গুৱাহাটী, 14 মাৰ্চ: সাধাৰণতে এগৰাকী লোকে যেতিয়া সকলো ফালৰ পৰা আঘাত পায়, সমস্যাই আৱৰি ধৰে, ব্যক্তিগৰাকীয়ে তেওঁৰ জীৱনৰ সকলো পথ বন্ধ হৈ যোৱা অনুভৱ কৰে তেতিয়া মানুহ এজনে আত্মহত্যাৰ পথ বাছি লয় ৷ আত্মহত্যা হৈছে ইচ্ছাকৃতভাৱে সৃষ্টি কৰা কাৰ্য য'ত ব্যক্তিগৰাকীয়ে নিজকে আঘাত কৰে বা নিজৰ জীৱন ত্যাগ কৰে ৷ আত্মহত্যাৰ কাৰণ বহুত হ'ব পাৰে ৷ যেতিয়া কোনো এজন ব্যক্তি মানসিকভাৱে ভাগি পৰে তেতিয়া বহুসময়ত এনে পথ বাছি লোৱা দেখা যায় ৷
এগৰাকী ব্যক্তিয়ে কোনো এটা সমস্যাত দীৰ্ঘদিন ধৰি ভুগি থকাৰ ফলত ব্যক্তি গৰাকীৰ মগজুত ভিন্ন ধৰণৰ বেয়া চিন্তা বা নেতিবাচক চিন্তা অহা দেখা যায় ৷
নেতিবাচক চিন্তা অহাৰ ফলত মানুহগৰাকী প্ৰতিদিনে নিৰাশাবাদী হোৱা দেখা যায় ৷ মানসিক সমস্যা ভিতৰত Depression এটা ডাঙৰ কাৰণ ৷ Depressionৰ বলি হৈ বহুসময়ত মানুহে আত্মহত্যাৰ পথ বাছি লোৱা পৰিলক্ষিত হয় ৷ স্কিজ’ফ্ৰেনিয়া, ডিপ্ৰেচন, বাইপোলাৰ ডিচঅৰ্ডাৰ, এলকহ'লিজম আৰু নিচাজাতীয় দ্ৰব্য সেৱন আদিৰ দৰে বহু মানসিক ৰোগৰ বাবে মানুহে এনেধৰণৰ সিদ্ধান্ত লোৱা দেখা যায় ৷