অসম

assam

ETV Bharat / international

ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে মনোনয়ন গ্ৰহণ ড'নাল্ড ট্ৰাম্পৰ - US President Election 2024 - US PRESIDENT ELECTION 2024

US President Election : বুধবাৰৰ নিৰ্বাচনী প্ৰচাৰত ট্ৰাম্পৰ বিষয়বস্তু আছিল 'আমেৰিকাক পুনৰ শক্তিশালী কৰক' । বৃহস্পতিবাৰে তেওঁ কয় যে 'আমেৰিকাক পুনৰবাৰ মহীয়ান কৰক' । লগতে তেওঁ কয়, "মই সমগ্ৰ আমেৰিকাৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ দৌৰত আছোঁ ।"

US President Election
প্ৰচাৰ অনুষ্ঠানত ড'নাল্ড ট্ৰাম্প (ANI Photo)

By ANI

Published : Jul 19, 2024, 1:47 PM IST

নিউজ ডেস্ক, ১৯ জুলাই :আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে । আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ বাবে এগৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতিৰ নাম দুটা দলৰ পৰা মনোনয়নৰ শীৰ্ষত আছিল । তাৰে ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নাম পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন কৰে ৰিপাব্লিকান দলে । আনহাতে, ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ এই মনোনয়ন গ্ৰহণ কৰিছে ড'নাল্ড ট্ৰাম্পে ।

উল্লেখ্য যে বৃহস্পতিবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মিলৱাকিৰ আৰ এন চি ২৪ত প্ৰচাৰ মঞ্চত মুখ্য আকৰ্ষণ হৈ পৰে । ১৩ জুলাইত তেওঁৰ ওপৰত হোৱা প্ৰাণঘাতী আক্ৰমণৰ পিচত নাগৰিকসকলক সম্বোধন কৰা এইটো আছিল তেওঁৰ প্ৰথম সম্বোধন । চাৰিদিনীয়া এই সন্মিলনত হাই-প্ৰফাইল বক্তাসকলৰ লগতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ট্ৰাম্পৰ প্ৰাইমটাইম ভাষণো অন্তৰ্ভুক্ত আছিল ।

আনহাতে, সোমবাৰে ড'নাল্ড ট্ৰাম্পৰ প্ৰচাৰৰ বিষয়বস্তু আছিল 'আমেৰিকাক পুনৰ সমৃদ্ধিশালী কৰক' । ইফালে মঙলবাৰে প্ৰচাৰৰ বিষয়বস্তু আছিল 'আমেৰিকাক পুনৰ সুৰক্ষিত কৰক' । একেদৰে বুধবাৰৰ বিষয়বস্তু আছিল 'আমেৰিকাক পুনৰ শক্তিশালী কৰক' । এইবাৰ বৃহস্পতিবাৰে তেওঁ কয় যে 'আমেৰিকাক পুনৰবাৰ মহীয়ান কৰক' । লগতে তেওঁ কয়, "মই সমগ্ৰ আমেৰিকাৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ দৌৰত আছোঁ ।"

উল্লেখ্য, পেনচিলভেনিয়াত নিৰ্বাচনী সমাবেশৰ সময়ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত এক ঘাতক আক্ৰমণ চলে ৷ দেওবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক হত্যাৰ চেষ্টা চলোৱাৰ কেইসপ্তাহমান পূৰ্বে ড’নাল্ড ট্ৰাম্পক হত্যাৰ বাবে ইৰাণে ব্লুপ্ৰিণ্ট ৰচিছিল বুলি আমেৰিকাৰ চোৰাংচোৱাই তথ্য লাভ কৰিছিল বুলি ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াসকলে জনায় । ইয়াৰ পিচতে ট্ৰাম্পৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছিল ।

ইফালে ইৰাণৰ এই ষড়যন্ত্ৰ আৰু ট্ৰাম্পক হত্যাৰ চেষ্টা কৰা 20 বছৰীয়া যুৱকজনৰ মাজত কোনো সম্পৰ্ক নাই বুলি বিষয়াসকলে স্পষ্ট কৰি দিয়ে । কিন্তু ইৰাণৰ এই ভাবুকিৰ বিষয়ে আমেৰিকাৰ চোৰাংচোৱা সেৱা আৰু ট্ৰাম্পৰ প্ৰচাৰ অভিযানত নিয়োজিত বিষয়াসকলক অৱগত কৰা হৈছিল আৰু ইয়াৰ ফলত নিৰাপত্তা বৃদ্ধি পাইছিল বুলি আমেৰিকাৰ এগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াই নিশ্চিত কৰিছে ।

উল্লেখ্য যে 2020 চনত ইৰাকত ইৰাণৰ কুৰ্দিছ বাহিনীৰ নেতা কাছিম ছুলেইমানীৰ মৃত্যু হোৱা ড্ৰ’ন আক্ৰমণৰ পিচৰে পৰা তেহৰাণৰ ভাবুকিৰ সন্মুখীন হৈছে ট্ৰাম্প আৰু তেওঁৰ প্ৰাক্তন বিদেশ মন্ত্ৰী মাইক পম্পেঅ’ ।

লগতে পঢ়ক :ড’নাল্ড ট্ৰাম্পক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচিছিল ইৰাণে: আমেৰিকাৰ চোৰাংচোৱা - Donald Trump Shooting
লগতে পঢ়ক :20 বছৰীয়া যুৱকৰ আক্ৰমণৰ লক্ষ্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প - Donald Trump Shooting

ABOUT THE AUTHOR

...view details