ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ আগষ্ট : বৃহস্পতিবাৰে জাপানৰ দক্ষিণ উপকূলত এক শক্তিশালী ভূমিকম্প সংঘটিত হয় । ইয়াৰ ফলত অঞ্চলটোত ছুনামিৰ আগতীয়া সতৰ্কবাণী জাৰি কৰা হৈছে । আনহাতে, উপকূলৱৰ্তী বাসিন্দাসকলক উপকূল অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে । অৱশ্যে ভূমিকম্পৰ ফলত তাৎক্ষণিকভাৱে গুৰুতৰ ক্ষয়-ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই ।
জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ । ভূমিকম্পটোৰ অভিকেন্দ্ৰ প্ৰায় ৩০ কিলোমিটাৰ (১৮.৬ মাইল) গভীৰতাত জাপানৰ দক্ষিণ মুখ্য দ্বীপ কিউচুৰ পূব উপকূলৰ জলপৃষ্ঠত ।
ভূমিকম্পটোৰ জোকাৰণি কিউচু দ্বীপৰ মিয়াজাকি প্ৰিফেকচাৰৰ নিচিনান চহৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলবোৰত অধিক শক্তিশালীভাৱে অনুভূত হয় ।
সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, ভূমিকম্পটো সংঘটিত হোৱাৰ প্ৰায় আধা ঘণ্টা পিচত কিউচুৰ দক্ষিণ উপকূল আৰু ওচৰৰ শিকোকু দ্বীপৰ কিছু অংশত ৫০ চেণ্টিমিটাৰতকৈ (১.৬ ফুট) অধিক উচ্চতাৰ ছুনামিৰ ঢৌ ধৰা পৰে ।
আনহাতে, ভূমিকম্প বিশেষজ্ঞসকলে পূৰ্বৰ বিধ্বংসী ভূমিকম্পৰ উৎস নিকটৱৰ্তী নানকাই ট্ৰাফত এই ভূমিকম্পই প্ৰভাৱ পেলাইছেনে নাই তাৰ বিশ্লেষণ কৰিবলৈ এক জৰুৰী সভা অনুষ্ঠিত কৰে ।