ প্ৰচাৰ কৰিবলৈ আৰু এই পৰিস্থিতিক কেন্দ্ৰ কৰি মানুহ মাজত যি এক ভুল ধাৰণা আছে সেইবোৰ হ্ৰাস কৰিবলৈ বিভিন্ন অনুষ্ঠান, প্ৰচাৰমূলক কাৰ্যসূচী আৰু অন্যান্য কাৰ্যকলাপৰ আয়োজন কৰে ।

বিশ্ব আলঝেইমাৰ দিৱসৰ ইতিহাস

আলঝেইমাৰ ৰোগ আৰু অন্যান্য প্ৰকাৰৰ ডিমেনচিয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতিবছৰে ২১ ছেপ্টেম্বৰত উদযাপন কৰা বিশ্ব আলঝেইমাৰ দিৱস প্ৰথমবাৰৰ বাবে ১৯৯৪ চনত উদযাপন কৰা হৈছিল । ‘‘আলঝেইমাৰ ডিজিজ ইণ্টাৰনেচনেল’’ (Alzheimer's Disease International, ADI) নামৰ সংগঠনটোৱে প্ৰথমবাৰৰ বাবে বিশ্ব আলঝঝেইমাৰ মাহ উদযাপনৰ অংশ হিচাপে ২১ ছেপ্টেম্বৰত এই দিৱটো পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ।

বিশ্ব আলঝেইমাৰ দিৱসৰ লক্ষ্য

এই দিৱসটো পালনৰ উদ্দেশ্য হৈছে ডিমেনচিয়াৰ বিষয়ে জ্ঞান বৃদ্ধি কৰা, ইয়াৰ দ্বাৰা প্ৰভাৱিত লোকসকলক সমৰ্থন কৰা আৰু উন্নত যত্ন আৰু গৱেষণাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা । আনহাতে, প্ৰতিবছৰে ডিমেনচিয়াৰ যত্ন আৰু সজাগতাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিবলৈ এক নিৰ্দিষ্ট বিষয়বস্তু (theme) বাছনি কৰা হয় । ইয়াৰ আন এক উদ্দেশ্য হৈছে এই অৱস্থাৰ সৈতে জীৱন নিৰ্বাহ কৰা ব্যক্তিসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে বিশ্বজুৰি আলোচনা আৰু ইয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপবোৰ বৃদ্ধি কৰা ।

উল্লেখ্য যে আলঝেইমাৰ হৈছে স্মৃতিশক্তি হ্ৰাস আৰু স্মৃতি বিভ্ৰাটৰ এক গুৰুতৰ মস্তিষ্কজনিত বিকাৰ । যদি সময়মতে ইয়াৰ নিৰ্ণয় আৰু ব্যৱস্থাপনা কৰা নহয়, তেন্তে এগৰাকী ব্যক্তিৰ জ্ঞান আবৰণ কৰা, চিন্তা কৰা, যুক্তিযুক্ততা বিবেচনা কৰা, মনত ৰখা, সমস্যা সমাধান কৰা, সিদ্ধান্ত লোৱা আৰু মনোযোগ দিয়াৰ মানসিক সামৰ্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ।

ইয়াৰ দ্বাৰা এজন ব্যক্তিৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপ আৰু আৱেগৰ ওপৰত নিয়ন্ত্ৰণৰ সৈতে আপোচ কৰিব লাগিব পাৰে । এই গুৰুতৰ ৰোগটোৱে কেৱল ৰোগীসকলকে নহয়, তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গকো প্ৰভাৱিত কৰে । প্ৰতিবছৰে সমগ্ৰ ছেপ্টেম্বৰ মাহটোকে 'আলঝেইমাৰ মাহ' হিচাপে স্বীকৃতি দিয়া হৈছে ।

