নিউজ ডেস্ক, ৪ এপ্ৰিল : চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা । চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচন সমাপ্ত হোৱাৰ পিচত নতুন দিল্লীলৈ ভ্ৰমণৰ বাবে আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷ বাংলাদেশৰ বৈদেশিক মন্ত্ৰী হাছান মাহমুদে সংবাদ মাধ্যমৰ আগত এই কথা নিশ্চিত কৰে ৷ তেওঁ কয়, "নিৰ্বাচনৰ পিচত প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিব । আনুষ্ঠানিক সময়সূচী এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই" ।
শেহতীয়াকৈ শ্বেখ হাছিনাই জুন মাহত ভাৰত ভ্ৰমণ কৰিব হ’ব বুলি কেইবাটাও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল ৷ কিন্তু সেই জল্পনা-কল্পনাৰ মাজতে এই কথা সদৰী কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী হাছান মাহমুদে ৷ যদিহে বাস্তৱায়িত হয়, তেন্তে ৭ জানুৱাৰীত ৰাষ্ট্ৰীয় নিৰ্বাচনত জয়লাভ কৰাৰ পিচত এই ভ্ৰমণ তেওঁৰ প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ হ’ব ।
এই ভ্ৰমণৰ গুৰুত্বপূৰ্ণ কূটনৈতিক প্ৰভাৱ আছে ৷ কিয়নো ইয়াৰ দ্বাৰা বাংলাদেশ আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অব্যাহত ৰখাৰ ওপৰত আলোকপাত কৰা হৈছে । দুয়োখন দেশে বছৰ বছৰ ধৰি ঘনিষ্ঠ কূটনৈতিক সম্পৰ্ক বজাই ৰাখিছে ৷ বাণিজ্য, নিৰাপত্তা আৰু আঞ্চলিক সহযোগিতাকে ধৰি বিভিন্ন ফ্ৰণ্টত সহযোগিতা আগবঢ়াই আহিছে ।