পঁইতা ভাত, পখালা, পান্তা ভাত, বছিয়া ভাত আৰু কাঞ্জী নামেৰে পৰিচিত এই বিখ্যাত ব্যঞ্জনক শেহতীয়াকৈ টেষ্ট এটলাছৰ আটাইতকৈ বেয়া খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । কিন্তু এই খাদ্যত থকা পুষ্টিকৰ উপাদানৰ বাবে ইয়াক এবিধ উৎকৃষ্ট খাদ্য হিচাপে গণ্য কৰা হয় । বৈজ্ঞানিক অধ্যয়নেও এই সিদ্ধান্তত উপনীত হৈছে যে সাধাৰণ সিজোৱা চাউলতকৈ পঁইতা ভাতত অধিক পুষ্টিকৰ উপাদান থাকে ৷ আজি এই প্ৰতিবেদনৰ জৰিয়তে ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক-
- ভাতক কিম্বন কৰি পঁইতা ভাত তৈয়াৰ কৰা হয় । এই প্ৰক্ৰিয়াই উপকাৰী বেক্টেৰিয়াক প্ৰসাৰিত কৰে, যিয়ে পাচনতন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে । পঁইতা ভাত খালে পেট ফুলা, গেছ আৰু বদহজমৰ দৰে সমস্যা দূৰ হয় ।
- গ্ৰীষ্মকালত শৰীৰক ই হাইড্ৰেট কৰি কৰি ৰখাত যথেষ্ট সহায় কৰে । ওড়িশাত পঁইতা ভাত পানী আৰু দৈৰ দ্বাৰা তৈয়াৰ কৰা হয়, যিয়ে শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে । ইয়াৰ উপৰিও হিটষ্ট্ৰ’কৰ আশংকাও হ্ৰাস কৰে ।
- পঁইতা ভাতত প্ৰ’বায়’টিক পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে । শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত ইহঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
- পঁইতা ভাতত কেলৰি কম হোৱাৰ বাবে সোনকালে পেট পূৰ কৰাত সহায় কৰে, যাৰ ফলত বাৰে বাৰে ভোক অনুভৱ কৰাৰ সমস্যা কম হয় । ইয়াৰ উপৰিও শৰীৰৰ চৰ্বি কমোৱাতো ই সহায় কৰে ।
- পঁইতা ভাতত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ভিটামিন বি১২ আৰু কেলচিয়ামৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায় । এয়া স্বাস্থ্যৰ বাবে অতি উপকাৰী ।
- পঁইতা ভাত বনাবলৈ বাকী থকা ৰৈ যোৱা ভাত ৰাতিটো পানীত তিয়াই ৰখা হয় । পুৱা দৈ, নিমখ, জলকীয়া, আদা আৰু পদিনা চাটনি, আলু পিটিকা, পিঁয়াজ দি ভালদৰে মঠি প্ৰস্তুত কৰা হয় । আপুনি আপোনাৰ পছন্দ অনুসৰি ইয়াত আৰু অধিক বস্তু যোগ কৰিব পাৰে যেনে অন্য ভাজি ইত্যাদি । পুৱাৰ আহাৰত আনকি দুপৰীয়াৰ আহাৰতো পঁইতা ভাত আপুনি খাব পাৰে । গৰমত সতেজ কৰি ৰাখিবলৈ এয়া এক উত্তম বিকল্প ।