ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী :গাজা ষ্ট্ৰিপত ইজৰাইলে আক্ৰমণ আৰম্ভ কৰাৰ পিছত ইজৰাইলী সেনাৰ ওপৰত হোৱা আটাইতকৈ ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে । ইজৰাইলী সেনাই মঙলবাৰে প্ৰকাশ কৰিছে যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত হোৱা এই ভয়ংকৰ আক্ৰমণত ২১ জন সেনা নিহত হয় । আনহাতে, হামাছৰ বিৰুদ্ধে ইজৰাইল চৰকাৰে প্ৰায় ৩ মাহ ধৰি চলাই থকা যুদ্ধৰ বাবে নিজ দেশতে সমালোচনা বৃদ্ধি পাইছে ।
ইফালে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে পেলেষ্টাইনত শাসনাধিষ্ঠিত হামাছ সন্ত্ৰাসবাদী গোটটোক সম্পূৰ্ণভাৱে নিঃশেষ নকৰালৈকে আৰু গাজাত বন্দী হৈ থকা শতাধিক বন্দীক মুক্ত নকৰালৈকে ইজৰাইলে থমকি নৰয় বুলি ঘোষণা কৰিছে । কিন্তু ইজৰাইলীসকল এই প্ৰশ্নটোত ক্ৰমান্বয়ে বিভক্ত হৈ পৰিছে যে এইটো কৰা সম্ভৱ হ'বনে ।
উল্লেখ্য যে সোমবাৰে গাজাত বন্দী হৈ থকাসকলৰ পৰিয়ালৰ সদস্যসকলে ইজৰাইলৰ সংসদত এখন সমিতিৰ সভাত ব্যাঘাত জন্মায় । তাত তেওঁলোকে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি চিঞৰি চিঞৰি কয় যে গাজাত তেওঁলোক মৃত্যুমুখত পৰিছে আৰু আপোনালোক ইয়াত বহি আছে ।