ETV Bharat / bharat

মোৰ দেশ মোৰ কাষত থিয় দিছে: বিনেশ ফ’গাট - Vinesh Phogat Poll Campaign

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 10:58 PM IST

Vinesh on Brij Bhushan Sharan: দেওবাৰে জিন্দ জিলাৰ জুলানা বিধানসভা সমষ্টিত মল্লযুঁজাৰু বিনেশ ফ’গাটে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে । ইয়াৰ মাজতে বিনেশ ফ’গাটেও ব্রিজ ভূষণ শৰণ সিঙৰ বক্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰে ৷

Vinesh on Brij Bhushan Sharan
বিনেশ ফ’গাট (ANI)

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ: মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু জৰং পুনিয়াই শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰে ৷ দলটোত যোগদানৰ পিছত দেওবাৰে জিন্দ জিলাৰ জুলানা বিধানসভা সমষ্টিত উপস্থিত হয় মল্লযুঁজাৰু বিনেশ ফ’গাটে । জুলানা বিধানসভাৰ আসনৰ পৰা কংগ্ৰেছে বিনেশ ফ’গাটক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰে ৷ বিনেশ ফোগাটক জুলানা পোৱাৰ লগে লগে গাঁওবাসী আৰু খাপ পঞ্চায়তসমূহে উষ্ম আদৰণি জনায় । সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই বিনেশে ব্রিজ ভূষণ শৰণ সিঙৰ বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

বিনেশ ফোগাটৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ:

জুলানা বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফোগাটে কয়, "কাইলৈ ​​আমি আমাৰ কাৰ্যালয় উদ্বোধন কৰিম । দেশে মোক বহুখিনি দিছে । আজি মই যিয়েই নহও কিয়, মল্লযুঁজৰ বাবেই হয় । মই কংগ্ৰেছ পাৰ্টি দলক বহুত ধন্যবাদ দিব বিচাৰো ৷ কেৱল মোক টিকট দিয়াৰ বাবেই নহয়, আমি যেতিয়া ৰাস্তাত বহি আছিলো তেতিয়া প্ৰিয়ংকা গান্ধী আমাৰ লগত আহিছিল ৷ সেই সময়ত আমি অনুভৱ কৰিছিলো যে আমি আমাৰ দেশ এৰি যাব লাগে, কিন্তু তেওঁ (প্ৰিয়ংকা গান্ধী) কৈছিল যে আমি সাহস হেৰুৱাব নালাগে আৰু আমি এই লোকসকলক মল্লযুঁজৰ জৰিয়তে উত্তৰ দিব লাগে ।"

ব্রিজ ভূষণ শৰণৰ বক্তব্যৰ প্রতিক্ৰিয়া :

বিনেশ ফ’গাটে কয় যে এইসকল লোক দৰ্শক নহয়, মোৰ নিজৰ হয় । এতিয়া নতুন জীৱনৰ যুঁজ । তেওঁলোকৰ আশীৰ্বাদেৰে আমি এইটোও জয় কৰিম । যেতিয়া ৰে’লৱেত পদত্যাগ গ্ৰহণ কৰা নহ’ল, তেতিয়া বিনেশে কয় যে এয়াই পৰৱৰ্তী প্ৰক্ৰিয়া । এই বিষয়ে প্ৰক্ৰিয়া চলি আছে । আইনগতভাৱে সকলো প্ৰস্তুত কৰা হৈছে । ব্রিজভূষণ শৰণৰ এই বক্তব্য সন্দর্ভত বিনেশ ফ’গাটে কয় যে ব্রিজভূষণ এখন দেশ নহয় ৷ মোৰ নিজৰ মানুহবোৰ মোৰ লগত থিয় হৈ আছে । মোৰ বাবে তেওঁলোকেই গুৰুত্বপূৰ্ণ । ব্রিজ ভূষণৰ মোৰ বাবে কোনো গুৰুত্ব নাই৷ এই যুদ্ধতো মোৰ লগত থিয় হৈ থকা মানুহৰ আশীৰ্বাদত জয়ী হম ।

কি কৈছিল ব্রিজ ভূষণ সিঙে:

বিনেশৰ ৰাজনৈতিক প্রৱেশৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ব্রিজ ভূষণ সিঙে কয় যে ইয়াৰ দ্বাৰা প্রমাণিত হৈছে যে মহিলা মল্লযুঁজাৰুসকলে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা যৌন অভিযোগৰ আঁৰত ষড়যন্ত্র আছে আৰু লগতে তেওঁলোকে পিছত প্রতিবাদ মঞ্চস্থ কৰিছে ৷ সূত্ৰৰ পৰা জানিব পৰা মতে, মল্লযুঁজাৰুৰ সৈতে আৰু কোনো অপ্ৰয়োজনীয় বিতৰ্কত নামিবলৈ অনুৰোধ জনাই বিজেপি নেতৃত্বই ব্রিজ ভূষণক গেগ অৰ্ডাৰ জাৰি কৰিছে।

অলিম্পিকত পদক লাভ নকৰাৰ বিষয়ে বিনেশে কি ক’লে:

ব্রিজ ভূষণৰ এই মন্তব্যৰ কথা উল্লেখ কৰি বিনেশ ফ’গাটে কয় যে ৰাষ্ট্রীয় পর্যায়ত সফলতাৰে প্রতিযোগিতা কৰি ব্রিজ ভূষণক ভুল প্রমাণিত কৰি অলিম্পিক সন্দর্ভত তেওঁৰ মন্তব্যক কোনেও গুৰুত্ব নিদিয়ে ৷ বিমানবন্দৰৰ পৰা ওলাই অহাৰ দিনাই পদক লাভ নকৰাৰ যন্ত্ৰণা আৰু দেশবাসীয়ে মোক যি মৰম দিছিল, সেই সকলো কষ্ট তেতিয়া নিজেই গুচি গৈছিল বুলিও কয় বিনেশে ।

বিনেশ আৰু বজৰঙৰ কংগ্ৰেছত যোগদান:

শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰে বিনেশ ফ’গাট আৰু মল্লযুঁজাৰু বজৰং পুনিয়াই । কংগ্ৰেছ দলত যোগদান কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে জুলানা বিধানসভা সমষ্টিৰ পৰা বিনেশ ফ’গাটক দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হয় । আনহাতে বজৰং পুনিয়াক সৰ্বভাৰতীয় কিষাণ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি নিযুক্তি দিয়া হৈছিল । টকিঅ’ অলিম্পিকত বজৰং পুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে বিনেশ ফ’গাটে যোৱা মাহত পেৰিছত অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয় যদিও ওজনৰ বিতৰ্কৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয় ।

লগতে পঢ়ক: হিতে বিপৰীত হোৱাৰ সম্ভাৱনা: বিনেশ ফোগাট-বজৰং পুনিয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী - VINESH PHOGAT AND BAJRANG PUNIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.