নেশ্যনেল ডেস্ক, 6 জুন :প্ৰতিবছৰে বিশ্বজুৰি ৭ জুনত বিশ্ব যত্ন দিৱস পালন কৰা হয় । মানুহ সামাজিক প্ৰাণী ৷ মানুহক জীয়াই থাকিবলৈ মৰম আৰু যত্নৰ প্ৰয়োজন ৷ আমাৰ সকলোৰে জীৱনত এনে কিছু লোক আছে যিয়ে আমাক জীৱনৰ এই যাত্ৰাত সংগ দিয়ে, যিসকলে আমাক মৰম আৰু যত্নৰে উপচাই তোলে ৷ আজিৰ এই বিশেষ দিনটো এইসকল লোকৰ সৈতে পাৰ কৰক ৷
কেয়াৰিং ব্ৰিজে যোৱা 25 বছৰ ধৰি এনে এক পদক্ষেপ হাতত লৈ আহিছে যিয়ে সকলোকে যত্ন লোৱা লোকসকলক প্ৰশংসা কৰিবলৈ আৰু তেওঁলোকৰ যত্ন ল'বলৈ উৎসাহিত কৰে । এই যে আমি কাৰোবাক সোধো দিনটো কেনেদৰে পাৰ হ'ল বুলি আন্তৰিকতাৰে সোধো, ইয়ে সেি বিশেষ ব্যক্তিজনৰ প্ৰতি আপোনাৰ মৰম আৰু যত্ন প্ৰতিফলিত কৰে ৷ এনে এটা মেছেজ তথা এনে এষাৰ বাক্যই এগৰাকী ব্যক্তিৰ সামগ্ৰিক সুস্থতা উন্নত কৰিব পাৰে ।
আজিৰ প্ৰতিযোগিতামূলক পৃথিৱীত, প্ৰকৃততে আপোনাৰ বিষয়ে চিন্তা কৰা ব্যক্তি থকাটো এক আশীৰ্বাদস্বৰূপ । আপোনাৰ সুখ-দুখ, উত্থান-পতন, সৰু অথবা ডাঙৰ মুহূৰ্ত এই সকলো সময়তে এনে লোকে যেতিয়া আপোনাৰ লগ দিয়ে তেতিয়া আপোনাৰ বেয়া সময়ো সুখকৰ সময়লৈ পৰিৱৰ্তিত হয় ৷
উদাহৰণ স্বৰূপে, যেতিয়া কোনোবা এগৰাকী লোক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয়, তেতিয়াই আপোনাৰ সমৰ্থন আৰু যত্নে তেওঁৰ স্বাস্থ্যলৈ পৰিৱৰ্তন আনিব পাৰে ৷ সেই সময়ত সেইজন মানুহে যেতিয় অনুভৱ কৰে যে তেওঁ অকলশৰীয়া নহয় তেতিয়া মহৌষধিস্বৰূপ হৈ পৰে ৷
বিশ্ব যত্ন দিৱসৰ ইতিহাস
১৯৯৭ চনৰ ৭ জুনত ব্ৰিগিদ নামৰ এটা নৱজাতকৰ জীৱনৰ ওপৰত আধাৰিত কৰি বিশ্ব যত্ন দিৱসৰ বাবে অনুপ্ৰেৰণা লাভ কৰা হৈছিল । অকালতে শিশুটো জন্ম হোৱাৰ পিচত, ছফ্টৱেৰ অভিযন্তা সোণা মেহৰিঙে প্ৰথম কেয়াৰিংব্ৰিজ নামৰ এটা ৱেবছাইট সৃষ্টি কৰিছিল । সোণাই বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ পৰা কেঁচুৱা ব্ৰিগিডৰ স্বাস্থ্যৰ বিষয়ে অনলাইনত আপডেট কৰাৰ পিচতে পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল ।
বিশ্ব যত্ন দিৱসৰ তাৎপৰ্য
বিশ্ব যত্ন দিৱসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাৰ্তা হৈছে আপোনাৰ এষাৰ মৰমৰ মাত অথবা অলপ যত্ন ৷ আমি প্ৰায়ে, কাৰোবাৰ সুস্থতা, কাৰোবাক আবেগিকভাৱে সংগ দিয়াৰ দৰে সৰু সৰু কথাবোৰ হৈছে আটাইতকৈ এই বিশ্ব যত্ন দিৱসৰ লক্ষ্য । এই সৰু সৰু ব্যৱহাৰে কেতিয়াবা কাৰোবাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে।
আত্ম-যত্নৰ তাৎপৰ্য হৈছে বিশ্ব যত্ন দিৱসৰ পৰা আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ । আনৰ যত্ন লোৱাৰ লগতে নিজৰ প্ৰয়োজনীয়তাৰ বিষয়েও পাহৰি যাব নালাগে । কিন্তু মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ যে পেছাদাৰী আৰু ব্যক্তিগত বিকাশৰ বাবে আনৰ লগতে নিজৰো যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ ।
কাৰোবাক যত্ন ল'ব পৰা সৰল উপায়
-কাৰোবাকআন্তৰিকতাৰে সুধিব তেওঁ কেনে আছে ?