সমগ্ৰ বিশ্বৰ জনসাধাৰণ, বিভিন্ন আলঝেইমাৰ সমাজ আৰু সংগঠনে আলঝেইমাৰ আৰু ডিমেনচিয়াত আক্ৰান্ত লোকসকলৰ সমৰ্থনত এই দিৱসত একত্ৰিত হয় । তেওঁলোকে জনসাধাৰণক এই ৰোগৰ প্ৰতি সতৰ্ক হ'বলগা চিহ্ন আৰু লক্ষণ, আগতীয়া ৰোগ নিৰ্ণয় আৰু এই গুৰুতৰ মানসিক বিকাৰৰ উপযুক্ত চিকিৎসাৰ বিষয়ে শিক্ষিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰে । ইয়াৰ উপৰি প্ৰভাৱিত লোকসকলক সামাজিক আৰু বিত্তীয় সমৰ্থনো প্ৰদান কৰা হয় ।

বিশ্ব আলঝেইমাৰ দিৱসৰ তাৎপৰ্য

বিশ্ব আলঝেইমাৰ দিৱসৰ যথেষ্ট গুৰুত্ব আছে । এই দিৱসটোৱে আলঝেইমাৰ ৰোগ আৰু ডিমেনচিয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে । এই ৰোগবিধ সম্পৰ্কীয় জ্ঞানৰ প্ৰচাৰৰ দ্বাৰা জনসাধাৰণক এনেধৰণৰ পৰিস্থিতিবোৰৰ বিষয়ে শিক্ষিত কৰাত সহায় কৰে । ইয়াৰ উদ্দেশ্য হৈছে ডিমেনচিয়াৰ সৈতে সম্পৰ্কিত যি এক ভুল ধাৰণা আছে তাৰ মোকাবিলা কৰা, মুকলিভাৱে আলোচনা কৰা আৰু এই ক্ষেত্ৰত সমৰ্থন জনোৱাৰ বাবে উৎসাহিত কৰা ।

প্ৰভাৱিত ব্যক্তিসকলক সমৰ্থন : এই দিৱসটোৱে ইয়াত আক্ৰান্ত লোকসকলৰ যত্ন লওঁতা, পৰিয়াল আৰু ডিমেনচিয়াত আক্ৰান্ত লোকসকলক বিভিন্ন অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ লগতে ইয়াৰ সমাধান বিচাৰিবলৈ এক মঞ্চ প্ৰদান কৰে । এই দিনটোত আলঝেইমাৰ প্ৰতিৰোধ, চিকিৎসা আৰু যত্নৰ বিকল্পৰ ওপৰত চলি থকা গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

আনহাতে, বৈজ্ঞানিক অধ্যয়নৰ বাবে পুঁজি আৰু সমৰ্থনক উৎসাহিত কৰা হৈছে । লগতে এই দিৱসটোৱে বিশ্বজুৰি থকা সংগঠন আৰু সম্প্ৰদায়বোৰক আলঝেইমাৰ ৰোগৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে উন্নত নীতি আৰু সেৱাৰ বাবে কাম কৰিবলৈ একত্ৰিত কৰে ।

সামগ্ৰিকভাৱে ক'বলৈ গ'লে বিশ্ব আলঝেইমাৰ দিৱসে ডিমেনচিয়াৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ জীৱন উন্নত কৰাৰ বাবে এক সামূহিক প্ৰচেষ্টা বৃদ্ধি কৰে ।

লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় উপকূল পৰিষ্কাৰ দিৱস: সাগৰীয় আৱৰ্জনা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এটা দিন - International Coastal Cleanup Day
লগতে পঢ়ক :বিশ্ব শান্তি দিৱস ২০২৪: সুসংগত বিশ্ব শৃংখলাৰ বাবে শান্তিৰ সাংস্কৃতিক গুৰুত্ব - International day of Peace 2024
লগতে পঢ়ক :বিশ্ব কৃতজ্ঞতা দিৱস, আপোনাৰ কৃতজ্ঞতাই সলনি কৰিব পাৰে আনৰ জীৱন - World Gratitude Day 2024

ABOUT THE AUTHOR

...view details