অসম

assam

ETV Bharat / international

সামৰিক ঘাটিত গোলাবাৰুদ বিস্ফোৰণত 20 জন জোৱান নিহত - Ammunition Explosion in Cambodia - AMMUNITION EXPLOSION IN CAMBODIA

শনিবাৰে বিয়লি পশ্চিম কম্বোডিয়াৰ এটা ঘাটিত সংঘটিত হোৱা গোলাবাৰুদ বিস্ফোৰণত বিশজন সৈনিকৰ প্ৰাণহানি হোৱাৰ লগতে অসংখ্য সৈনিক আহত হয়। বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই ৷

AMMUNITION EXPLOSION
সামৰিক ঘাটিত গোলাবাৰুদ বিস্ফোৰণ

By PTI

Published : Apr 28, 2024, 10:16 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 28 এপ্ৰিল : কম্বোডিয়াৰ পশ্চিম অঞ্চলৰ এটা ঘাটিত শনিবাৰে বিয়লি সংঘটিত গোলাবাৰুদ বিস্ফোৰণত 20 জন জোৱান নিহত হোৱাৰ লগতে কেইবাজনো জোৱান আহত হয় বুলি জানিব পৰা গৈছে ৷ দেশখনৰ প্ৰধানমন্ত্ৰী হান মানেটে এই কথা জানিবলৈ দিয়ে ৷ হান মানেটে ফেচবুক পোষ্টত কয় যে কাম্পং স্পেউ প্ৰদেশৰ ঘাটিটোত হোৱা বিস্ফোৰণৰ খবৰ পাই তেওঁ স্তম্ভিত হৈ পৰিছে ৷ এই ঘটনাত ওচৰৰ কেইবাটাও অট্টালিকাৰ ক্ষয়-ক্ষতি হয় ৷

বিস্ফোৰণৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰু হান মানেটে ফেচবুক যোগে দিয়া পোষ্টত এই কথা প্ৰকাশ কৰা নাই ৷ তেওঁ নিহত জোৱানসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি চৰকাৰে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱাৰ লগতে নিহতৰ পৰিয়াল আৰু আহত উভয়কে ক্ষতিপূৰণ দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ সেই স্থানৰ পৰা পোৱা ছবিত দেখা গৈছে যে এটা ধ্বংসপ্ৰাপ্ত অট্টালিকাৰ পৰা এতিয়াও ধোঁৱা ওলাই আছে আৰু চিকিৎসালয়ত আহত সৈনিক সকলে চিকিৎসা গ্ৰহণ কৰি আছে ৷

ৱেষ্ট পইণ্টৰ আমেৰিকাৰ সামৰিক একাডেমীৰ স্নাতক হান মেনেটে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্বাচিত হোৱাৰ কিছু সময়ৰ পূৰ্বে তেওঁৰ স্বৈৰাচাৰী পিতৃ হান চেনৰ পিচত চাৰি তাৰকা জেনেৰেল হিচাপে পদোন্নতি লাভ কৰিছিল ৷

প্ৰধানমন্ত্ৰী হান মানেটক প্ৰতিনিধিত্ব কৰি প্ৰতিৰক্ষা মন্ত্ৰী চাহ চেইহাই বৌদ্ধ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত থাকে কৰে, য'ত নিহত সকলৰ আত্মীয় আৰু আন সৈনিকসকলে অংশগ্ৰহণ কৰে ৷ কম্বোডিয়াৰ পতাকাৰে কাঠৰ কফিনবোৰ ঢাকি ৰাখা হৈছিল ৷ ওচৰতে বাস কৰা এজন গাঁৱৰ লোকে দেওবাৰে দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, বিস্ফোৰণৰ শব্দ শুনি তেওঁ কঁপি উঠিছিল কাৰণ ইয়াৰ পূৰ্বে কেতিয়াও ইমান জোৰেৰে বিস্ফোৰণৰ শব্দ শুনা নাছিল ৷

লগতে পঢ়ক :লোহিত সাগৰত ভাৰত অভিমুখী ৰাছিয়ান জাহাজত হুথী বিদ্ৰোহীৰ আক্ৰমণ - Houthi Rebels Attack

ABOUT THE AUTHOR

...view details